Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 8:50 am

Home » আঞ্চলিক » বাক্সাৰ গোৱৰ্ধনাৰ পৰা সীমান্ত আৰক্ষীৰ বিৰুদ্ধে গণ বিপ্লৱৰ হুংকাৰ

বাক্সাৰ গোৱৰ্ধনাৰ পৰা সীমান্ত আৰক্ষীৰ বিৰুদ্ধে গণ বিপ্লৱৰ হুংকাৰ

গোৱৰ্দ্ধনা যুৱ কল্যাণ সংঘৰ উদ্যোগত ঈদ উপলক্ষে ষষ্ঠ বাৰ্ষিক মুকলি ও বঁটা বিতৰণী সভা।

৭ জুন গোৱৰ্ধনাঃ
কালি গোৱৰ্দ্ধনা যুৱ কল্যাণ সংঘৰ উদ্যোগত ঈদ উল ফিত উপলক্ষে ষষ্ঠ বাৰ্ষিক মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়। স্থানীয় সমাজ সেৱক আব্দুলা আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত এ.পি.আই.চি.আৰৰ সাধাৰণ সম্পাদক তথা আমছুৰ প্ৰাক্তন শিক্ষা ও আলোচনী সম্পাদক¸ ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ উঠি অহা যুৱ নেতা সাহজাহান আলী আহমেদে উপস্থিত থাকি ডি ভোটাৰ আৰু এন আৰ চিৰ বিষয়ে বিতংভাৱে আলচনা কৰে। তেওঁ কয় যে ডি ভোটাৰৰ নামত সীমান্ত আৰক্ষীৰ স্বৈচাৰী নীতি বন্ধ নকৰিলে অনাগত দিনত ৰাইজৰ সহযোগত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব। সীমান্ত আৰক্ষীয়ে স্বদেশী নাগৰিকক অন্যায় ভাবে অত্যাচাৰ কৰি থাকিলে গণ বিপ্লৱৰ সন্মূখীন হ’ব লাগিব বুলি সকিয়াই দিয়ে।
তেওঁ লগতে সামাজিক¸ ৰাজনৈতিক আৰু শৈক্ষিক পৰিৱৰ্তনৰ বাবে যুৱ শক্তি যাগ্ৰত হ’ব লাগিব আৰু সমাজ সংস্কাৰৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলি মত ব্যক্ত কৰে। তেওঁ তাৎপৰ্যপূৰ্ণ ভাবে কয় যে- আমি যুৱ সমাজে প্ৰয়োজনত ৰাজনৈতিক ক্ষমতা সস্তগত কৰিব লাগিব বুলি মন্তব্য প্ৰদান কৰে। সভাত উপস্থিত থাকে বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন¸ ডঃ এ পি জে আব্দুল কালাম জাতীয় বিদ্যালয় ৰ অধ‍্যক্ষ নজৰুল আলী আহমেদ¸ ৭ নং গোৱৰ্দ্ধনা ভিচিডিচিৰ চিয়াৰমেন আয়নাল হক, বৰপেটাৰোড আঞ্চলিক আমছুৰ সভাপতি আমিৰ হুছেইন, স্থানীয় কণ্ঠশিল্পী মকিবৰ ৰহমানৰ লগতে বিভিন্ন সংগঠনৰ যুৱ নেতাসকলে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উক্ত মুকলি সভাৰ শেষত শিল্পী ৰুনিতা ইয়াছমিনে গীতৰ শৰাই আগবঢ়ায়৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি