Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:11 am

Home » আঞ্চলিক » অসম » Dhing Report | নিতৌ পোহৰলৈ আহিছে ধিং কাণ্ডক লৈ ন ন চাঞ্চল্যকৰ তথ্য

Dhing Report | নিতৌ পোহৰলৈ আহিছে ধিং কাণ্ডক লৈ ন ন চাঞ্চল্যকৰ তথ্য

  • নিতৌ পোহৰলৈ আহিছে ধিং কাণ্ডক লৈ ন ন চাঞ্চল্যকৰ তথ্য
  • পানীত পৰি মৃত্যু হোৱা তফাজ্জুল প্ৰকৃততে বলাৎকাৰত অভিযুক্ত তফাজ্জল নহয়
  •  থানাতে হত্যা কৰি পুখুৰীত পেলাই দিয়া হৈছিল তফাজ্জুলৰ মৃতদেহ
  • মৃত তফাজ্জল, ধর্ষণত অভিযুক্ত তফাজ্জল দুজন ভিন্ন ব্যক্তি
  •  গোচৰ উঠাই ললে ৫০ লাখ টকা, ৫ টা ঘৰ, দুবিঘা মাটি প্ৰদানৰ প্রলোভন
  • মৃত তফাজ্জলৰ পৰিয়ালৰ দাবী আৰক্ষীৰ অকথ্য নির্যাতনতহে মৃত্যু হ’ল তফাজ্জলৰ

অসম আৰক্ষীৰ কৰ্ম কাণ্ডক আপুনি ধিক্কাৰেই নে কি ভাষাৰে গৰিহণা দিব, তাৰ হয়তো শব্দ বা ভাষাই আপুনি বিচাৰি নাপাব। কিয়নো ৰক্ষক ৰূপত থকা আৰক্ষী ভক্ষকৰ ৰূপ ধাৰণ কৰা কোনো নতুন কথা নহয়। কিন্তু শেহতীয়াকৈ আসম আৰক্ষীয়ে যি আৰম্ভ কৰিছে, তাৰ উদাহৰণ চালে সাধাৰণ ৰাইজৰ বাবে আৰক্ষী কেৱল ঘৃণাৰ হে পাত্ৰ হৈ পৰিব।
হয়, বিঙৰ সন্দেহজনক ধর্ষণ কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তফাজ্জল ইছলাম নিহত হৈছিল আৰক্ষীৰ জিম্মাত। তফাজ্জল ইছলামে নিশাৰ অন্ধকাৰত পলায়নৰ প্ৰয়াস কৰি পুখুৰীত জঁপিয়াই নিহত হোৱা বুলি দাবী কৰিছিল নগাঁও আৰক্ষীয়ে। কিন্তু ঘটনাই লৈছে নতুন মোৰ। নিহত তফাজ্জল ইছলামৰ পৰিয়ালে কেইবাটাও বিস্ফোৰক দাবী কৰিছে। তফাজ্জল ইছলামৰ ৭০ বছৰীয়া পিতৃ আব্দুল আরালে দাবী কৰা মতে, ধর্ষণ কাণ্ডৰ অভিযুক্ত তফাজ্জল ইছলাম এজন অন্য যুৱক। আৰক্ষীৰ জিম্মাত নিহত হোৱা তফাজ্জল ইছলামজন তেওঁৰ পুত্ৰ আৰু ধর্ষণ কাণ্ডৰ সৈতে কোনো সম্পর্ক নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপি এই দাবী কৰিছে নিহত মৃত তফাজ্জল ইছলামৰ পিতৃ আব্দুল আরালে। তফাজ্জল ইছলামৰ পিতৃ আব্দুল আরালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পাছতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে পৰিয়ালটোক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। 
গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা গোচৰ প্রত্যাহাৰ কৰিবলৈ আৰক্ষীৰ লোকে হেঁচা দিয়াৰ লগতে ডি-ভোটাৰ কৰাৰ লগতে অন্য গোচৰত পৰিয়ালটোক ফচাই দিয়াৰ ভাবুকি দিয়া বুলিও জানিব পৰা গৈছে। আনহাতে তফাজ্জল ইছলামৰ পৰিয়ালটোক আৰক্ষী থানালৈ মাতি নি আলহীৰ দৰে আব্দাৰ কৰাৰ লগতে মধ্যভোগীৰ দ্বাৰা ৫০ লাখ টকা, দুবিঘা মাটি, ৫টা কোঠাৰ এটা ঘৰ আদি দিয়াৰ প্রলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে। মৃত তফাজ্জল ইছলামৰ পিতৃ আব্দুল আবালে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ টেলিভিচন চেনেলত দিয়া এক সাক্ষাতকাৰত এই কথাসমূহ উল্লেখ কৰিছে।
ঘটনাৰ পাছতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকজন কেবাবাৰো মৃত তফাজ্জল ইছলামৰ ঘৰলৈ গৈ গোচৰ নকৰাকৈ ঘটনাক সমাধান কৰিবলৈ জোৰ দিয়া বুলিও দাবী কৰিছে পিতৃয়ে। ধিঙত এগৰাকী দশমমান শ্রেণীত অধ্যয়নৰত কিশোৰীক তিনি সন্দেহজনক যুবকে শাৰীৰিক শোষণ কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপনৰ পাছতে ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ২৩ আগষ্টৰ পুৱা মুখ্য অভিযুক্ত তফাজ্জল ইছলামক গ্রেপ্তাৰ কৰা হয়। কিন্তু ২৪ আগষ্টৰ নিশা তফাজ্জল ইছলামে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত জাঁপ দিয়াত নিহত হয়। 
তাৰ পাছতে ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল। আৰক্ষীৰ জিম্মাত তফাজ্জ্বল ইছলাম নিহত একাংশ লোকে উল্লাস প্রকাশ কৰাৰ লগতে আন একাংশ লোকে আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু হোৱা কাণ্ডৰ বিৰোধ কৰিছিল। আৰক্ষীৰ জিম্মাত তফাজ্জল ইছলামৰ নিহত হোৱাৰ ঘটনাই নতুন মোৰ লৈছে। অভিযুক্ত তফাজ্জল ইছলামৰ বিপৰীতে আন এজন যুৱক নিহত হোৱাৰ দাবী কৰি এটা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে। পৰিয়ালৰ লোকে আদালতৰ দ্বাবস্থ হোৱাত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। শুনানিব অন্তত আদালতে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ পৰা ঘটনাৰ তথ্যসহ শপতনামা দাখিল কৰিবলৈ কঠোৰ নির্দেশ প্রদান কৰিছে। ৪ সপ্তাহৰ ভিতৰত তথ্য-পাতিসহ শপতনামা দাখিল কৰিবলৈ গৃহ বিভাগ তথা চৰকাৰক কঠোৰ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী শুনানির দিন ৪ নৱেম্বৰৰ ভিতৰত গৃহ বিভাগে জৰুৰীভাবে শপতনামা দাখিল কৰিবলৈ সময়সীমা বান্ধি দিছে আদালতে। 
মুখ্য সচিব, গৃহ বিভাগৰ প্ৰধান সচিব, আৰক্ষী সঞ্চালক প্রধান, নগাঁৱৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক পদকীয়া কৰা হৈছে। আদালতে সকলো পদকীয়াকো উত্তৰ দিয়াৰ জাননী জাৰি কৰিছে। ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে এই নির্দেশ দিছে। নিহত তফাজ্জল ইছলামৰ পিতৃ আব্দুল আৱালে দাবী কৰা মতে, পুত্ৰক অত্যাচাৰ কৰি হত্যা কৰা হৈছে। যিজন তফাজ্জল ইছলাম নিহত হৈছে তেওঁ ধর্ষণ কাণ্ডৰ অভিযুক্তই নাছিল। সেইজন তফাজ্জল ইছলাম অন্য এজনহে আছিল। উল্লেখ্য যে, নগাঁও জিলাৰ ধিং ধর্ষণ কাণ্ডৰ জড়িত থকাৰ অভিযোগত ২৩ আগষ্টৰ পুৱাই ধিং আৰক্ষীয়ে বৰভেটী গাঁৱৰ ঘৰৰ পৰা তফাজ্জলক গ্রেপ্তাৰ কৰিছিল। নিশা অপৰাধ সংঘটিত হোৱা স্থান দেখুৱাবলৈ নি থকা অৱস্থাত তফাজ্জলে হেণ্ডকাফ লগাই থোৱা অৱস্থাত পলায়নব প্রয়াস কৰি পখুৰীত জাঁপ দিয়ে। 
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ প্ৰয়াস কৰি তফাজ্জল পুখুৰীত পৰাত মৃত্যু হোৱা আৰক্ষীয়ে দাবী কৰিছিল। অধিবক্তা জুনাইদ খালিদে তফাজ্জল ইছলামৰ পিতৃ আব্দুল আৱালৰ উধৃতি দি কয় যে পৰিচয় বিভ্রান্তিব ফলত তফাজ্জলক গ্রেপ্তাৰ কৰি আৰক্ষীৰ অত্যাচাৰত মৃত্যু হয়। তফাজ্জলে পলায়নৰ চেষ্টা কৰি পুখুৰীত জাঁপ দিয়াৰ কাহিনী তৈয়াৰ কৰাৰ সন্দেহ কৰা হয়। আদালতত তফাজ্জলৰ গ্ৰেপ্তাৰৰ নথি, মৃত্যুৰ কাৰণ, মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট, মৃত্যুৰ প্রমাণপত্র নিদিয়া বুলিও কয় অধিবক্তা জুনাইদ খালিদে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি