Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 6:29 pm

Home » আঞ্চলিক » অসম » অবৈধ বিদেশী চিনাক্তকৰণৰ নামত ৰাজ্যত চৰম ভেঁকোভাওনা: ন্যায়াধিকৰণত পৰি আছে ৮৮,৫৯৪টা গোচৰ

অবৈধ বিদেশী চিনাক্তকৰণৰ নামত ৰাজ্যত চৰম ভেঁকোভাওনা: ন্যায়াধিকৰণত পৰি আছে ৮৮,৫৯৪টা গোচৰ

  • ৰহস্যজনকভাৱে ক’ভিডৰ পিচৰ পৰাই জিলাই জিলাই ন্যায়াধিকৰণসমূহলৈ সীমান্ত আৰক্ষীয়ে প্ৰেৰণ কৰা নাই বিদেশীৰ গোচৰ
  • বৰপেটাত সৰ্বাধিক ১৫,৩৪৯, শোণিতপুৰত ১০,০৬৯, ধুবুৰীত ৭,০৫০, নগাঁৱত ৭,৮২৬টা নিষ্পত্তিহীন গোচৰ
  • ধোঁৱাচাঙত উঠিল ১,৬০০ কোটি খৰচ কৰি প্ৰস্তুত কৰা এন আৰ চি

 

গুৱাহাটীঃ বিদেশীমুক্ত অসম গঢ়াৰ অংগীকাৰেৰে দিছপুৰৰ মচনদ দখল কৰা বিজেপি মিত্ৰজোঁট চৰকাৰৰ কার্যকালতো বিদেশী চিনাক্তকৰণৰ নামত চলিছে চৰম ভেঁকোভাওনা। জাতি ৰক্ষাৰ দলিল বুলি ব্যাপক ঢাক-ঢোল বজাই ১,৬০০ কোটি টকা খৰচ কৰি উন্নীত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন (এন আৰ চি) ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দায়িত্বহীনতাত গেঁথেলা মাৰিলে। ইয়াৰ মাজতে এতিয়া ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণত নিষ্পত্তিহীনভাৱে পৰি ৰৈছে ৮৮,৫৯৪ টা বিদেশী সংক্রান্তীয় গোচৰ।
এনে বৃহৎসংখ্যক গোচৰ বছৰ বছৰ ধৰি নিষ্পত্তিহীনভাৱে পৰি থকা ঘটনাই ৰাজ্যৰ বিদেশী চিনাক্তকৰণৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। প্রাপ্ত তথ্য অনুসৰি আজিৰ তাৰিখত বাক্সা জিলাত থকা বিদেশী ন্যায়াধিকৰণত ২,৫৯৫ টা, বৰপেটাত ১৫,৩৪৯ টা, বঙাইগাঁৱত ৩,০৩৯ টা, বিশ্বনাথ চাৰিআলিত ১,৮৭১টা, চিৰাঙত ১৯৫ টা, কাছাৰত ২,৮১৪ টা, গুৱাহাটী মহানগৰত ৪,৪৪৭ টা, দৰঙত ৩,৬৫৬ টা, ধেমাজিত ১৯৩৯ টা, ধুবুৰীত ৭,০৫০ টা, ডিব্ৰুগড়ত ২৬৬ টা, ডিমা হাচাওত ১৫ টা, গোৱালপাৰাত ১,৬৫৭ টা, হাইলাকান্দিত ১০৩ টা, হোজাইত ২১২ টা, যোৰহাটত ৬,২৯১ টা, কামৰূপত ২,২২০ টা, কৰিমগঞ্জত ৪৮১ টা, কোকৰাঝাৰত ৬২৯. টা, কাৰ্বি আংলঙত ১৫৮ টা, লখিমপুৰত ১,০৪২ টা, মৰিগাঁৱত ৩,৮০২ টা, নগাঁৱত ৭,৮২৬ টা, নলবাৰীত ৭০০ টা, শোণিতপুৰত ১০,০৬৯ টা, দক্ষিণ শালমাৰাত ৬২৬ টা, তিনিচুকীয়াত ৫৬ টা আৰু ওদালগুৰি জিলাত বিদেশী ন্যায়াধিকৰণত ৯,৪৮৬ টা গোচৰ নিষ্পত্তিহীনভাৱে পৰি ৰৈছে। এইদৰে ৰাজ্যৰ এশখন বিদেশী ন্যায়াধিকৰণত নিষ্পত্তি নোহোৱাকৈ থকা মুঠ গোচৰৰ সংখ্যা হৈছে ৮৮,৫৯৪ টা। এনে বৃহৎ সংখ্যাৰ গোচৰৰ ভৰত এতিয়া কোঙা হৈ পৰিছে।
বিদেশী ন্যায়াধিকৰণসমূহ। নিষ্পত্তিহীন গোচৰৰ এনে পৰিসংখ্যাৰ পিচত প্রশ্ন হয় এই গোচৰসমূহ কেতিয়ালৈ নিষ্পত্তি হ’ব, কেতিয়ালৈ বিদেশী চিনাক্ত আৰু বিতাড়ন কৰিব বিদেশীমুক্ত অসম গঢ়াৰ শ্ল’গান আওৰোৱা চৰকাৰে। মন কৰিবলগীয়া যে ২০১৪ চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীৰ খানাপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ১৬ মে’ৰ পিচত সকলো বিদেশীয়ে টালি- টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি ঘোষণা কৰিছিল। লক্ষণীয়ভাৱে ২০১৪ চনৰ পিচত এনে বহু ১৬ মে’ পাৰ হৈ গ’ল যদিও অসমৰ বিদেশী সমস্যা সমস্যা হৈয়ে থাকিল।
বৰঞ্চ বিদেশী ন্যায়াধিকৰণসমূহত নিষ্পত্তিহীন গোচৰৰ দ’ম বন্ধাহে পৰিলক্ষিত হৈছে। একেদৰে ১,৬০০ কোটি টকা খৰচ কৰি হেজাৰ হেজাৰ কৰ্মচাৰীৰ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত এন আৰ চি উন্নীত কৰা হ’ল। ৰাজ্যৰ ১৯ লাখ লোক এন আৰ চিৰ পৰা বঞ্চিত হ’ল। কিন্তু অতি আশ্চর্যজনকভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱত উন্নীত এন আৰ চিখনক আজিকোপতি মান্যতা দিয়া নহ’ল। এন আৰ চিৰ পৰা বাদ কৰা লোকসকলক আজিলৈকে দিয়া নহ’ল ৰিজেকচন শিল্প। এন আৰ চিৰ পৰা বাদ কৰা লোকসকলৰ গোচৰ নিষ্পত্তিৰ বাবে দুই শতাধিক বিদেশী ন্যায়াধিকৰণৰ সদস্যকো নতুনকৈ নিযুক্তি দিছিল চৰকাৰে।
কিন্তু সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটোৱে গেঁথেলা মৰাত এই দুই শতাধিক বিদেশী ন্যায়াধিকৰণৰ সদস্যক শেষত চাকৰিৰ পৰা অব্যাহতিহে দিয়া হ’ল। কাজেই ৰাজ্যত বিদেশী চিনাক্তকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱেই এতিয়া ভেঁকোভাওনাত পৰিণত হৈছে। ইপিনে পোহৰলৈ অহা আন এক গুৰুত্বপূৰ্ণ তথ্য অনুসৰি ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ পিচৰ পৰাই ‘জিলাই জিলাই সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণসমূহলৈ প্ৰেৰণ কৰা নাই কোনো নতুন গোচৰ। সন্দেহযুক্ত লোকৰ বিৰুদ্ধে লাভ কৰা তথ্য- প্ৰমাণৰ আধাৰত সীমান্ত আৰক্ষীয়ে সংশ্লিষ্ট লোকজন স্বদেশী নে বিদেশী সেয়া বিচাৰৰ বাবে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিব লাগে।
কিন্তু অতি ৰহস্যজনকভাৱে জিলাই জিলাই সীমান্ত আৰক্ষীয়ে বিদেশী সংক্ৰান্তীয় গোচৰ ন্যায়াধিকৰণসমূহলৈ যোৱা কেইবা বছৰ ধৰি প্ৰেৰণ কৰা নাই বুলি জানিব পৰা গৈছে। সীমান্ত আৰক্ষীয়ে ন্যায়াধিকৰণসমূহলৈ গোচৰ প্ৰেৰণ নকৰাৰ আঁৰত দিছপুৰৰ কিবা গোপন নির্দেশনা আছে নেকি, সেয়া এই মুহূৰ্তত গুৰুত্বপূর্ণ প্রশ্ন হিচাপে বিবেচিত হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি