নাৰায়ণপুৰ : দক্ষিণ কোৰিয়াৰ ছাংৱনত অনুষ্ঠিত ৫২ সংখ্যক আই এছ এছ এফ বিশ্ব চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰি যোৱা ৭ ছেপ্টেম্বৰত শ্বুটিঙত পুৰুষৰ জুনিয়ৰ শাখাত ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ পদক জিনি অসমৰ লখিমপুৰ জিলাৰ সু-সন্তান হৃদয় হাজৰিকাই আজি বিয়লি গৃহভূমি নাৰায়ণপুৰত ভৰি দিয়াৰ লগে লগে এক উত্সৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ হৃদয়ৰ উপস্থিতিত সকলোৱে আনন্দ-উল্লাস কৰি ফটকা ফুটাই আবতৰীয়া দেৱালী উদযাপন কৰে৷ উল্লেখযোগ্য যে গুৱাহাটীৰ ছাউথ পইন্ট বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত তথা মাথোঁ সোতৰ বছৰ বয়সতে বিশ্ব ক্ৰীড়া ক্ষেত্রত নিজৰ নাম সোণোৱালী আখৰেৰে লিখিবলৈ সক্ষম হোৱা হৃদয় হাজৰিকা নাৰায়ণপুৰ মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰত্ হাজৰিকা আৰু ইভা হাজৰিকাৰ একমাত্ৰ পুত্র৷
আজি বিয়লি হৃদয়ে গৃহ জিলা লখিমপুৰত প্ৰৱেশ কৰাৰ লগে লগে জিলাখনৰ পশ্চিম প্ৰান্তৰ সীমান্ত হাৱাজানত বিভিন্ন দল-সংগঠনৰ হাজাৰ হাজাৰ শুভাকাংক্ষীয়ে আদৰণি জনাই হাৱাজানৰ পৰা বাৰ কিল’মিটাৰ পথ সমদল কৰি হৃদয়ক নাৰায়ণপুৰলৈ আগবঢ়াই আনে৷ ইয়াৰ পাছতে সন্ধিয়া সদৌ লখিমপুৰ জিলা ছাত্র সন্থাৰ উদ্যোগত নাৰায়ণপুৰ আঞ্চলিক ছাত্র সন্থা আৰু নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ সহযোগত নাৰায়ণপুৰৰ বাণী সংঘত আয়োজিত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত স্বৰ্ণজয়ী হৃদয়ক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত হৃদয়ৰ লগতে তেওঁৰ পিতৃ-মাতৃকো ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়৷ লখিমপুৰ জিলা ছাত্র সন্থা, উত্তৰ লখিমপুৰ মহকুমা ছাত্র সন্থা, লখিমপুৰ জিলা ক্ৰীড়া সন্থা, নাৰায়ণপুৰ ক্ৰীড়া সন্থা, নাৰায়ণপুৰ ৰাজহ চক্ৰ কাৰ্যালয়, নাৰায়ণপুৰ নগৰ সমিতি, কোচ ৰাজবংশী ছাত্ৰ সন্থা, দেউৰী ছাত্র সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, অসম গণ পৰিষদ, নাৰায়ণপুৰ প্ৰেছ ক্লাব, গোৰ্খা ছাত্র সন্থা, মেছ কছাৰী যুৱ পৰিষদ, টাই আহোম ছাত্র সন্থা, টাই আহোম যুৱ পৰিষদ, লেখিকা সমাৰোহ সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘ, জ্যেষ্ঠ নাগৰিক সংস্থা, অসম ভলীবল সন্থা, নাৰায়ণপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদ, টীম হিউমেনিটি নাৰায়ণপুৰ, দেউৰী ছাত্র সন্থা, জিলা মুক্তি যুঁজাৰু সন্থাৰ লগতে তিনি শতাধিক বিভিন্ন দল-সংগঠন আৰু কিছু লোকে ব্যক্তিগতভাৱে চেলেং, গামোচা,শৰাই,জাপি, অভিনন্দন পত্ৰৰে হৃদয় হাজৰিকাক অভিনন্দন জনায়৷ নাৰায়ণপুৰ ক্ৰীড়া সন্থাই উক্ত অনুষ্ঠানতে হৃদয়ক বিশ হাজাৰ টকাৰ চেক প্ৰদান কৰে৷
অনুষ্ঠানত ভাষণ দি হৃদয় হাজৰিকাই তেওঁৰ সফলতাৰ বাবে পিতৃ-মাতৃ, সকলো স্তৰৰ প্ৰশিক্ষক আৰু অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে প্ৰাক্তন মন্ত্রী প্ৰেমধৰ বৰা আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকায়ো স্বৰ্ণজয়ী হৃদয়ক সম্বৰ্ধনা জনায় ৷ উল্লেখযোগ্য যে, ২০ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীতে হৃদয়ৰ আন এক শিবিৰ অনুষ্ঠিত হ’ব ৷ অহা অক্টোবৰ আৰু নৱেম্বৰত কুৱেইটত অনুষ্ঠিত হ’ব লগা এছিয়ান এয়াৰ গান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ বাবে হৃদয়ে দিল্লীতে প্ৰশিক্ষণ লৈ থাকিব বুলি জানিবলৈ দিয়ে ৷