Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:47 am

Home » আঞ্চলিক » অসম » MLA Sherman Ali Ahmed in Goalpara Court | আদালতত হাজিৰ বিধায়ক শ্বেৰমান আলী

MLA Sherman Ali Ahmed in Goalpara Court | আদালতত হাজিৰ বিধায়ক শ্বেৰমান আলী

২০২১ চনৰ অসম বিধানসভা নির্বাচনৰ আগমুহুর্তত নির্বাচনী প্রচাৰৰ সময়ত প্ৰকাশ কৰা ‘ভিজন ডকুমেন্ট’ত মিথ্যাচাৰৰ আশ্রয় লোৱা বুলি উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত ৰুজু হোৱা গোচৰত বুধবাৰে গোৱালপাৰা জিলা আদালতত হাজিৰ হয় বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ। পুৱা দহমান বজাত বিধায়কগৰাকীয়ে আদালতত হাজিৰ হৈ জামিনৰ বাবে আবেদন কৰে। আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে যোৱা ২০২১ৰ বিধানসভা নির্বাচনৰ
পূর্বে বিধায়ক শ্বেৰমান আলীয়ে এখন ‘ভিজন ডকুমেন্ট’ প্রচাৰ আৰু বিতৰণ কৰিছিল। উক্ত ভিজন ডকুমেণ্টত তেওঁৰ পূৰ্বৰ কার্যকালৰ কাম-কাজৰ খতিয়ান দাঙি ধৰা হৈছিল। কিন্তু ইয়াৰে একাংশ কামত তেওঁৰ কোনো অৰিহণা নথকা সত্ত্বেও তেওঁৰ প্রচেষ্টাৰ বলতেই কামসমূহ সম্পন্ন হোৱা বুলি উক্ত ভিজন ডকুমেণ্টত সন্নিৱিষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰি গোৱালপাৰা আদালতত এক গোচৰ ৰুজু কৰিছিল পৰাজিত প্রার্থী তথা ৰিপাব্লিকান পার্টি অব ইণ্ডিয়া (আথাৱালে)ৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে। মন কৰিবলগীয়া যে কেন্দ্রীয় চৰকাৰৰ মন্ত্রী খোদ ৰামদাস আথাৱালে বাঘবৰত উপস্থিত হৈ একাংশ কামৰ উদ্বোধন কৰিছিল। পিচত বিধায়ক শ্বেৰমান আলী আহমেদে উক্ত কামবোৰ তেওঁৰ উদ্যোগ তথা প্ৰচেষ্টাত কৰা বুলি নিজৰে ভিজন ডকুমেণ্টত সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে গোৱালপাৰা আদালতত গোচৰ তৰিছিল ৰেজাউল কৰিমে। উক্ত গোচৰৰ ভিত্তিত গোৱালপাৰা আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে চমন জাৰি কৰি চলিত বৰ্ষৰ ১০ জানুৱাৰীত তেওঁক আদালতত হাজিৰ হোৱাৰ বাবে নির্দেশ দিছিল। কিন্তু অভিযুক্তই আদালতত হাজিৰ নোহোৱাত পুনৰ ২মার্চত আদালতে আন এক চমন জাৰি কৰে। দ্বিতীয়খন চমন পোৱাৰ পাচতে বিধায়কগৰাকীয়ে আদালতত হাজিৰ হোৱা নাছিল। আদালতে তৃতীয় তথা অন্তিম চমন জাৰি কৰাতহে বুধবাৰে তেওঁ আদালত হাজিৰ হয় আৰু জামিন আবেদন কৰে।
উল্লেখ্য যে বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰি সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত কৰাৰ দাবীত বেজাউল কৰিমে দেশৰ মুখ্য নির্বাচন আয়ুক্তকো শেহতীয়াকৈ আবেদন কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি