Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:17 pm

Home » আঞ্চলিক » বানৰ কবলত বৰপেটা-বাক্সাৰ বিস্তিৰ্ণ অঞ্চল

বানৰ কবলত বৰপেটা-বাক্সাৰ বিস্তিৰ্ণ অঞ্চল

  • বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বৰপেটা যুৱ কংগ্ৰেছ
  • নেতৃত্বত হাবিব আহমেদ আৰু আশ্রাফুল আলম ছিদ্দিকী
  • মথনগুৰিত বানাক্ৰান্ত লোকৰ দুখ-দুৰ্দশাৰ বুজ
  • ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু
  • দলটোৰ প্ৰাৰ্থী শাজাহান আলী আহমেদৰ

ব্যুৰ’ সংবাদ : এফালে কৰোণাৰ আতংক, আনফালে বানৰ তাণ্ডৱ। উপায়হীন জনতাৰ হাহাকাৰ অৱস্থা৷ ৰাজ্যত অব্যাহত থকা নেৰা নেপেৰা বৰষুণৰ ফলত কি উজনি কি নামনি, চাৰিওফালে কেৱল বানৰ বিভীষিকাময় পৰিস্থিতি৷ শেহতীয়াকৈ বৰপেটা জিলাতো পল্লা আৰু পহুমৰা নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে বৰপেটা সদৰ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিস্তিৰ্ণ অঞ্চল৷ বিগত কে’বাদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি গৈছে পল্লা নৈ আৰু পহুমাৰা নৈৰ জলস্তৰ। ফলত সমষ্টি দুটাৰ সৰহভাগ অঞ্চলৰ বাট-পথ, মথাউৰি আদি ছিগি হোৰাহোৰে সাোমাই আহিছে পানী। খাদ্য সংকটত ভুগিছে মানুহৰ লগতে পশুধন। কিন্তু ইয়াৰ পাছতো বানপীড়িতৰ খবৰ লবলৈ আহৰি নাই কোনো এজন জনপ্রতিনিধি তথা চৰকাৰ প্ৰশাসনৰ। তেনে সময়তে হাবিব আহমেদ আৰু আশ্রাফুল আলম ছিদ্দিকীৰ নেতৃত্বত বৰপেটা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সদস্যসকলে সমষ্টিদুটাৰ বানাক্ৰান্ত লোকৰ খবৰ লৈ গাঁওসমূহ পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি বানাক্রান্ত লোকৰ লগতে পশুধনৰ খাদ্য সামগ্রী যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়৷
ইপিনে বেঁকী নৈৰ বাঢ়নী পানীয়েও বাক্সা জিলাৰ মথনগুৰি সমষ্টিৰ ভিন্ন প্ৰান্ত আজিও বানৰ কবলত৷ বানাক্ৰান্ত লোকৰ দুখ-দুৰ্দশাৰ বুজ লবলৈ আজি তৃতীয় দিনাও সমষ্টিটোৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু দলটোৰ পৰা মনোনীত প্ৰাৰ্থী শাজাহান আলী আহমেদ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি