Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:54 am

Home » দৈনিক ৰাশিফল » Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope | Sangbad Prahari

Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope | Sangbad Prahari

বুধবাৰ, 20 নৱেম্বৰ, 4 আঘোণ, ১৬ জমা আউ। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৬, খ্রীষ্টাব্দ ২০২৪। আজি শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৮/৩৫ৰ পৰা ১০/৪৫লৈ। সূর্যোদয় ৫/৪৮, সূর্যাস্ত ৪/৩০ গুৱাহাটীত। চতুর্থীত মূলা অভক্ষ।
মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। শৰীৰ মজলীয়া। পাৰিবাৰিক জীৱন আন দিনাতকৈ উন্নত। সন্তানপ্রীতি বাঢ়িব। বিদ্যার্থীয়ে আশা কৰা ধৰণেই সুফল পাব। হোটেল, কাপোৰ, পণ্য দ্রব্যাদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি।
বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং গেৰুৱা। ৰাজহুৱা অনুষ্ঠানত জড়িত থাকিব লগা হ’ব পাৰে। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা। খং ৰাগ, মইবৰ ভাবক প্রশ্রয় নিদিব।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্ৰহ ৰবি, বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং বগা। শৰীৰ মোটামুটি ভালেই। ব্যৱসায়ত জড়িতসকলে কিছু নতুন সমস্যাৰ সন্মুখীন হ’লেও আর্থিক দিশত লাভৱান হ’ব।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং সোণালী। শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল। ধর্মীয় কর্মত মনোযোগ। কর্মত প্ৰেৰণা পাব। ভ্রমণ হ’ব পাৰে।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। কামৰ দায়িত্ব বাঢ়িব পাৰে। খৰচ অপর্যাপ্ত, নিয়ন্ত্ৰণ কৰা টান হ’ব। আপোনাৰ কৰ্মৰ ওপৰত শত্ৰুৰ শেনচকু থাকিব। স্বাস্থ্য মোটামুটি ভালেই।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং সেউজীয়া। স্বাস্থ্য প্রায় ভালেই। ঘৰুৱা পৰিৱেশ গতানুগতিক। আধ্যাত্মিক চিন্তা-চর্চা কৰি ভাল পাব। তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি।

তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। শৰীৰ যথেষ্ট উন্নত পাব। পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব। পাৰিবাৰিক জীৱন আন দিনাতকৈ যথেষ্ট উন্নত পাব। বিদ্যাত শুভ।

বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং মাখন। শৰীৰ মজলীয়া। আর্থিক উন্নতিৰ যোগ। ঘৰুৱা পৰিৱেশ সুখৰেই। সাহিত্য-সংগীত, খেলা- ধূলা আদিত জড়িতসকলে প্রতিভা বিকাশৰ সুযোগ পাব।
ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। শৰীৰ প্ৰায় ভালেই। পুৰণা ৰোগাগ্রস্তই কিছু উপশম পাব। দাম্পত্য জীৱনত কিছু কথাত এৰা-ধৰা কৰক, জীৱন সুখৰ হ’ব।
মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং ক’লা। সংগ দোষত পৰি মানসিক আৰু শাৰীৰিক ক্লেশ পাব পাৰে। কিন্তু যিকোনো কর্মতে উপার্জন বৃদ্ধি দেখা যায়।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং মুগা। দকৈ ভাবি-চিন্তি কামত আগবাঢ়ক। যাকে-তাকে তৎক্ষণাৎ বিশ্বাসত নল’ব। আপোনাৰ সমস্যা আহি আছে।
 
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। শৰীৰিক দিশত আমনি কম। বন্ধু-বান্ধৱ তথা শুভাকাংক্ষীৰ আগমন হ’ব পাৰে। বিদ্যার্থীৰ একাগ্রতা বৃদ্ধি। সৃজনীমূলক কামত নিজৰ মৌলিক প্রতিভা বিকাশ পাব। আপুনি পাব লগা সুখবৰটো কোনো অজ্ঞাত কাৰণত ঘৰৰ দুৱাৰমুখৰ পৰা ঘূৰি যাব পাৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি