Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 6:55 am

Home » আঞ্চলিক » অসম » অসম বিশ্ববিদ্যালয়ত নাই বিহুৰ বন্ধ, অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া | Assam | Bihu | Asom Jatuya Parishad

অসম বিশ্ববিদ্যালয়ত নাই বিহুৰ বন্ধ, অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া | Assam | Bihu | Asom Jatuya Parishad

গুৱাহাটী, ৯ এপ্ৰিল: অসম বিশ্ববিদ্যালয়ত ব’হাগ বিহুৰ বন্ধ নিদিয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। আজি এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘অসম চুক্তিৰ ফলশ্ৰুতিত প্ৰতিষ্ঠা লাভ কৰা অসম বিশ্ববিদ্যালয়ত ব’হাগ বিহুৰ বন্ধ নথকাটো দুৰ্ভাগ্যজনক। জাতীয় উৎসৱ আৰু জাতীয় আৱেগ ব’হাগ বিহুক লৈ অসম বিশ্ববিদ্যালয়ৰ এই উদাসীনতা কেৱল বিস্ময়কৰেই নহয়, লগতে চিন্তনীয়ও। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাহক হৈ অহা অসম বিশ্ববিদ্যালয়ত ব’হাগ বিহুৰ বন্ধ ঘোষণা নকৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অসমীয়া জাতিৰ স্বাভিমানক আঘাত কৰিছে।”

উল্লেখযোগ‍্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত প্ৰকাশিত অসম বিশ্ববিদ্যালয়ৰ ২০২৫ চনৰ বাৰ্ষিক বন্ধৰ তালিকাৰ ১ ক্ৰমিক নম্বৰতে মকৰ সংক্ৰান্তি আৰু পোংগলৰ সৈতে মাঘ বিহুৰ এদিনীয়া বন্ধৰ কথা উল্লেখ কৰা হৈছে যদিও এপ্ৰিল মাহত ব’হাগ বিহুৰ বাবে বন্ধ ঘোষণা কৰা হোৱা নাই। এপ্ৰিল মাহৰ ১০ তাৰিখে আনকি মহাবীৰ জয়ন্তীৰ বন্ধ ৰখা হৈছে। ৰাজ্য চৰকাৰে সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানত ১৪ৰ পৰা ১৬ এপ্ৰিললৈকে বহাগ বিহুৰ বন্ধ ঘোষণা কৰিছে। সাধাৰণতে ৰাজ্যৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয় আদিয়ে ৰাজ্য চৰকাৰৰ বন্ধৰ তালিকা অনুসৰণ কৰে যদিও অসম বিশ্ববিদ্যালয়ে ব’হাগ বিহুক উপেক্ষা কৰিছে।
জাতীয় পৰিষদৰ নেতাদ্বয়ে প্ৰেছ বিজ্ঞপ্তিটোত কয়, “১৪ এপ্ৰিলত বিশ্ববিদ্যালয়খনে আম্বেদকাৰ জয়ন্তী উপলক্ষে বন্ধ ঘোষণা কৰিছে। সেয়া ইতিমধ্যেই ঘোষিত ৰাষ্ট্ৰীয় বন্ধ। অথচ অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ নামত এটা দিনৰো বন্ধ ঘোষণাৰ প্ৰয়োজন অনুভৱ কৰা নহ’ল। অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে ধৰণৰ ৰহস্যজনক উদাসীনতাই বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় বৃদ্ধিৰ আমাৰ সকলোৰে প্ৰয়াসক দুৰ্বল কৰিব।”
অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনতিবিলম্বে ১৪ এপ্ৰিলত ব’হাগ বিহুৰ বন্ধ ঘোষণা কৰিবলৈ দাবী জনাই, ভৱিষ্যতে এনেধৰণৰ সম্প্ৰীতি বিঘ্নিত কৰিব পৰা সিদ্ধান্ত নল’বলৈ আহ্বান জনায় অসম জাতীয় পৰিষদে।
“অসম বিশ্ববিদ্যালয়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা গৈ অধ্যয়ন কৰা বহুসংখ্যক অসমীয়াভাষী শিক্ষাৰ্থীও আছে। তেওঁলোকক নিজৰ জাতীয় উৎসৱ উৎযাপনৰ সুযোগ দিয়াটোও বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্ব। লগতে অসমৰে জাতীয় উৎসৱৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটোৱে অসমৰ ভৌগোলিক আৰু ভাষিক সমন্বয়-সম্প্ৰীতিক শক্তি যোগাব। কিন্তু তাৰ বিপৰীত কামকাজে ভাষিক বিচ্ছিন্নতাবাদৰ সৃষ্টি কৰিব পাৰে। তাৰ বাবে সংশ্লিষ্ট সকলো দায়িত্ববাহী লোকসকল সচেতন হোৱা প্ৰয়োজন। ” – গগৈ আৰু ভূঞাই কয়।

Share Now

Facebook
X
WhatsApp
Telegram

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি