Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 9:25 am

Home » সম্পাদকীয় » অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন | Supreme Court of India

অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন | Supreme Court of India

অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব ১৯৭১। উচ্চতম ন্যায়ালয়ত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ। অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব ১৯৭১। নাগৰিকত্ব আইনৰ ৬ (ক) দফা সন্দৰ্ভত এই ৰায়দান উচ্চতম ন্যায়ালয়ৰ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে দিলে ৰায়।১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায়দান ৪ জন ন্যায়াধীশৰ। ১৯৭১চনৰ ২৫ মাৰ্চৰ বিপক্ষে ৰায়দান এজন ন্যায়াধীশৰ।মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, আৰু মনোজ মিশ্ৰই ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায় দিয়ে। আনহাতে জে বি পাৰ্ডিৱালা এই মতৰ বিপক্ষে ৰায় দিয়ে।
নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰাক প্ৰত্যাহ্বান জনাই গোচৰ তৰিছিল অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰামে। ৫৬২/২০১২ নম্বৰত বিচাৰাধীন হৈ আছিল এই বিষয়টো। অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল আবেদনৰ ভিত্তিতে ২০১৫ চনত তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল গোচৰটো।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ বাহাল থাকিব। বিগত বৰ্ষৰ ৭ ডিচেম্বৰত শীৰ্ষ ন্যায়ালয়ে নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা 6A(2)ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা আৰু ভাৰতীয় ভূখণ্ডলৈ অবৈধ প্ৰব্ৰজন ৰোধ কৰিবলৈ এতিয়ালৈকে কি পদক্ষেপ লোৱা হৈছে তাৰ তথ্য দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল।
উল্লেখ্য যে, ২০১৪ চনৰ ১৭ ডিচেম্বৰত অসমত নাগৰিকত্ব সম্পৰ্কীয় বিষয়টো পাঁচজনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল। আনহাতে, 2017 চনৰ 19 এপ্ৰিলত শীৰ্ষ আদালতে গোচৰটোৰ শুনানিৰ বাবে বিচাৰপীঠ গঠন কৰে। ভাৰতীয় নাগৰিকক চিনাক্তকৰণৰ বাবে সকলো প্ৰয়োজনীয় তথ্য থকা এখন দস্তাবেজ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) প্ৰথমে 1951 চনৰ ৰাষ্ট্ৰীয় লোকপিয়লৰ পিছত প্ৰস্তুত কৰা হৈছিল। অসমত এন আৰ চিৰ উদ্দেশ্য হৈছে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা ৰাজ্যখনৰ অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰা।
১৯৮৫ চনত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ প্ৰতিনিধিসকলৰ মাজত হোৱা অসম চুক্তিৰ আলোচনা আৰু তাৰ ভিত্তিত প্ৰস্তুত কৰা খচৰাত অনুপ্ৰৱেশকাৰীৰ শ্ৰেণী বিভাজন কৰে। ইয়াৰ দ্বাৰা অসমত প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিয়া বা তেওঁলোকৰ প্ৰব্ৰজনৰ তাৰিখৰ ওপৰত ভিত্তি কৰি বহিষ্কাৰ কৰাৰ বাবে নীতি নিৰ্ধাৰণ কৰে। এই ব্যৱস্থাত উল্লেখ কৰা হৈছে যে যিসকলে ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিছত, কিন্তু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি বিশেষ ভূখণ্ডৰ পৰা অসমলৈ আহিছে আৰু তেতিয়াৰে পৰা অসমৰ বাসিন্দা হৈ আছে, তেওঁলোকে ১৯৮৫ চনৰ অসম চুক্তি মতে ধাৰা ১৮ৰ অধীনত নাগৰিকত্বৰ বাবে নিজকে পঞ্জীয়ন কৰিব লাগিব। সেয়েহে এই ব্যৱস্থাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখটো অসমত বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ কাট-অফ তাৰিখ নিৰ্দিষ্ট কৰে।
১৯৭১ চনৰ ২৫ মাৰ্চত ভিত্তি বৰ্ষ হিচাপে লৈ ২০১৯ চনৰ ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পায়। ২০২২ চনৰ ২৪ আগষ্টত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে সিদ্ধান্ত গ্ৰহণ কৰে যে সমজাতীয় ২৫ খন আবেদনৰ শুনানি একেলগে কৰা হ’ব। ২০২৩ চনৰ ১২ ডিচেম্বৰত ৫ জনীয়া বিচাৰপীঠে সংৰক্ষিত কৰি ৰাখিছিল ৰায়দান। উল্লেখ্য যে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে নিৰ্ধাৰিত ১৯৭১ চনৰ ২৪ মাৰ্চ তাৰিখৰ ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰৰে আজি চূড়ান্ত ৰায়দান দিয়ে।
মুখ্য ন্যায়াধীশে কয় যে অসম চুক্তি অবৈধ প্ৰব্ৰজন সমস্যাৰ এটা ৰাজনৈতিক সমাধান আৰু ধাৰা 6A ইয়াৰ আইনী সমাধান আছিল। শীৰ্ষ ন্যায়ালয়ে কয় যে স্থানীয় জনসাধাৰণক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ সৈতে মানৱীয় উদ্বেগৰ ভাৰসাম্য ৰক্ষাৰ বাবে ধাৰা 6A প্ৰণয়ন কৰা হৈছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি