Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 7:58 am

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » ১৫ হাজাৰ টকা দিলেই লাভ কৰিব আনৰ স্ত্ৰী : ভাৰতৰ এখন গাঁৱত এতিয়াও নিলাম কৰা হয় মহিলা

১৫ হাজাৰ টকা দিলেই লাভ কৰিব আনৰ স্ত্ৰী : ভাৰতৰ এখন গাঁৱত এতিয়াও নিলাম কৰা হয় মহিলা

 

ৱেব সংবাদ : ভাড়াত এগৰাকী পত্নী পোৱা যায়! কোনোবাই আহি আপোনাক এই কথা ক’লে আপুনি বিশ্বাস কৰিবনে? আচৰিত যেন লাগিব পাৰে, কিন্তু সঁচা। ডুবাই বা বেংকক নহয়, কিন্তু ভাৰতৰ এখন গাঁও আছে য’ত কেইদিনমান, কেইমাহমান, বা এবছৰৰ বাবে পত্নী ভাড়াত ল’ব পাৰি।
এবছৰৰ পিছত যদি আন এগৰাকী পত্নী বিচাৰে তেন্তে আকৌ বিড দিব লাগিব। চুক্তি শেষ হৈ মহিলাগৰাকীক পত্নী হিচাপে ৰাখিব বিচাৰিলেও চুক্তি নবীকৰণ কৰিব লাগিব। ভাৰতৰ ক’ত এনেকুৱা অদ্ভুত প্ৰথা আছে জানেনে?
সমাজখন যিমানেই আগনাবাঢ়ক কিয়, এই একবিংশ শতিকাতো কিছুমান অদ্ভুত প্ৰাচীন ৰীতি-নীতি নোহোৱা হোৱা নাই। তেনে এক প্ৰথা অনুসৰি ভাৰতৰ এখন গাঁৱত এতিয়াও মহিলাৰ নিলাম কৰা হয়।
এবছৰৰ পাছত যদি সেই মহিলাগৰাকীৰ সৈতে পুনৰ চুক্তিবদ্ধ হ’ব বিচাৰে তেন্তে পুনৰ নিবিদা দিব লাগিব। ইয়াৰ খৰচো বেছি। এই পৰম্পৰাক ডাঠী পৰম্পৰা বুলি কোৱা হয়। কিছুমানে এই পৰম্পৰাক আইতা পৰম্পৰা বুলিও কয়। জনা যায় যে মূলতঃ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সদস্য যিসকলে নিজৰ ছোৱালীৰ বিয়াৰ খৰচ বহন কৰিব নোৱাৰে বা যৌতুকৰ খৰচ বহন কৰিব নোৱাৰে, তেওঁলোকে এইদৰেই নিজৰ কন্যাক বিয়া কৰায়।
এগৰাকী মহিলাৰ সৌন্দৰ্য্য, কুমাৰীত্ব, বয়স, চেহেৰাৰ ওপৰত ভিত্তি কৰি নিবিদা কৰা মূল্য নিৰ্ধাৰণ কৰা হয়। মহিলাৰ নিবিদা পোন্ধৰ হাজাৰ টকাৰ পৰা আৰম্ভ হয়। পোন্ধৰ লাখ টকালৈকে যাব পাৰে। ইয়াৰ পিছত এবছৰৰ চুক্তি স্বাক্ষৰিত হয়। কোৱা হৈছে যে নিলামৰ বজাৰত সৰ্বাধিক চাহিদা ৮-১৫ বছৰ বয়সৰ কুমাৰী মহিলাৰ।
এই অদ্ভুত গাঁওখন ভাৰতৰ মধ্যপ্ৰদেশত অৱস্থিত। গাঁওখনৰ নাম শিৱপুৰী। কেৱল কুমাৰী ছোৱালীয়েই নহয়, বিবাহিত মহিলাও ইয়াত ভাড়াত পোৱা যায়। নিবিদা দিবলৈ ১০ টকীয়া বা ১০০ টকীয়া ষ্টাম্প পেপাৰত চহী কৰি চুক্তি কৰিব লাগিব। তাত উল্লেখ থাকে যে আপুনি সংশ্লিষ্ট মহিলাগৰাকীক কিমান দিনৰ বাবে ভাড়াত লব বিচাৰে। মহিলা এগৰাকীক কেইদিনমানৰ পৰা এবছৰলৈকে ভাড়াত দিব পাৰি। ইয়াৰ বাবে আপুনি দহ টকা বা এশ টকাৰ বণ্ডত চহী কৰি চুক্তি কৰিব লাগিব।
পুৰুষে এবছৰৰ চুক্তিত বহু মহিলাক নিযুক্তি দিয়ে। কিছুমানে ঘৰুৱা কামৰ বাবেও মহিলাক নিযুক্তি দিয়ে। যিসকল পুৰুষ অবিবাহিত নহয়, তেওঁলোকে নিজৰ জীৱনত কাৰোবাক পাবলৈ এনে চুক্তি কৰে। বিয়াৰ পিছতো মহিলাসকলে যৌন নিৰ্যাতনকে ধৰি আন বহুতো সমস্যাৰ সন্মুখীন হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি