Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 12:11 pm

Home » দৈনিক ৰাশিফল » Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope | Sangbad Prahari

Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope | Sangbad Prahari

আজি বৃহস্পতিবাৰ, ২১ নৱেম্বৰ, ৫ আঘোণ, ১৭ জমা আউ। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৬, খ্রীষ্টাব্দ ২০২৪। আজি শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৫/৪৯ৰ পৰা ৮/৫৭লৈ। সূর্যোদয় ৫/৪৯, সূর্যাস্ত ৪/২৯ গুৱাহাটীত। পঞ্চমীত বেল অভক্ষ।
 

 

মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং মাখন। শৰীৰ প্ৰায় ভালেই। বিদ্যা -বুদ্ধিতো বেয়া নহয়। কথা-বার্তাত সাৱধান হ’ব, কথাত পিছল খাই অপ্রস্তুত হ’ব পাৰে।
বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং বগা। আজি ৰাশিত বৃহস্পতি, ৰাশিৰ কেন্দ্ৰত চাৰিটা গ্রহ, কেন্দ্ৰত শুভকাৰক বুধাদিত্য যোগ, শুক্ৰ আৰু বৃহস্পতিৰ ক্ষেত্ৰ বিনিময় যোগ আদি থকাত আজি অশুভ ৰিষ্টাদি খণ্ডন হৈছে। বিদ্যাত শুভ।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ. ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং ৰূপালী। দিনটো ভাল ধৰণেই পাৰ হ’ব। সামাজিক প্রতিপত্তি, মান-মর্যাদা অটুট থাকিব। প্রেম-প্রীতিত শুভ। শুভ সংযোগ লাভ। ধর্মত মতি।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং সেউজীয়া। মাতৃৰ আশিস লৈ সাহসেৰে কামত আগবাঢ়ক, সফল হ’ব। দূৰ ভ্ৰমণৰ যো- জা। ধর্মীয় কর্মত মনোনিবেশ।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং কমলা। আপুনি হাতত লোৱা কামবিলাক আগুৱাই নিয়াত সকলোৰে পৰা সহায়-সহযোগ পাব। দাম্পত্য জীৱন গতানুগতিক।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং গুলপীয়া। লেখক-লেখিকা তথা বুদ্ধিজীবীসকলে প্রত্যাহ্বানৰ মাজেদি কৃতিত্ব লভিব। আনৰ কাৰণে দেহে-কেহে খাটিলেও তাৰ সুনাম শুনিব নেপাব।
তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং কমলা। প্রতিদ্বন্দ্বিতামূলক কামত সফল হ’ব। কোনো নতুন সমস্যাই বাধা দিলেও ব্যৱসায়ত আর্থিক দিশত শুভ। বিদ্যাত শুভ।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ বং নীলা। যোগাযোগত শুভ। হঠাতে কোনো শুভ সংযোগ লাভ। আয় চাই ব্যয় কৰা টান হ’ব। বুদ্ধিজীৱীৰ সুখ্যাতি।
 
ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ বগা। চাকৰি সন্ধানীসকলে সম্ভৱস্থলত কর্মসংস্থাপনৰ সুখবৰ পাব। বিবাহ প্রার্থীৰ যোগাযোগত শুভ।
মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভৰং বেঙুনীয়া। স্বাস্থ্য প্রায় ভালেই। পুৰণা ৰোগগ্রস্তয়ো কিছু সকাহ পাব। প্রাপ্যাদিত শুভ। পাৰিবাৰিক জীৱনত দুই এটা খুঁত-খাত থাকিব।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং হালধীয়া। সামাজিক কামত ব্যস্ততা বাঢ়িব আৰু মান-মর্যাদা পাব। কলা-সংস্কৃতিৰ প্ৰতি ধাউতি বাঢ়িব। প্ৰেৰণা পাব।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। ৰাশিৰ কেন্দ্ৰত চাৰিটা গ্রহ, ৰাশ্যাধিপতি বৃহস্পতি আৰু শুক্ৰৰ ক্ষেত্র বিনিময় যোগ হোৱাত আৰু শুভ দায়ক বুধাদিত্য যোগ থকাত বহু আপদ- বিপদৰ পৰা ৰক্ষা পাব। শাৰীৰিক দিশতো আমনি কম। পৰিকল্পিত কামবিলাক আগুৱাই নিয়াত বাধা নেপাব। অবাঞ্ছিত খৰচ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি