Weather Data Source: wetter Bangalore 14 tage

June 2, 2025 11:41 pm

Home » আঞ্চলিক » জেলৰ ভাত খাব পাৰে মুস্তাফা কামাল আহাজাৰী- এজাহাৰ দাখিল কলিয়াবৰ জিলা নেমছুৰ | NEMSU | Mustafa Kamal Ajhari

জেলৰ ভাত খাব পাৰে মুস্তাফা কামাল আহাজাৰী- এজাহাৰ দাখিল কলিয়াবৰ জিলা নেমছুৰ | NEMSU | Mustafa Kamal Ajhari

· জেলৰ ভাত খাব পাৰে মুস্তাফা কামাল আহাজাৰী
· মুস্তাফা কামালৰ বিৰুদ্ধে এজাহাৰ দাখিল কলিয়াবৰ জিলা নেমছুৰ
· পবিত্ৰ কোৰাণৰ অপব্যৱহাৰ আৰু অপব্যাখ্যাৰ অভিযোগ

বাৰ ৰেষ্টুৰেণ্টত জিন্স পেণ্ট আৰু দুৰ্গা মণ্ডপত ইছলামিক বেশভূষা পৰিধান পূজা কৰা বিতৰ্কিত মুস্তাফা কামাল আহাজাৰীৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ নেমছু। শেহতীয়াকৈ বিভিন্ন মাধ্যমত মোস্তাফা কামালে পবিত্ৰ কোৰাণৰ অপব্যৱহাৰ আৰু অপব্যাখ্যাৰ অভিযোগ তুলি নেমছুৰ কলিয়াবৰ জিলা সমিতিয়ে কলিয়াবৰৰ উলুৱানী থানাত দাখিল কৰিলে এজাহাৰ। কলিয়াবৰৰ উলুৱানী থানাৰ উপৰি ৰাজ্যৰ প্ৰতিটো থানাত নেমছুৰ জিলা আৰু আঞ্চলিক সমিতিয়ে বিতৰ্কিত মুস্তাফা কামাল আহাজাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে বুলি নেমছুৰ কেন্দ্ৰীয় সম্পাদক চামচুল হকে উল্লেখ কৰি তেওঁ কয়- মুস্তাফা কামাল আজাহাৰীয়ে কোৰানৰ অপবাখ্যা কৰি ইতিমধ্যে ৰাজ্যত হিন্দু-মুছলমানৰ মাজত এক জাতিগত সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে। সেয়ে ৰাজ্যৰ ধৰ্মীয় আৰু সামাজিক পৰিবেশ বৰ্তাই ৰখাৰ স্বাৰ্থত, নেমছুৰ এজাহাৰৰ ভিত্তিত বিতৰ্কিত মুস্তাফা কামাল আহাজাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। যদি আৰক্ষী-প্ৰশাসনে নেমছুৰ এই দাবী কাৰ্যকৰী নকৰে তেন্তে নেমছুৱে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি