Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:20 am

Home » সম্পাদকীয় » অথঃ NRC সংবাদ

অথঃ NRC সংবাদ

2015ইং চনৰ পৰা আৰম্ভ হোৱা NRCৰ কাম আজিলৈকে শেষ হোৱাৰ কোনো সম্ভাৱনা দেখা যোৱা নাই। উচ্চতম ন্যায়ালয়ে NRC প্ৰকাশৰ তাৰিখ সন্দৰ্ভত শেহতীয়াকৈ জাৰি কৰা অধিসূচনা অনুসৰি 2019চনৰ 31আগষ্টেই হব লাগিব চূড়ান্ত NRC প্ৰকাশৰ অন্তিমটো দিন। এই তাৰিখটোক আৰু কোনোপধ্যেই বঢ়াব নোৱাৰিব বুলিও উচ্চতম ন্যায়ালয়ে NRC সমন্বয়ক প্ৰতীক হাজেলাক সকীয়াই থৈছে। 
শেহতীয়া অধিসূচনাক সাঙুৰি উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে 7বাৰ NRC প্ৰকাশৰ তাৰিখ সন্দৰ্ভত অধিসূচনা জাৰি কৰিলে। শেহতীয়াকৈ NRCৰ কাম কাজৰ গতিৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে NRCৰ পূৰ্ণ তালিকাখন অহা 31আগষ্টত প্ৰকাশ কৰাটোও প্ৰায় অসম্ভৱৰ দৰে। কাৰন শেহতীয়াকৈ NRCৰ নিস্পত্তিকাৰী বিষয়া আৰু চাপৰ্টিং ষ্টাফক যোৱা ফেব্ৰুৱাৰী মাহতেই হৈ যোৱা speaking order সমুহ পুনৰাই লিখিব দিছে। এই order সমূহ বাৰে বাৰে সলনি কৰি থাকিবলগীয়া হোৱাৰ বাবেও যথেষ্ট সময়ৰ অপচয় হৈছে। এই পৰ্যন্ত এই অৰ্ডাৰসমূহ তিনিবাৰকৈ সলনি কৰা হৈছে। আনহাতে ক্লেইমেন্টে জমা দিয়া বহু নথি এতিয়াও office varification কৰিবলৈ বাকী আছে। এনে পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ বাধা সত্বেও কি যুক্তিত nrcৰ পুনৰীক্ষণৰ বাবে মানুহৰ ঘৰে ঘৰে এদিন পূৰ্বে হিয়াৰিঙৰ নোটিচ পঠিওৱা হৈ আছে, সেয়া ৰহস্যৰ আৱৰ্তত। তাকো নামনি অসমৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, কামৰূপ জিলাৰ লোকক এনিশাৰ ভিতৰতে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, ধেমাজি আদি জিলালৈ মাতি পঠিওৱা হৈছে। এয়া কাৰ ষড়যন্ত্ৰ? কোনে nrcখন বন্ধ কৰিব বিচাৰি আছে? নিশ্চিতভাবেই ইয়াৰ সৈতে স্বয়ং চৰকাৰ, প্ৰশাসন, গৃহ বিভাগ, খোদ nrc সমন্বয়ক জড়িত থাকিব লাগিব। এতিয়ালৈকে 7বাৰতকৈও অধিকবাৰ nrcৰ হিয়াৰিঙত উপস্থিত হৈ হৈ মানুহৰ ধৈৰ্যৰ বান্ধ ছিগি গৈছে। ধন, জন, সময়ৰ অপচয় হৈছে। মানুহ আতংকিত হৈছে। হতাশাগ্ৰস্ত হৈ এতিয়ালৈকে বহুলোকে আত্মহত্যা কৰিবলৈও বাধ্য হৈছে। হিয়াৰিঙৰ পৰা আৰম্ভ কৰি, দাবী, আপত্তি, বায়মেট্ৰিক, পুনৰীক্ষণ আদিৰ নামত ইতিমধ্যেই বহুলোক হাৰাশাস্তিৰ সন্মুখীন হৈছে। NRC কৰ্তৃপক্ষই শেহতীয়াকৈ পঠিওৱা হিয়াৰিঙৰ নোটিচে সৰ্বসাধাৰণ লোকক আৰু বেছি আতংকিত কৰি তুলিছে। আৰু NRCৰ ওপৰত থকা সন্দেহ ক্ৰমশঃ ঘনীভূত হব ধৰিছে।
NRCখনযে হৈ নুঠিব তাৰেই সম্ভাৱনা অধিক । মাজৰ পৰা অসমৰ খাটি খোৱা নিৰীহ জনতাক বানত বিধস্ত হোৱাৰ সময়তো যমৰ যাতনা দি থকা হৈ আছে। অমসৰ শৈক্ষিক জগতখনতো NRCৰ কামে ব্যাপক প্ৰভাৱ পেলাইছে। এজনীয়া, দুজনীয়া শিক্ষক থকা স্কুলৰ শিক্ষককো NRC কামত নিয়োগ নকৰাকৈ থকা নাই জিলা প্ৰশাসন তথা NRCৰ জিলা সমন্বয়কসকলে। অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যৈলয়সমূহৰপৰাও 4/5জনকৈ শিক্ষক NRCৰ কামত লগাই শিক্ষা ব্যৱস্থাক পংগু কৰি পেলোৱা হৈছে। মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি NRCৰ কামত শিক্ষকসকল নিয়োজিত হৈ থকাৰ বাবে বিদ্যালয়সমূহ দিনক দিনে ৰসাতলে গৈ আছে। শিক্ষকসকলো শৈক্ষিক দিশটোৰ পৰা বহুদূৰ আঁতৰি থাকিবলগীয়া হৈ আছে। তেওঁলোকৰ শৈক্ষিক অনুশীলনো দিনক দিনে নোহোৱা হৈ গৈ আছে। সুযোগ পালেই শিক্ষকসকলক এনেদৰে নিৰ্বাচনী কাম, লোকপিয়লৰ কাম, ভোটাৰ তালিকাৰ কামকে আদি কৰি বিভিন্ন কামত ব্যস্ত ৰখা হয়। শিক্ষাৰ উন্নতি কৰ পৰা হ’ব? বিপৰীতে দোধৰ পচলা সদৃশ বিভাগ কিছুমানৰ কৰ্মচাৰীসকলে মাখি মাৰিয়েই দিনৰ দিনটো পাৰ কৰি আছে। সেই দিশটোলৈ কিন্তু চৰকাৰ প্ৰশাসনৰ কোনো কাণসাৰেই নাই।
যিহেতু NRC এটা স্পৰ্শকাতৰ বিষয়, ইয়াৰ সৈতে দেশৰ নিৰাপত্তা, জাতীয়তা, নাগৰিকত্ব বিষয় আদি সাঙুৰ খাই আছে, সেয়ে NRCক সকলো কৰ্মচাৰীয়ে গুৰুত্ব সহকাৰে লৈছে। চৰকাৰী বন্ধকো নেওচি নিচেই পূৱাৰ পৰা নিশালৈকে অবিৰতভাৱে কাম কৰি আছে। কিন্তু দূখৰ বিষয় যে কেবল চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভয় দেখুৱাই একেজন ব্যক্তিক দুদিন পিছে পিছেNRCৰ ভিন ভিন কামত নিয়োজিত কৰাৰ বাবে নিত্য নতুন নিৰ্দেশনা জাৰি কৰি থকা হৈছে। NRCৰ অজুহাত দেখুৱাই বিনামূলীয়াকৈ বহু কৰ্মচাৰীক নিয়োজিত কৰি থকা হৈ আছে। 2015ৰ পৰা nrcৰ কামত নিয়োজিত বহু কৰ্মচাৰীয়ে আজিকোপতি নিজৰ প্ৰাপ্য পাৰিতোষিকখিনিয়েই পোৱা নাই। যোৱা মাৰ্চৰ পৰা এতিয়ালৈকে সময়ে সময়ে নিয়োজিত হৈ অহা বহু কৰ্মচাৰীয়ে তেওঁলোকৰ প্ৰাপ্য পাৰিতোষিকখিনি পোৱা নাই। NRC office, জিলা উপায়ুক্তৰ NRC cell, nsk কেন্দ্রসমূহত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে দূপৰীয়াৰ আহাৰ বা লঘূ আহাৰ, চাহ আদিৰ ব্যৱস্থা তো দূৰৈৰ কথা, এটুপি পানীৰ ব্যৱস্থাও কৰা নাই, NRCৰ উৰ্দ্ধতন কৰ্তৃপক্ষই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা NRCৰ নামত কেন্দ্ৰ চৰকাৰে হাজাৰ হাজাৰ কৌটি টকা আৱণ্টন দিছে যদিও সাধাৰণ কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য ধনখিনিও পোৱা নাই। তেন্তে এই টকাসমূহ কলৈ গৈ আছে? জিলা প্ৰশাসনৰ মূৰব্বী, NRCৰ উৰ্দ্ধতন কৰ্তৃপক্ষই এই টকাসমূহ হৰলুকী কৰি থকা নাইতো? NRCৰ নামতো যে ব্যাপক ঘোটালা হৈ আছে, সেয়া সহজেই অনুমেয়।
শেহতীয়াকৈ NRCৰ পুণৰীক্ষনৰ নামত যিটো ভোকোভাওনা আৰম্ভ কৰা হৈছে, নিশ্চিতভাৱেই NRCৰ কাম মন্থৰ কৰাৰ ই আন এক ষড়যন্ত্ৰ। স্মৰ্তব্য যে অহা নৱেম্বৰ মাহতেই মহামান্য উচ্চতম ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈদেৱে তেখেতৰ কাৰ্যকালৰ পৰা অৱসৰ লব। সেয়ে অহা নৱেম্বৰ মাহলৈ NRCৰ কাম যিকোনো প্ৰকাৰে পিছুৱাব পাৰিলেই খেলা খতম। NRCখন আৰু কোনোকালেই হৈ উঠাৰ সম্ভাৱনা নাথাকিব। NRCখন বন্ধ কৰাৰ বাবে বিভিন্ন পক্ষই উঠি পৰি লগাৰ কাৰনো হয়তো অসমৰ সচেতন ৰাইজে নজনাকৈ থকা নাই। একমাত্ৰ এটা বিশেষ জনগোষ্ঠীৰ লোকক টাৰ্গেট হিচাপে লৈ তেওঁলোকক চাটাই কৰাৰ বাবে যি ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল, সেয়া প্ৰায় বিফল হোৱাৰ পথত। NRCত নাম নুঠিব বুলি আটাইতকৈ বেছি সন্দেহ কৰা জিলাসমূহৰ তুলনাত, খিলঞ্জীয়াৰ (?) প্ৰভাৱ থকা জিলাসমূহত NRCৰ পৰা নাম কাটা যোৱাৰ সংখ্যা বেছি হোৱাৰ সম্ভাৱনাৰ বিপৰীতে এটা বিশেষ জনগোষ্ঠীৰ লোকৰ নাম NRCৰ পৰা বেছিকৈ বাদ পৰাৰ সলনি কোনো ধৰনৰ নথি পত্ৰ নথকা বেছিসংখ্যক লোকৰ নাম হে NRCৰ পৰা বাদ পৰাৰ সম্ভাৱনাই অধিক। কাজেই NRCখন পণ্ড কৰাৰ বাবে ইমানবোৰ নাটক। নিতৌ শিলাদিত্যৰ দ্বাৰা অসমৰ মেডিয়াই বহুৱালি কৰাৰ কাৰণসমূহো ৰাইজে বুজি উঠিছে। কিন্তু কি কৰিব? যত চৰকাৰ, প্ৰসাসন, NRC কৰ্তৃপক্ষ, একাংশ দল সংগঠনেই NRC বন্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে, তেনেস্থলত আমাৰ দৰে সাধাৰণ, অশিক্ষিত, দুখীয়া, দূৰ্বল জনসাধাৰনে নো কি কৰিব? একমাত্ৰ উচ্চতম ন্যায়ালয়েই সাধাৰণ জনতাৰ শেষ ভৰষা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি