Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 8:06 am

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » Ratan Tata | আপুনি জানেনে? বহুতে নজনা প্ৰয়াত ৰতন টাটাৰ এই ১০ টা কথা…

Ratan Tata | আপুনি জানেনে? বহুতে নজনা প্ৰয়াত ৰতন টাটাৰ এই ১০ টা কথা…

  • চাজিদা ইয়াছমিন (চাহিন)
  • আপুনি জানেনে?, ১৬৫ বিলিয়ন ডলাৰৰ টাটা সাম্ৰাজ্যৰ মূৰব্বী ৰতন টাটাৰ দৰমহা কিমান আছিল?
  • আপুনি জানেনে, জেআৰডিৰ পুত্ৰ নোহোৱা সত্ত্বেও কেনেকৈ টাটা গ্ৰুপৰ স্বত্বাধিকাৰী হ’ল ৰতন টাটা?
  • আপুনি জানেনে, ৰতন টাটাই অতি কম মূল্যৰ চাৰিচকীয়া বাহন টাটা নেনো কিয় মুকলি কৰিছিল?
  • আপুনি জানানে, তন টাটাই বলিউডৰ কোনখন চিনেমা প্ৰযোজনা কৰিছিল কৰিছিল আৰু চিনেমাখনৰ অভিনেতা কোন?
  • আপুনি জানেনে, টাটাৰ প্ৰিয় বন্ধুজনৰ বয়স কিমান আৰু তেও কি কৰে?
  • আপুনি জানেনে, কোনগৰাকী বলিউড অভিনেত্ৰীৰ সৈতে ৰতন টাটাৰ আছিল ভাল সম্পৰ্ক? সেইগৰাকী অভিনেত্ৰীয়ে টাটাৰ বিয়োগৰ পিছত মাত্ৰ তিনিটা বাক্যত কি লিখিলে?
  • আপুনি জানেনে, ৰতন টাটাৰ শেষৰটো পোষ্ট কি আছিল? কি লিখিছিল অন্তিমটো পোষ্টত?
হয় প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ বিষয়ে বহুতেই নাজানে তেখেতৰ বিষয়ে বহু কথা। যিকেইটা কথা জানিলে ৰতন টাটাৰ প্ৰতি আপোনাৰো শ্ৰদ্ধা আৰু বাঢ়িব। পিছে কি সেই কেইটা কথা। জানি লওক আজিৰ প্ৰতিবেদনত….
১। বিলাসী ঘৰত ডাঙৰ-দীঘল হোৱাৰ পিছতো ৰতন টাটা আছিল অতি অমায়িক আৰু ভদ্ৰ। তেওঁৰ এই গুণে তেওঁক জীৱনত সফলতাৰ শিখৰলৈ লৈ গ’ল। ছয়খন মহাদেশৰ ১০০খনতকৈও অধিক দেশত কাম কৰা, সমাজৰ প্ৰতিটো খণ্ডতে কোম্পানী থকা টাটা গ্ৰুপৰ পিতৃপুৰুষ হৈ পৰে ৰতন টাটা। য’ত শক্তি, অটোমোটিভ, অভিযান্ত্ৰিক আৰু আই টি যোগাযোগ অন্তৰ্ভুক্ত। টাটা কোম্পানীত ৮ লাখৰো অধিক কৰ্মচাৰীয়ে কাম কৰে। ৰাজহুৱাভাৱে তালিকাভুক্ত ২৯টা টাটা উদ্যোগৰ মুঠ বজাৰ মূলধন ৪০৩ বিলিয়ন মাৰ্কিন ডলাৰ। ৰতন টাটা, টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটাৰ তোলনীয়া নাতি নভল টাটাৰ পুত্ৰ। এই ক্ষেত্ৰত তেওঁ টাটা পৰিয়ালৰ এক অবিচ্ছেদ্য অংগ আছিল। যেতিয়া জে আৰ ডিৰ উত্তৰাধিকাৰী বাছনি কৰাৰ সময় আহিল, তেতিয়া তেওঁৰ ঠাই ল’ব পৰা ৰতন টাটা আছিল আটাইতকৈ যোগ্য ব্যক্তি।
২। ৰতন টাটা অবিবাহিত। কিন্তু তেওঁৰ জীৱনত চাৰিবাৰ বিয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু শেষত বিভিন্ন কাৰণত সেয়া সম্ভৱ নহ’লগৈ। ৰতন টাটাৰ সৈতে গভীৰ প্ৰেম আছিল বলীউডৰ নায়িকা ছিমি গেৰৱালৰ সৈতে। উদ্যোগপতিগৰাকীৰ প্ৰাক্তন প্ৰেমিকাগৰাকীয়ে ছচিয়েল মিডিয়াত তেওঁৰ সাক্ষাৎকাৰৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি লিখিলে এই তিনিটা বাক্য,
‘‘সকলোৱে কৈছে তুমি আৰু নাই।
তোমাক হেৰুওৱাটো খুব বেদনাদায়ক।
য’তেই থাকা, ভালে থাকা বন্ধু।’’
ষাঠীৰ দশকত ৰতন টাটাৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈছিল ছিমিৰ। ছিমি গাৰেৱালেও ঘটনাক্ৰমে কোনো সম্পৰ্কই নিটিকাত অকলশৰীয়া জীৱন পাৰ কৰিছে।
৩। ৰতন টাটাই গঢ়ি তোলা টাটা সাম্রাজ্য হৈছে ১৬৫ বিলিয়ন ডলাৰৰো অধিক। এই টাটা সাম্ৰাজ্যৰ মূৰব্বী পদত অধিষ্ঠিত থকাৰ সময়ত ৰতন টাটাই দৰমহা লৈচিল মাত্ৰ আঢ়ৈ কোটি টকা। যি অন্যান্য কৰ্পোৰেট সংস্থাৰ মূৰব্বীয়ে লোৱা দৰমহাৰ তুলনাত বহুগুণে কম।
৪। ৰতন টাটাই এখন বলিউড ছবিও প্ৰযোজনা কৰিছিল। সেই ছবিখনত অভিনয় কৰিছিল স্বয়ং অমিতাভ বচ্চনে। যতীন কুমাৰৰ সৈতে মিলি ‘এতবাৰ’ প্ৰযোজনা কৰিছিল উদ্যোগপতি টাটাই। ছবিখনৰ চিত্ৰনাট্য আছিল বিখ্যাত হলীউদ ছবি ‘ফিয়াৰ’ৰ পৰা অনুপ্ৰাণিত। ছবিখনত অমিতাভ বচ্চনৰ লগতে অভিনয় কৰিছিল জন আব্ৰাহাম আৰু বিপাশা বসুৱেও। কিন্তু মুক্তিৰ পিছত বক্স অফিচত মুখথেকেচা খায় ‘এতবাৰ’ ছবিখনে। ছবিখনৰ বাজেট আছিল চাৰে ৯ কোটি টকা। ইয়াৰ পিছত অৱশ্যে আৰু কেতিয়াও চিনেমা প্ৰযোজনা কৰা নাই ৰতন টাটাই।
৫। ৮৬ বছৰীয়া ৰতন টাটাৰ ঘনিষ্ঠ বন্ধুজন শান্তনু নাইডু। যাৰ বয়স মাত্ৰ ৩১ বছৰ। শান্তনু নাইডু ৰতন টাটাৰ ঘনিষ্ঠ বন্ধু আৰু সহায়ক হিচাপে পৰিচিত নাম। এগৰাকী সমাজ কৰ্মী, পশুপ্ৰেমী, লেখক আৰু যুৱ উদ্যোগী হিচাপে শান্তনুৱে সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ কাম কৰি আহিছে। তেওঁৰ কাহিনীয়ে প্ৰেৰণাৰ উৎস। তেওঁৰ সফলতাৰ কাহিনীয়ে বন্ধুত্ব, সমাজসেৱা, ব্যৱসায়ৰ জগতখনৰ বহু দিশ স্পৰ্শ কৰিছে।১৯৯৩ চনত পুনেৰ তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰা শান্তনু নাইডু সদায় নিজৰ বয়সৰ মানুহৰ পৰা পৃথক। আজি ৩১ বছৰ বয়সত তেওঁ ব্যৱসায়িক জগতখনত নিজৰ বাবে এক সুকীয়া পৰিচয় সৃষ্টি কৰিছে। শান্তনু নাইডু কেৱল ব্যৱসায়িক জগতত সফলতাৰ বাবেই নহয়, সমাজৰ প্ৰতি থকা সংবেদনশীলতাও তেওঁক বিশেষ কৰি তুলিছে। জন্তুৰ প্ৰতি প্ৰেম আৰু সমাজ সেৱাৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ বাবেই তেওঁ “মট’প’ছ” নামৰ এটা সংস্থা গঠন কৰে, যিয়ে ৰাজপথত ঘূৰি ফুৰা কুকুৰবোৰক সহায় কৰে। ৮৬ বছৰীয়া ৰতন টাটা আৰু ৩১ বছৰীয়া শান্তনুৰ মাজত ইমান গভীৰ বন্ধুত্ব কেনেকৈ হৈছে বুলি ক’বলৈ আৰু শুনিবলৈ অলপ আচহুৱা যেন লাগিব পাৰে? শান্তনু নাইডু আৰু ৰতন টাটাৰ বন্ধুত্ব শান্তনুৰ সংস্থা মট’প’জে ৰাস্তাত ঘূৰি ফুৰা কুকুৰৰ বাবে বিশেষ ডেনিম কলাৰ তৈয়াৰ কৰিছিল, য’ত ৰিফ্লেক্টৰ আছিল, যাতে দ্ৰুতগতিত চলা বাহনৰ পৰা তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পৰা যায়। এই নতুন চিন্তাধাৰাই নিজেও জন্তুৰ প্ৰতি থকা ভালপোৱা ৰতন টাটাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ৰতন টাটাই শান্তনুক মুম্বাইলৈ মাতিছিল, তাৰ পৰাই দুয়োৰে মাজত গভীৰ বন্ধুত্ব আৰম্ভ হ’ল। দুয়োৰে মাজত উমৈহতীয়া চিন্তাধাৰা আৰু সামাজিক বিষয়ৰ আলোচনাই এই সম্পৰ্কক আৰু অধিক মজবুত কৰি তুলিছিল। শান্তনুৱে এতিয়া ৰতন টাটাৰ কাৰ্যালয়ত জেনেৰেল মেনেজাৰ হিচাপে কাম কৰে আৰু নতুন ষ্টাৰ্টআপত বিনিয়োগৰ ক্ষেত্ৰতো টাটা গ্ৰুপক পৰামৰ্শ দিয়ে।
৬। এদিনাখন ৰতন টাটাই ৰাস্তাৰে গৈ থাকোতে্ দেখা পাইছিল যে এখন স্কুটীত তিনিজনীয়া পৰিয়াল বৰষুণত তিতি তিতি গৈ আছিল। তেতিয়াই ৰতন টাটাৰ মনলৈ আহিল যে আমি লাখটকীয়াত এখন চাৰিচকীয়া বাহন উলিয়াব নোৱাৰোনে। তাৰ পিছতেই তেওঁৰ কোম্পানীৰ সৈতে আলোচনা কৰি অতি কম খৰচতে ক্ৰয় কৰিব পৰাকৈ টাটা নেনো নামেৰে চাৰিচকীয়া বাহন বজাৰত মুকলি কৰি দিয়ে।
ৰতন টাটাৰ প্ৰাণতকৈ প্ৰিয় আছিল গোৱা নামৰ এটি কুকুৰ। ১১ বছৰ পূৰ্বে গোৱাত পিকনিক খাবলৈ যাওঁতে পাইছিল কুকুৰটো।
নিজৰেই তাজ হোটেলত থকা-মেলা বা খোৱা লোৱা কৰি বিল পৰিশোধ কৰিছিল এইগৰাকী ৰতন টাটাই
যোৱা সোমবাৰে সামাজিক মাধ্যমত কৰা পোষ্টটোৱেই আছিল ৰতন টাটাৰ শেষৰটো পোষ্ট। পোষ্টটোত অনুৰাগীসকলৰ বাবে এটা বাৰ্তা এনেদৰে লিখিছিল:
‘‘মোৰ বিষয়ে চিন্তা কৰাৰ বাবে ধন্যবাদ।
বয়স আৰু আনুষংগিক চিকিৎসাজনিত অৱস্থাৰ বাবে
বৰ্তমান মোৰ স্বাস্থ্যৰ চিকিৎসা পৰীক্ষা চলি আছে।
মোৰ মনোবল উচ্চ।’’
অৱশেষত ৯ অক্টোবৰত ৮৬ বছৰ বয়সত নিয়তিৰ ওচৰত পৰাজয় স্বীকাৰ কৰি শেষ নিশ্বাস ত্যাগ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি