অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন | Supreme Court of India
|

অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন | Supreme Court of India

অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব ১৯৭১। উচ্চতম ন্যায়ালয়ত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ। অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব ১৯৭১। নাগৰিকত্ব আইনৰ ৬ (ক) দফা সন্দৰ্ভত এই ৰায়দান উচ্চতম ন্যায়ালয়ৰ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে দিলে ৰায়।১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায়দান ৪ জন ন্যায়াধীশৰ। ১৯৭১চনৰ ২৫ মাৰ্চৰ বিপক্ষে ৰায়দান এজন ন্যায়াধীশৰ।মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, আৰু মনোজ মিশ্ৰই ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায় দিয়ে। আনহাতে জে বি পাৰ্ডিৱালা এই মতৰ বিপক্ষে ৰায় দিয়ে। নাগৰিকত্ব আইন ১৯৫৫ৰ 6A ধাৰাক প্ৰত্যাহ্বান জনাই গোচৰ তৰিছিল অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ’ৰামে। ৫৬২/২০১২ নম্বৰত বিচাৰাধীন হৈ আছিল এই বিষয়টো। অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল