Women’s Asian Champions Trophy 2024 | Hockey : এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন ভাৰতীয় মহিলা হকী দলৰ, ১-০ গ’লত চীনক পৰাস্ত
বিহাৰৰ ঐতিহাসিক চহৰ ৰাজগীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন কৰে ভাৰতীয় মহিলা হকী দলে। ফাইনেলত প্ৰতিদ্বন্দ্বী চীনক ১-০ গ’লত পৰাস্ত কৰে ভাৰতীয় দলটোৱে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এছিয়ান মহিলা হকী চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰতৰ খেলুৱৈ দীপিকাই তৃতীয় কোৱাৰ্টাৰৰ প্ৰথম মিনিটত গ’ল দি ভাৰতক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে পেনাল্টী কৰ্ণাৰত ব্যৰ্থ প্ৰচেষ্টাৰ পাছত দীপিকাই ৰিভাৰ্ছ হিটেৰে গ’ল প্ৰদান কৰে। প্ৰতিযোগিতাত খেলুৱৈগৰাকীৰ এয়া আছিল ১১সংখ্যক গ’ল৷ প্ৰথমাৰ্ধত চীনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ভাৰতক কোনো গ’ল প্ৰদানৰ সুযোগেই নিদিলে। এই সময়ত ভাৰতে চাৰিটা পেনাল্টী কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে চীনে লাভ কৰে দুটা পেনাল্টী কৰ্ণাৰ। এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন আৰম্ভ হোৱাৰ ৩ ঘণ্টা পূৰ্বৰে