Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:22 am

Home » আঞ্চলিক » অসম » হাতীলৈ মৰা গুলী লক্ষ্যভ্রষ্টঃ বনৰক্ষীৰ গুলীত প্রাণ গ’ল দুবছৰীয়াৰ

হাতীলৈ মৰা গুলী লক্ষ্যভ্রষ্টঃ বনৰক্ষীৰ গুলীত প্রাণ গ’ল দুবছৰীয়াৰ

বন্যজন্তু–মানুহৰ সংঘাত, চোৰাং কাঠৰ বেহা ৰোধত চূড়ান্তভাৱে ব্যর্থ হোৱা ৰাজ্যৰ বন বিভাগৰ দায়িত্বজ্ঞানহীনতাত সংঘটিত হ’ল এক ভয়াৱহ ঘটনা৷ বন্যহস্তীৰ জাক খেদি পঠিয়াবলৈ চলোৱা গুলীচালনাত প্রাণ গ’ল এটি দুবছৰীয়া ফুলকুমলীয়া কন্যা শিশুৰ৷ এই শোকাৱহ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকোৰ ৰাজাপাৰা দক্ষিণ শেখাদাৰীত৷ প্রাপ্ত তথ্য অনুসৰি আজি পুৱাৰে পৰা বন্যহস্তীৰ এটা জাকে অঞ্চলটোত ধান খাবলৈ নামি আহি উপদ্রৱ চলাইছিল৷ ভীতিগ্রস্ত গঞাই হাতীৰ জাকটোৰ উপদ্রৱ সন্দর্ভত অৱগত কৰিছিল বন বিভাগক৷ সেই অনুসৰিয়েই বিয়লিৰ ভাগত বন বিভাগৰ এটা দল উপস্থিত হৈছিল দক্ষিণ শেখাদাৰীত৷

আনহাতে, গাঁৱৰ আন লোকসকলৰ লগতে হাতীৰ জাক প্রত্যক্ষ কৰিবলৈ দুবছৰীয়া কন্যা শিশু আর্বি দৈমাৰীসহ ঘৰৰ পৰা ওলাই গৈছিল মালবিকা দৈমাৰী৷ সেই সময়তে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগৰ কর্মচাৰীয়ে শূন্যলৈ চলোৱা গুলীচালনাৰ এটা গুলী আহি আঘাত কৰে মাতৃ মালবিকা দৈমাৰীৰ কোলাত থকা কণমানি আর্বিক৷ লগে লগে মৃত্যু হয় কন্যা শিশুটিৰ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে মাতৃ মালবিকা দৈমাৰীও৷ জানিব পৰা মতে, ডিঙিত আঘাত পাইছে শিশুটিৰ মাতৃয়ে৷ ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে মালবিকা দৈমাৰীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্র অঞ্চলটোতে ব্যাপক উত্তেজনাই বিৰাজ কৰে৷ বন বিভাগৰ গুলীত শিশুটি নিহত হোৱাৰ পাছত স্থানীয় ৰাইজে প্রতিবাদ কৰিবলৈ ওলাই আহে৷ শ শ লোকে এই ঘটনাৰ তদন্তৰ লগতে দোষীক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰি অৱৰোধ কৰে ৰাষ্ট্রীয় ঘাইপথ৷ প্রতিবাদী স্থানীয় লোকসকলক ৰাজপথৰ পৰা আঁতৰাই পঠিয়াবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও উত্তেজিত লোকসকল ৰাজপথৰ পৰা আঁতৰি যাবলৈ অমান্তি প্রকাশ কৰে৷ যাৰ পৰিপ্রেক্ষিতত প্রতিবাদী স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজতো হতাহতি হয় বুলি জানিব পৰা গৈছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দীর্ঘদিন ধৰি বকোৰ শাখাটি, বন্দাপাৰা, ৰাজাপাৰা, শেখাদাৰী আদি অঞ্চলত বন্যহস্তীৰ জাকটোৱে উপদ্রৱ চলাই আহিছে৷ বন বিভাগ আৰু স্থানীয় ৰাইজে হাতীৰ জাকটো খেদি আঁতৰাই পঠিয়ায় যদিও পুনৰ নিশাৰ ভাগত জনাঞ্চললৈ নামি আহি বন্যহস্তীয়ে আৰম্ভ কৰে উপদ্রৱ৷ পুৱাৰ ভাগত হাতীৰ আক্রমণত সঞ্জয় দাস নামৰ এজন লোক আহত হৈছিল৷ ইয়াৰ পাছতে স্থানীয় ৰাইজ আৰু বন বিভাগে হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল৷ কিন্তু শূন্যলৈ চালনা কৰা গুলী কিদৰে আহি শিশুটিৰ শৰীৰত আঘাত কৰিলে, সেয়া এতিয়াও ৰহস্যৰ আৱর্তত৷ কেৱল বকোৱেই নহয়, ৰাজ্যৰ ভিন্ন প্রান্তত হাতী–মানুহৰ সংঘাত এক নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ হাতীৰ আক্রমণত প্রাণ হেৰুৱাইছে কেইবাজনো লোকে৷ বন্যহস্তীৰ জাকে ঠায়ে ঠায়ে তহিলং কৰি আহিছে শস্য পথাৰ আৰু ধ্বংস কৰি আহিছে মানুহৰ ঘৰ–দুৱাৰ৷ তৎসত্ত্বেও হাতী–মানুহৰ সংঘাত প্রতিৰোধৰ বাবে দীর্ঘম্যাদী আৰু সু–সংগঠিত কোনোধৰণৰ ব্যৱস্থা আজি পর্যন্ত গ্রহণ কৰিব নোৱাৰিলে বিয়াগোম বন বিভাগে৷
ইয়াৰ বিপৰীতে বহু সময়ত খবৰ দিয়া সত্ত্বেও বন্যহস্তীৰ উপদ্রৱ ৰোধ কৰিবলৈ সঠিক সময়ত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বনাঞ্চলসমূহ চোৰাং কাঠ বেপাৰীৰ পৰা সুৰক্ষিত কৰাত সম্পূর্ণৰূপে ব্যর্থ হোৱা বন বিভাগৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই শুকুৰবাৰে কণমানি কন্যা শিশুটিয়ে প্রাণ হেৰুৱাবলগীয়া ঘটনাৰ দায়িত্ব কোনে ল’ব, সেয়া এই মুহূর্তৰ সবাতোকৈ ডাঙৰ প্রশ্ণ হিচাপে বিবেচিত হৈছে৷ এই পৰিয়ালটোৰ ক্ষতি হ’ল, সেয়া পূৰণ কৰিবলৈ বন বিভাগে কি ব্যৱস্থা গ্রহণ কৰিব সেয়াও লক্ষণীয় হ’ব৷ সমান্তৰালভাৱে এই ঘটনাৰ উচিত তদন্ত কৰি দোষী বিষয়াক শাস্তি প্রদান কৰিবনে বন বিভাগে? সেয়াও ৰাজ্যবাসীৰ মনত চর্চা লাভ কৰা প্রশ্ন৷
ইফালে বনৰক্ষীৰ চূড়ান্ত দায়িত্বহীনতাত দুবছৰীয়া ফুলকুমলীয়া শিশু গুলীবিদ্ধ হৈ নিহত হোৱা ঘটনাটোৱে সমগ্র অঞ্চলটোত তীব্র উত্তেজনাৰ সৃষ্টি কৰিছে৷ উত্তেজিত ৰাইজে হত্যাকাৰীৰ ফাঁচিৰ দাবীত বকোত উত্তাল প্রতিবাদ সাব্যস্ত কৰি ১৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ বকো আৰক্ষী আৰু অর্ধসামৰিক বাহিনীয়ে লাঠীচালনা কৰে৷ নিশালৈ অঞ্চলজুৰি অব্যাহত আছে উত্তেজনা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি