Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 8:04 am

Home » আঞ্চলিক » অসম » কমৰেড, অভিনেতা, অৱসৰপ্ৰাপ্ত শিক্ষক ছাহেদ আহমেদৰ মৃত্যু

কমৰেড, অভিনেতা, অৱসৰপ্ৰাপ্ত শিক্ষক ছাহেদ আহমেদৰ মৃত্যু

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত সুহাবিল দলনী গাঁৱৰ স্থায়ী বাসিন্দা বিশিষ্ট সমাজসেৱক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, অভিনেতা, ৰাজনীতিবিদ ছাহেদ আহমেদ আৰু নাই। শুকুৰবাৰে নিশা ১২-১০ বজাত আহমেদৰ পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত আহমেদে পালহাজী এল পি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ পিছত ৰাষ্ট্ৰভাষা(হিন্দী)ত বিশাৰদ পাছ কৰি সুহাবিল দলনী এম ই মাদ্ৰাছাত শিক্ষকতা জীৱনৰ আৰম্ভণি কৰে।
বিষয় শিক্ষক হিচাপে পাঠদান কৰিছিল যদিও পিছলৈ প্ৰধান শিক্ষক হিচাপে ২০১২ চনত অৱসৰ গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন খেল-ধেমালিৰ লগত জড়িত আছিল যদিও অভিনয়তহে বিশেষকৈ পাকৈত আছিল প্ৰয়াত ছাহেদ আহমেদে। স্কুলীয় অনুষ্ঠানৰ ওপৰিও বিভিন্ন স্থানৰ নাট প্ৰতিযোগিতাত অভিনয় কৰি নিজৰ অভিনয়ৰ দক্ষতা দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেওঁ কেইবাখনো নাটকো লিখিছিল। তেখেত এগৰাকী দক্ষ প্ৰযোজকো আছিল। ‘
সন্ধ্যাতৰা’ নামৰ থিয়েটাৰত তেখেতৰ স্ব-ৰচিত নাটকে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কৃষকৰ সন্তান হোৱা হেতুকেই হয়তো তেওঁ সৰুৰে পৰাই বামপন্থী ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে আৰু আজীৱন বামপন্থী দলৰ হৈয়ে নীৰৱে কাম কৰি গৈছিল। ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা আহমেদে তিনিজন ল’ৰা, এজনী জীয়েকৰ লগতে ৭জন নাতি-নাতিনীয়েকক ইহ সংসাৰত এৰি থৈ যায়। মাটিৰ মানুহ আহমেদে সদায় মানুহৰ সুখ-দুখৰ সমভাগী হ’বলৈ যত্ন কৰিছিল। তেওঁৰ প্ৰয়ানে অঞ্চলবাসী মৰ্মাহত হৈ পৰে আৰু এজন যোগ্য অভিভাৱক হেৰুৱা বুলি ব্যক্ত কৰে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰা আহমেদৰ শুকুৰবাৰে পুৱা ১০-৩০ বজাত সুহাবিল দলনী আঞ্চলিক কবৰস্থানত দহ সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন কৰা হয়। কমৰেড আহমেদৰ মৃত্যুত সুহাবিল দলনী নৱ-নিৰ্মাণ সমিতি, পালহাজী প্ৰেছ ক্লাৱ, বৰপেটা সাহিত্য সন্মিলনী, সংখ্যালঘু যুৱ পৰিষদ, চিপিআইএম দলকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি