Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 10:07 am

Home » আঞ্চলিক » অসম » প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী : বিটিচিত ত্ৰিদলীয় মিত্ৰজোঁটৰ চৰকাৰ

প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী : বিটিচিত ত্ৰিদলীয় মিত্ৰজোঁটৰ চৰকাৰ

@ছৈয়দ বুলবুল জামানুৰ হক 
বিজেপি-ইউ পি পি এলৰ আগ্রাসী-ব্যয়বহুল প্রচাৰ আৰু সমালোচনাক ওফৰাই দুর্নীতি, ভ্রষ্টাচাৰ, অধিষ্ঠানবিৰোধী ঢৌৰ ধাৰণাক নিলগাই থৈ বি টি চিত পুনৰ শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছে বি পি এফে। আনহাতে, বি পি এফক প্রতিহত কৰিবলৈ তুমুল যুঁজত অৱতীৰ্ণ হৈছে প্রমাোদ বড়োৰ ইউ পি পি এল। হাগ্রাম মহিলাৰী বি টি চিৰ মুৰব্বী হওক বা নহওক, বি টি আৰবাসীয়ে কিন্তু এইবাৰ বিজেপিৰ পদুম ফুল বা ইউ পি পি এলৰ ট্রেক্টৰৰ সমান্তৰালকৈ বি পি এফৰ নাঙলকো আদৰি ল’লে। সর্বশক্তি প্রয়োগ কৰাৰ পিছতো কিন্তু হাগ্রামা মহিলাৰী আৰু বি পি এফ বি টি আৰৰ পৰা সম্পূর্ণ উৎখাত কৰাত সফল নহ’ল বিজেপি-ইউ পি পি এল। বি টি আৰত সবাতোকৈ ক্ষতিৰ সন্মুখীন হ’ল কংগ্ৰেছ-এ আই ইউ ডি এফ আৰু গণ সুৰক্ষা পার্টী। অবড়ো ভোটৰ বিভাজন ঘটাই লাভবান হ’ল বিজেপি আৰু ইউ পি পি এল। বি টি চিৰ ৪০টা সমষ্টিৰ ভিতৰত বি পি এফে সৰ্বাধিক ১৭ টা, বিজেপিয়ে ৯টা, ইউপি পি এলে ১২টা, কংগ্ৰেছ আৰু গণ সুৰক্ষা পাৰ্টীয়ে এটাকৈ সমষ্টিত বিজয় সাব্যস্ত কৰিছে। 
২০১৫ চনৰ ১খন আসনৰপৰা এইবাৰ বিজেপিয়ে সর্বতোপ্ৰকাৰে চেষ্টা কৰি এইবাৰৰ নিৰ্বাচনত ৯ টা সমষ্টি নিজৰ দখললৈ নি সর্বোত্তম ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ২০২১ৰ বিধানসভা আৰু ২০২৪ চনৰ লোকসভা নির্বাচনত বিজেপিৰ এই ফলাফল গুৰুত্বপূর্ণ বিবেচিত হ’ব। বি টি আৰত দলটোৱে কংগ্ৰেছৰ দৰে ভুল নকৰি নিজৰ সাংগঠনিক ভিত্তি জুখি চালে। 
উল্লেখ্য যে বিজেপিৰ আগ্রাসী প্ৰচাৰৰ বাবেই বি টি আৰৰ সংখ্যালঘু ভোটাৰে আতংকিত হৈ বি পি এফৰ ওচৰ চাপিল। অবড়োৰ ইছুবোৰ লৈ ৰাইজৰ ওচৰ চাপিছিল বিজেপি। সেয়ে বিজেপিৰ প্রতিও ৰাইজ কিছু পৰিমাণে আকৃষ্ট হল। আনহাতে, সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বার্তা লৈ আৰু বি টি আৰ চুক্তি সমালোচনা কৰি ৰাইজৰ ওচৰ চাপিছিল বি পি এফ । তাৰ প্ৰতিও ৰাইজে সঁহাৰি দিলে। ২০০৫ চনত বি পি এফে ২২খন, ২০১০ চনত ৩১খন আৰু ২০১৫ চনত ২০খন আসন লাভ কৰিছিল বি পি এফ দলে। কিন্তু এই পর্যন্ত হোৱা নিৰ্বাচনৰ সবাতোকৈ প্ৰত্যাহ্বানৰ মুখামুখি হৈও এইবাৰ বি পি এফ দলে ভাল ফল দেখুৱাইছে বুলিয়েই ক’ব লাগিব। এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ২৬টা সমষ্টিত, বিপি এফে ৩৭টা সমষ্টিত, গণ সুৰক্ষা পার্টীয়ে ৩৫টাত, ইউ পি পি এলে ৪০টাত, এ আই ইউ ডি এফে ৬টাত প্রার্থী দিছিল। বাক্সা আৰু ওদালগুৰিত বিজেপি আৰু ইউ পি পি এল দলে সামগ্রিকভাৱে ভাল ফল দেখুৱাইছে। এই ক্ষেত্ৰত দুয়োটা দলে দুয়োটা দলক সহায় কৰিলে। দুয়োখন জিলাৰ অবড়ো ভোটাৰ বিজেপিমুখী হোৱাৰ বিপৰীতে অবড়ো ভোটৰ বিভাজনে এই দুখন জিলাত ইউ পি পি এল ভাল ফল দেখুওৱাত সহায় কৰিলে। বিজেপিয়ে বাক্সা জিলাৰ তামুলপুৰ আৰু গোৰেশ্বৰত দুই শক্তিশালী বি পি এফ নেতা ক্রমে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীকে বিজেপিলৈ নি নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল যদিও বাক্সা আৰু ওদালগুৰি জিলাত বি পি এফে আকাংক্ষিত ফলাফল নাপালে যদিও কোকৰাঝাৰ আৰু চিৰাং জিলাত দলটোরে ভাল ফল প্রদর্শন কৰে। 
২০১৫ চনত জিলাখনৰ ৪ টা সমষ্টিতে দলটোৰ দখলত আছিল। আনহাতে তীব্র প্রত্যাহ্বান নেওচি বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে দেবৰগাঁও সমষ্টিত বিজয় সাব্যস্ত কৰে। বি টি আৰ চুক্তিৰ জৰিয়তে এন ডি এফ বিৰ আটাইকেইটা ফৈদে মূলসুঁতিলৈ উভতি আহিছিল। আনকি এন ডি এফ বিৰ কেইবাজনো শীর্ষ নেতাই বি পি এফ, ইউ পি পি এলৰ হৈ নির্বাচনী যুঁজতো অংশ লৈছিল। কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই অবড়ো ভোটৰ ৰাজনীতি কৰি দুৰ্বাৰকৈ সাংসদ হ’ল যদিও এইবাৰ তেওঁৰ দল সফল হব নোৱাৰিলে। অবড়ো ভোটৰ বিভাজনৰ বাবেই মূলতঃ গণ সুৰক্ষা পার্টী অভাৱনীয় বিপর্যয় সন্মুখীন হ’ল। ২০১৫ চনত অবড়ো শক্তিয়ে ৭ খনত, এ আই ইউ ডি এফে ৪ খনত আৰু নির্দলীয়ই ১৫ খনত জয়লাভ কৰিছিল। এতিয়াৰ ইউ পি পি এল তেতিয়া পি চি ডি আৰ ৰূপে আছিল। ২০১৫ৰ তুলনাত এইবাৰ তেতিয়াৰ পি চি ডি আৰ আৰু এতিয়াৰ ইউ পি পি এলৰ ফলাফল ভাল হ’ল যদিও আশা কৰা ধৰণে ফল লাভ নকৰিলে। 
কোনে গঠন কৰিব চৰকাৰ- 
অহা ১৫ ডিচেম্বৰত অনুষ্ঠিত হব বিটিচি চৰকাৰৰ শপতগ্ৰহণ৷ যিহেতু এইবাৰৰ নিৰ্বাচনত কোনো এটা দলে একক সংখ্যাগৰিষ্ঠাত লাভ কৰিবলৈ সক্ষম হোৱা নাই সেয়ে চৰকাৰ গঠনক লৈ সমগ্ৰ বিষয়টো একিয়াও অনিশ্চয়তা বুলিয়েই উল্লেখ কৰিব পাৰি৷ ইতিমধ্যে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰিব বুলি দাবী কৰিলেও বাস্তৱত তাৰ ওলোটা ছবি পৰিলক্ষিত হৈছে৷ কিয়নো নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত হিমন্ত আৰু হাগ্ৰামাৰ চুপতিয়ে বিজেপি-বিপিএফৰ মিত্ৰতাত ফাট মেলিছিল৷ ইপিনে বিজেপি আৰু ইউ পি পি এলৰ আনুষ্ঠানিক প্রাকনির্বাচনী মিত্রতা নাছিল যদিও নিৰ্বাচনী ফলাফল শেষ নৌহওতেই ইউপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰাৰ বাবে ১২ ডিচেম্বৰৰ নিশা মন্ত্ৰী হিমন্ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসক সাক্ষাৎ কৰি আলোচনা মিলিত হয়৷ এই আলোচনা অৱশ্যে সংগ দিয়ে গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা সাংসদ নৱ শৰণীয়া৷ সমগ্ৰ আলোচনা আৰু উৎকন্ঠাৰ অন্তত বিটিচিত ত্ৰিদলীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চত হৈ পৰিছে৷ হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনৰ অৱসান ঘটাই ইউপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োক বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে লৈ বিজেপি, ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ ত্ৰিদলীয় মিত্ৰজোঁটেই বিটিচিত চৰকাৰ গঠন কৰিব৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেলযোগে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে ৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি