Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:15 am

Home » আঞ্চলিক » ৰণ ক্ষেত্ৰত পৰিণত শুকমানাহ পল্লাৰপাৰ হাই মাদ্ৰাছা চৌহদ

ৰণ ক্ষেত্ৰত পৰিণত শুকমানাহ পল্লাৰপাৰ হাই মাদ্ৰাছা চৌহদ


বৰপেটা : বৰপেটা জিলাৰ বজালী মহকুমাৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক পৰিমণ্ডলৰ অন্তৰ্গত শুকমানাহ পল্লাৰপাৰ হাই মাদ্ৰাছাৰ এগৰাকী শিক্ষয়িত্ৰীয়ে মাদ্ৰাছা চৌহদত হাতত দা, লাঠি লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জানিব পৰা মতে উল্লিখিত মাদ্ৰাছাখন কংগ্ৰেছ চৰকাৰৰ আমোলত ২০১৩ চনত চৰকাৰীকৰণ হৈছে।কিন্তু মাদ্ৰাছাখন ১৯৮৬ চনৰ স্থাপনৰ পিছৰ পৰাই শুকমানাহ গাঁৱৰ মমতাজ খাতুন নামৰ মহিলা এগৰাকী আৰবী বিভাগত সহকাৰী শিক্ষয়িত্ৰী হিচাপে আজিলৈকে কাম কৰি আহিছে।মাদ্ৰাছাখনৰ অধীক্ষক আৰু তেতিয়াৰ বিদ্যালয় পৰিচালনা সমিতিয়ে চক্ৰান্তমূলকভাৱে ২০১৩ চনত প্ৰাদেশীকৰণৰ সময়ত মমতাজ খাতুনক বাদ দি তাইৰ ঠাইত অন্য এজনক লোকক নিযুক্তি দি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ ফলত মমতাজ খাতুন চাকৰীৰ পৰা বঞ্চিত হয় বুলি অভিযোগ উঠিছে। 
এই সংক্ৰান্তত বঞ্চিত শিক্ষয়িত্ৰী গৰাকীয়ে উচ্চ ন্যায়ালয়ৰ লগতে শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰাৰ পাছতো কোনো ন্যায় নোপোৱাত অৱশেষত ক্ষুব্ধ হৈ আজি ৰাতিপুৱা ৯ বজাত মাদ্ৰাছা চৌহদত হাতত দা, লাঠি লৈ মমতাজ খাতুনে হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে মাদ্ৰাছা খনৰ বাগিছা তথা গছ-গছনি কাটি তহলিং কৰে।পৰিৱেশ অধিক জটিল হোৱাত ভৱানীপুৰ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত উপ আৰক্ষী বিষয়াই উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।উক্ত ঘটনাৰ নিৰপেক্ষ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি