Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:51 am

Home » আঞ্চলিক » ৩১ জানুৱাৰীলৈ বৃদ্ধি গণ স্বাক্ষৰ অভিযান

৩১ জানুৱাৰীলৈ বৃদ্ধি গণ স্বাক্ষৰ অভিযান

গুৱাহাটী : সংবিধান বিৰােধী তথা অসমৰ স্বাৰ্থৰ পৰিপন্থী নাগৰিকত্ব (সংশােধনী) আইন, ২০১৯ বাতিল কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে দেশজুৰি সংসদৰ ভিতৰে বাহিৰে লােৱা বিভিন্ন প্রতিবাদ, কার্যসূচীৰ এক অংশ হিচাপে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে গ্রহণ কৰা গণ স্বাক্ষৰ অভিযান ৰাজ্যজুৰি চলি আছে৷ ভাৰতৰ মহামান্য ৰাষ্ট্রপতিলৈ নাগৰিকত্ব (সংশােধনী) আইন, ২০১৯ ক বাতিল কৰিবলৈ দাবী জনাই এক পত্র লিখা হৈছে আৰু এই পত্ৰত সৰ্বসাধাৰণ ৰাইজৰ স্বাক্ষৰ সংগ্ৰহ কৰি থকা হৈছে৷
উল্লেখ্য যে যােৱা বৰ্ষৰ ২৮ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্রেছৰ ১৩৪ তম্ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই গণ স্বাক্ষৰ অভিযান কার্যসূচীৰ আৰম্ভ কৰা হৈছিল৷ এই গণ স্বাক্ষৰ অভিযানত ইতিমধ্যে ৰাজ্যখনৰ জনসাধাৰণৰ আশানুৰূপ সহাঁৰি লাভ কৰা পৰিলক্ষিত হৈছে৷ সেয়েহে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ৈ এই গণ স্বাক্ষৰ অভিযানৰ অন্তিম তাৰিখ অহা ২০ জানুৱাৰীৰ পৰিৱর্তে ৩১ জানুৱাৰী, ২০২০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি