Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope | Sangbad Prahari
|

Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope | Sangbad Prahari

বুধবাৰ, 20 নৱেম্বৰ, 4 আঘোণ, ১৬ জমা আউ। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৬, খ্রীষ্টাব্দ ২০২৪। আজি শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৮/৩৫ৰ পৰা ১০/৪৫লৈ। সূর্যোদয় ৫/৪৮, সূর্যাস্ত ৪/৩০ গুৱাহাটীত। চতুর্থীত মূলা অভক্ষ। মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। শৰীৰ মজলীয়া। পাৰিবাৰিক জীৱন আন দিনাতকৈ উন্নত। সন্তানপ্রীতি বাঢ়িব। বিদ্যার্থীয়ে আশা কৰা ধৰণেই সুফল পাব। হোটেল, কাপোৰ, পণ্য দ্রব্যাদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং গেৰুৱা। ৰাজহুৱা অনুষ্ঠানত জড়িত থাকিব লগা হ’ব পাৰে। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা। খং ৰাগ, মইবৰ ভাবক প্রশ্রয় নিদিব। মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ,

অবৈধ বিদেশী চিনাক্তকৰণৰ নামত ৰাজ্যত চৰম ভেঁকোভাওনা:  ন্যায়াধিকৰণত পৰি আছে ৮৮,৫৯৪টা গোচৰ
| |

অবৈধ বিদেশী চিনাক্তকৰণৰ নামত ৰাজ্যত চৰম ভেঁকোভাওনা: ন্যায়াধিকৰণত পৰি আছে ৮৮,৫৯৪টা গোচৰ

ৰহস্যজনকভাৱে ক’ভিডৰ পিচৰ পৰাই জিলাই জিলাই ন্যায়াধিকৰণসমূহলৈ সীমান্ত আৰক্ষীয়ে প্ৰেৰণ কৰা নাই বিদেশীৰ গোচৰ বৰপেটাত সৰ্বাধিক ১৫,৩৪৯, শোণিতপুৰত ১০,০৬৯, ধুবুৰীত ৭,০৫০, নগাঁৱত ৭,৮২৬টা নিষ্পত্তিহীন গোচৰ ধোঁৱাচাঙত উঠিল ১,৬০০ কোটি খৰচ কৰি প্ৰস্তুত কৰা এন আৰ চি   গুৱাহাটীঃ বিদেশীমুক্ত অসম গঢ়াৰ অংগীকাৰেৰে দিছপুৰৰ মচনদ দখল কৰা বিজেপি মিত্ৰজোঁট চৰকাৰৰ কার্যকালতো বিদেশী চিনাক্তকৰণৰ নামত চলিছে চৰম ভেঁকোভাওনা। জাতি ৰক্ষাৰ দলিল বুলি ব্যাপক ঢাক-ঢোল বজাই ১,৬০০ কোটি টকা খৰচ কৰি উন্নীত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন (এন আৰ চি) ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দায়িত্বহীনতাত গেঁথেলা মাৰিলে। ইয়াৰ মাজতে এতিয়া ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণত নিষ্পত্তিহীনভাৱে পৰি ৰৈছে ৮৮,৫৯৪ টা বিদেশী সংক্রান্তীয় গোচৰ। এনে বৃহৎসংখ্যক গোচৰ বছৰ বছৰ ধৰি নিষ্পত্তিহীনভাৱে পৰি থকা ঘটনাই ৰাজ্যৰ বিদেশী চিনাক্তকৰণৰ