Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:10 am

Home » আঞ্চলিক » অসম » শিক্ষক হৈ শিক্ষকক অপমানঃ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ স্মৰণিকা ‘এনজাৰী’ত ওলাল বৃহত ফাঁট | Rajdhani ME School

শিক্ষক হৈ শিক্ষকক অপমানঃ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ স্মৰণিকা ‘এনজাৰী’ত ওলাল বৃহত ফাঁট | Rajdhani ME School

 

গুৱাহাটীঃ হাতীগাঁও-দিছপুৰৰ এক বৃহত্তৰ অঞ্চলটোক শিক্ষাৰ পোহৰে উজলাই তোলা ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়খনে সগৌৰৱে অতিক্ৰম কৰিলে ৫০টি বৰ্ষ। এক মহা আয়োজনৰ মাজেৰে যোৱা ৬ আৰু ৭ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বিদ্যালয়খনে উদযাপন কৰে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ।
সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিয়ালে ‘এনাজৰী’ শীৰ্ষক স্মৰণিকা। কিন্তু এই এনাজৰীত ওলাল বৃহত ফাট। পাচগৰাকী সদস্যৰে গঠিত স্মৰণিকা উপ-সমিতিখনৰ হৈ মাধুৰীমা গোস্বামীৰ দ্বাৰা সম্পাদিত স্মৰণিকা এনাজৰীত চূড়ান্তভাৱে অপমান কৰা হল কেইবাগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান আৰু সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীক।
ৰংচঙীয়া কলেবৰৰ ১০৮ পৃষ্ঠাৰ সুবিশাল স্মৰণিকাখনত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ফটো সম্বলিত এখন পৃষ্ঠা প্ৰকাশ কৰিছে যদিও স্মৰণিকাখনৰ কতো প্ৰকাশ নাপালে আন কেইবাগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান আৰু সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীৰ ফটো তথা নাম। সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতি আৰু স্মৰণিকা সম্পদনা সমিতিৰ এনে চূড়ান্ত গাফিলতি তথা অৱহেলাক সহজভাৱে মানি লব পৰা নাই এলাগী হোৱা অৱসৰপ্ৰাপ্ত প্ৰধান আৰু সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকল।
সোণালী জয়ন্তীৰ সফল ৰপায়নৰ বাবে দান-বৰঙণি বিচাৰি দুৱাৰে দুৱাৰে ঘুৰি ফুৰা সমিতিৰ এনে কাণ্ডক চূড়ান্ত অপমানবোধ কৰি অৱসৰৰ সময়ত বিদ্যালয়ৰ তৰফৰ পৰা সন্মান হিচাপে পোৱা সকলো সা-সামগ্ৰী ওভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিষয়টোক লৈ সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতি আৰু স্মৰণিকা সম্পাদনা সমিতিক ৰাজহুৱাকৈ ক্ষমা খোজাৰ উপৰি সংশ্লিষ্ট বিভাগৰ হস্তক্ষেপৰ দাবী জনাইছে অৱসৰপ্ৰাপ্ত প্ৰধান আৰু সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলে।
এইবাৰ মন কৰক, এইগৰাকী মহান ব্যক্তিলৈ। তেখেত হৈছে বৰ্তমানৰ প্ৰধান শিক্ষক কৰুণাময় গোস্বামী। বিষয়টোক লৈ আজি সাংবাদিকৰ দল এটাই এইগৰাকী প্ৰধান শিক্ষকৰ সাক্ষাত লবলৈ চেষ্টা কৰে যদিও প্ৰধান শিক্ষকগৰাকীয়ে ব্যস্তুতাৰ অজুহাত দেখুৱাই এয়া সাধাৰণ কথা বুলি উল্লেখ কৰাৰ লগতে সাংবাদিকক বিষয়টো স্পষ্ট কৰি দিয়াৰ পৰা বিৰত থাকি সাংবাদিকৰ সৈতে অপমানসূচক আচৰণ কৰা পৰিলক্ষিত হয়।
মাননীয় কৰুণাময় গোস্বামী ডাঙৰীয়া, আপোনাৰ নিজৰ ফটোটো গোটেই পৃষ্ঠাজুৰি দিব পাৰিছে, তেন্তে এটা সময়ত আপোনাৰ আসনত থকা শিক্ষক বা শিক্ষয়িত্ৰীক অপমান কৰা কথাটো কোন যুক্তিত সাধাৰণ কথা বুলি কব পাৰিলে? আজি অনুৰূপ ঘটনা আপোনাৰ লগত সংঘটিত হলে আপুনি সহজভাৱে মানি লেলেহেতেন নে? এয়াই নেকি আপোনাৰ মানসিকতা। হয়তো এই প্ৰতিবেদনৰ পিছত আপুনিও অনুভৱ কৰিব অপমান কি, অপমান কাক কয়।
ফলত প্ৰশ্ন হয়, যি শিক্ষকে শিক্ষককেই সন্মান দিব নাজানে, তেনে মানসিকতাৰে ভৱিষ্যত দেশৰ নাগৰিক হিচাপে চিহ্নিত ছাত্ৰ-ছাত্ৰীসকলক কি শিক্ষা প্ৰদান কৰে সেয়াহে আশ্চৰ্যজনক। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু স্মৰণিকা সম্পাদনা সমিতিৰ এনে কাণ্ডই শিক্ষকৰ দৰে পৱিত্ৰ বৃত্তিটোক আৰু সমগ্ৰ শিক্ষক সমাজকো কলূষিত কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি