Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:42 am

Home » দেশ-বিদেশ » কি আছে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ ৰ খচৰা প্ৰতিবেদনত

কি আছে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ ৰ খচৰা প্ৰতিবেদনত

দেশৰ শিক্ষাৰ আমূল সংস্কাৰৰ বাবে ইছৰোৰ পূৰ্ব মুৰব্বী প্ৰসিদ্ধ বিজ্ঞানী তথা JNU প্ৰাক্তন আচাৰ্য ড° কুমাৰস্বামীৰ কস্তুৰীৰংগণৰ অধ্যক্ষতাৰ কমিটিখনে নতুন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ হাতত অৰ্পণ কৰা খচৰা প্ৰতিবেদনত স্কুলীয়া শিক্ষাৰ পৰিবৰ্তনৰ বাবে কি প্ৰস্তাৱ ৰখা হৈছে—
• ৩ বছৰৰ বয়সৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ হ’ব৷
• শিক্ষাৰ অধিকাৰ আইন ২০০৯ক বিস্তাৰিত কৰি পূৰ্ব ৬-১৪ বছৰৰ শিক্ষাৰ্থীৰ পৰিৱৰ্তে এতিয়া ৩ বছৰৰ পৰা ১৪ বছৰৰ শিক্ষাৰ্থীক আইনৰ অধীনত সাঙুৰি লোৱাৰ প্ৰস্তাৱ৷
• বিলুপ্তি সাধনৰ প্ৰস্তাৱ মেট্ৰীক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।
• আৰম্ভ কৰা হ’ব পূৰ্ব ১০+২ ব্যৱস্থাৰ পৰিবৰ্তে ৫+৩+৩+৪ স্কুলীয়া শিক্ষাৰ নতুন ব্যৱস্থা।
• নৱম , দশম , একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যোগ্যতাৰ ফলাফল ষাণ্মাসিক (Semester) পদ্ধতিত নিৰূপন কৰা হ’ব। য’ত মুঠ ৮ টা ষান্মাসিক থাকিব ।
• মুঠ চাৰিটা স্তৰত হ’ব স্কুলীয়া শিক্ষা—
• মৌলিক স্তৰ বা প্ৰাক প্ৰিপাৰেটৰী ৫ বছৰ । য’ত প্ৰাক প্ৰাথমিক ৩ বছৰ আৰু থাকিব প্ৰথম, দ্বিতীয় শ্ৰেণী৷
• প্ৰিপাৰেটৰী বা প্ৰাথমিক স্তৰ ৩ বছৰ। তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী৷
• মাধ্যমিক স্তৰ ৩ বছৰ। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী।
• উচ্চ স্তৰ ৪ বছৰ। নৱম, দশম , একাদশ আৰু দ্বাদশ শ্ৰেণী।
• সুকীয়া হায়াৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজৰ ব্যৱস্থা বিলুপ্তি সাধন হ’ব। চেকেণ্ডাৰী শিক্ষাৰ অধীনলৈ এই ব্যৱস্থা যাব।
• নতুন শিক্ষক অন্তভুক্তিৰ নূন্যতম যোগ্যতা ৪ বছৰীয়া B.Ed. পাঠ্যক্ৰম।
• শিক্ষাৰ (Education) বাহিৰে অন্য বিষয়ত স্নাতক প্ৰাৰ্থী সকলে কৰিব পাৰিব ২ বছৰীয়া B.Ed পাঠ্যক্ৰম কেৱল ৪ বছৰীয়া B.Ed পাঠ্যক্ৰমৰ অধীনত! ( অষ্পষ্ট— এই বিষয়ত )
• কেৱল প্ৰতিষ্ঠিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উপলব্ধ হ’ব ৪ বছৰীয়া B.Ed পাঠ্যক্ৰম।
• বন্ধ কৰা হ’ব নিম্নমানৰ চৰকাৰী/প্ৰাইভেট B.Ed শিক্ষা প্ৰতিষ্ঠান।
• D.El.Ed অৰ্হতাৰ প্ৰতিষ্ঠান নাথাকিব। পূৰ্বৰ ২ বছৰীয়া D.El.Ed বা B.Edক এতিয়াৰ পৰা কেৱল B.Ed নামেৰেহে জনা যাব।
• শিক্ষক বা বিষয় শিক্ষকৰ বাবে TET উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক। TETৰ লগত বাধ্যতামূলক সংলগ্ন থাকিব ৫-৭ মিনিটৰ এটা ডেমু ক্লাছ।
• UGC আঁতৰাই NHERA ( National Higher Education Regulatory Authority) গঠনৰ প্ৰস্তাৱ।
• Open & Distance Learning ( মুক্ত আৰু দূৰ শিক্ষা- ODL ) শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম বাহাল থাকিব আৰু ODL এতিয়াৰে পৰা NAACৰ অধীনত বিচাৰধীন।
• স্কুলীয়া শিক্ষাত ষষ্ঠমানৰ পৰা দ্বাদশমানলৈ তিনিটা ভাষা বাধ্যতামূলক। ইংৰাজী-হিন্দী-আঞ্চলিক ভাষা। (দক্ষিণ ভাৰতত হিন্দী ভাষা শিক্ষণক লৈ আৰম্ভনিতেই তীব্ৰ প্ৰতিবাদ বিতৰ্ক হোৱাত এই প্ৰস্তাৱত শুধৰণি কৰা হৈছে)
• ছাত্ৰ – শিক্ষকৰ অনুপাত ৩০ : ১৷
• মিড-ডে মিলত প্ৰাতঃআহাৰৰ ব্যৱস্থা ৷
• Private বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এতিয়াৰে পৰা Public শব্দটো স্কুলৰ নামৰ লগত ব্যৱহাৰ কৰিব নোৱাৰিব। Public মানে কেৱল চৰকাৰী বা চৰকাৰী অনুমোদিত বিদ্যালয়কহে সাঙুৰি লোৱা হ’ব।
• কেন্দ্ৰৰ MHRD বা মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ নাম সলনি কৰি EM বা শিক্ষা মন্ত্ৰালয় কৰাৰ প্ৰস্তাৱ৷
• বিশ্বৰ শীৰ্ষ ২০০খন বিশ্ববিদ্যালয়ক ভাৰতত শাখা খোলাৰ বাবে অনুমতি প্ৰদান৷
• ৰাজ্য আৰু কেন্দ্ৰৰ মাজত সম্পৰ্ক ৰক্ষা কৰাৰ বাবে “ৰাষ্ট্ৰীয় শিক্ষা আয়োগ” গঠনৰ পোষকতা। এই আয়োগৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু য’ত পাৰিষদ হিচাপে থাকিব দেশৰ মুখ্য ন্যায়াধীশ, লোকসভাৰ অধ্যক্ষ, বিৰোধী দলপতি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তথা একাংশ শিক্ষাবিদ।
দেশত স্কুলীয়া শিক্ষাৰ আমূল পৰিবৰ্তন সাধনৰ লক্ষ্যৰে প্ৰসিদ্ধ বিজ্ঞানী ড° কস্তুৰীৰংগণৰ সমিতিয়ে কেন্দ্ৰক আগবঢ়োৱা প্ৰস্তাৱ সমূহ দেশৰ বিদ্বৎ মহলে কেনেভাৱে গ্ৰহণ কৰে বা নতুন শিক্ষা মন্ত্ৰীয়ে কোনসমূহ প্ৰস্তাৱ কাৰ্যকৰী কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব সমগ্ৰ শিক্ষাৰ সংস্কাৰৰ দিশটো। বিশেষকৈ মেট্ৰীক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বিলোপ সাধন কৰি চেমিষ্টাৰ পদ্ধতি প্ৰয়োগ কৰিব বিচৰা প্ৰস্তাৱটোত সমূহ ৰাজ্য চৰকাৰ তথা দেশৰ বিজ্ঞ-উচ্চ শিক্ষিত মহলৰ প্ৰতিক্ৰীয়া পৰামৰ্শ মতামত আগত লৈ নতুন শিক্ষামন্ত্ৰীয়ে আগবঢ়া উচিত। আপুনিও চৰকাৰক নিজৰ অভিমত মুকলিকৈ ব্যক্ত কৰক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০১৯ৰ সন্দৰ্ভত৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি