Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 8:20 am

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » Ratan Tata | ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

Ratan Tata | ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

 

দুৰ্গাপূজাৰ আনন্দ-উলাহৰ মাজতে সপ্তমীৰ শুভ প্ৰভাতত বিষাদে আৱৰি গৈছে সমগ্ৰ দেশ। কিয়নো দেশৰ ঔদ্যোগিক খণ্ডৰ এক বিশিষ্ট স্তম্ভ, আৰ্থ-সামাজিক ক্ষেত্ৰৰ এগৰাকী কৰ্ণধাৰ আৰু আধুনিক ভাৰতৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা ৰতন টাটাই এই ধৰাৰ মায়া এৰি চিৰবিদায় মাগিছে।
মৃত্যুৰ শীতল কোলাত এতিয়া চিৰনিদ্ৰাত মগ্ন বিখ্যাত উদ্যোগপতি ৰতন টাটা । ৮৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । নিশ্চিতভাৱে ৰতন টাটাৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি ।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰতন টাটা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বয়সজনিত বহু ৰোগৰ সমস্যাই দেখা দিছিল। টাটা গ্ৰুপক আকাশ স্পৰ্শৰ দিশে লৈ যোৱা ৰতন টাটাই ভাৰতীয় ঔদ্যোগিক খণ্ডকো এক নতুন উচ্চতা প্ৰদান কৰি গৈছে । যাৰ বাবে তেওঁক বহু দিন ধৰি দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদানৰ দাবী উত্থাপিত হৈ আহিছে । অৱশ্যে জীৱিত অৱস্থাত তেওঁ সেই সন্মান নাপালেও দেশৰ প্ৰায় প্ৰতিগৰাকী লোকৰ মনে-প্ৰাণে সোমাই আছে ৰতন টাটাৰ মহানুভৱতা।
মৰতলৈ সময়ে সময়ে এনে কিছু ব্যক্তিৰ আগমন ঘটে, যাৰ চিৰ প্ৰস্থানে সমাজৰ প্ৰতিটো স্তৰৰ মানুহকে মৰ্মাহত কৰি যায়৷ বিশিষ্ট উদ্যোগপতি ৰতন টাটা এনে এগৰাকী যুগান্তৰৰ পুৰুষ ৷ ৮৬ বছৰ বয়সত মুম্বাইত ৰতন টাটাৰ বিয়োগত সমগ্ৰ দেশৰ লগতে অসমতো শোকৰ ছাঁ পৰিছে । সমাজহৈতিষী বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃত্যুত অসমবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে দেশ তথা অসমৰ প্ৰতি তেখেতৰ অৱদানৰ কথা ।
অসমহৈতিষী ৰতন টাটা:
অসমৰ সৈতে ৰতন টাটা আৰু টাটা গ্ৰুপৰ সম্পৰ্ক অতি পুৰণি ৷ চাহ উদ্যোগৰ পৰা অতি শেহতীয়া ২৭,০০০ কোটিটকীয়া ছেমি কণ্ডাক্টৰ উদ্যোগলৈ, পৰ্যটন উদ্যোগৰ পৰা কেন্সাৰ কেয়াৰ হাস্পতাললৈ— অসমৰ ঔদ্যোগিক ক্ষেত্ৰৰ পৰা সমাজ সেৱালৈ অসমৰ সৈতে ৰতন টাটাৰ সম্পৰ্ক আছিল সুমধুৰ আৰু অৱদান দীৰ্ঘকালীন তথা সুদূৰপ্ৰসাৰী ৷ সমগ্ৰ দেশৰ লগতে অসমৰো নৱপ্ৰজন্মৰ মানৱীয় মূল্যবোধৰ বাবে প্ৰেৰণাৰ উৎস আছিল ৰতন টাটা । তেখেতৰ ব্যক্তিত্ব আৰু অৱদান অসমতো হৈ পৰিছিল অজস্ৰজনৰ বাবে জীৱন যুদ্ধৰ চালিকা শক্তি।
ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ সন্মান ‘অসম বৈভৱ’ বঁটা:
ৰতন টাটাই জীৱনকালত ভাৰতীয় সমাজ জীৱনৰ লগতে অসমৰ সমাজ জীৱনলৈয়ো আগবঢ়াইছিল প্ৰভূত বৰঙণি । দেশৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি হৈও অতি সাধাৰণ জীৱন কটোৱা ৰটন টাটাৰ অসমৰ প্ৰতি অকৃত্ৰিম ভালপোৱা তথা ৰাজ্যখনৰ প্ৰতি আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বাবে অসম চৰকাৰে ২০২১ বৰ্ষত আগবঢ়াইছিল অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান ‘অসম বৈভৱ’ বঁটা । অসম বৈভৱ (Assam Baibhav) হ’ল অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান । ২০২১ বৰ্ষৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে ।
প্ৰথমবাৰৰ বাবে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক কৰ্কট ৰোগৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় । বয়সজনিত কাৰণত বঁটা প্ৰদান অনুষ্ঠানলৈ ৰতন টাটা আহিব নোৱৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ মুম্বাইৰ বাসগৃহত তেখেতক এই সন্মান প্ৰদান কৰে ।
অসমত কেন্সাৰ হাস্পতাল স্থাপন:
অসমৰ স্বাস্থ্য খণ্ডলৈ ৰতন টাটাই আগবঢ়াই গৈছে মহত্বপূৰ্ণ অৱদান । কেন্সাৰ কেয়াৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ৰতন টাটাৰ উদ্যোগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰ্ধিত কেন্সাৰ ৰোগীৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বহুকেইখন কেন্সাৰ হাস্পতাল স্থাপন হৈছিল । টাটা ন্যাস আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত মুঠ ১৯ খন কেন্সাৰ হাস্পতাল পৰ্যায়ক্ৰমে স্থাপনৰ বাবে ২০১৮ চনত টাটা ন্যাসে অসম চৰকাৰৰ সৈতে এক চুক্তি স্বাসেই মৰ্মে অসমত ২০২২ চনৰ ২৮ এপ্ৰিলত মুকলি হৈছিল টাটা ন্যাসৰ উদ্যোগত নিৰ্মাণ কৰা ৭ খনকৈ অত্যাধুনিক কেন্সাৰ হাস্পতাল । ৰতন টাটাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত মুঠতে সাতখন কেন্সাৰ হাস্পতাল উদ্বোধন কৰে ৷ আন সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলাও স্থাপন কৰে ৷ সেইদিনা ডিব্ৰুগড় , বৰপেটা, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ আৰু লখিমপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা সাতখন কেন্সাৰ হাস্পতাল মুকলি কৰাৰ লগতে গোৱালপাৰা, শিৱসাগৰ, ধুবুৰী, নগাঁও, গোলাঘাট, তিনিচুকীয়া আৰু নলবাৰীত নিৰ্মাণ হ’বলগীয়া আন সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে ৷
অসমৰ কাৰিকৰী শিক্ষাতো বিনিয়োগ:
নৱপ্ৰজন্মক কাৰিকৰীভাৱে শিক্ষিত কৰি বৃত্তিমুখী কৰি তোলাৰ উদ্দেশ্যেৰে অসমৰ বৃত্তিমুখী শিক্ষা খণ্ডতো মনোনিৱেশ কৰিছিল ৰতন টাটাই । ৰতন টাটাৰ উদ্যোগত টাটা টেকন’লজিছে অসম চৰকাৰৰ সহযোগত ২০২২ চনৰ ৩ মে’ত কাৰিকৰী শিক্ষা প্ৰসাৰৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছিল । অভিযান্ত্ৰিক আৰু প্ৰডাক্ট ডেভেলপমেণ্ট ডিজিটেল সেৱা কোম্পানী টাটা টেকন’লজিছে অসমৰ ৩৪ খন পলিটেকনিক আৰু ৪৩ খন চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক (ITI) ৰূপান্তৰিত কৰি উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰৰ সৈতে এই চুক্তিপত্ৰ স্বাক্ষৰ কৰিছিল ৷
এই পদক্ষেপৰ মূল উদ্দেশ্য আছিল কাৰিকৰী এই প্ৰতিষ্ঠানসমূহ উন্নীতকৰণৰ পিচত এই চি অ’ ইসমূহে কেৱল অসমৰ মূল উদ্যোগসমূহৰ সৈতে সংযুক্ত ছাত্ৰ-ছাত্ৰীৰ উন্নত দক্ষতাৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, এই ব্যৱস্থাই এম এছ এম ইসমূহৰ বাবে প্ৰযুক্তি আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপেও কাম কৰা আৰু ঔদ্যোগীকৰণৰ সহায়কৰূপে গঢ়ি তোলা । এই প্ৰকল্পৰ অধীনত মুঠ প্ৰস্তাৱিত বিনিয়োগ আছিল প্ৰায় ২,৩৯০ কোটি টকা ।
চাহ আৰু পৰ্যটন উদ্যোগলৈ অৱদান:
অসমৰ চাহ আৰু পৰ্যটন উদ্যোগৰ ক্ষেত্ৰখনতো ৰতন টাটাৰ উদ্যোগত যথেষ্ট বিনিয়োগ আৰু সম্প্ৰসাৰণ হৈ আহিছিল ৷ যিবোৰে অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বিগত কেইবা দশক ধৰি । এইগৰাকী মানৱীয় মূল্যবোধৰ শিখা বহনকাৰী বিশিষ্ট সমাজসেৱী আৰু উদ্যোগপতি ৰতন টাটা উদ্যোগপতি হিচাপেই নহয় অসমৰ সামাজিক প্ৰেক্ষাপটত সদায়েই মানৱতাবাদী কৰ্মৰ প্ৰেৰণাৰ উৎস হৈ থাকিব ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি