Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 8:44 am

Home » আঞ্চলিক » অসম » হাৰিয়ানা বিধানসভা নিৰ্বাচনত অসমীয়াৰ অসমীয়াগিৰি | Hariyana Election |

হাৰিয়ানা বিধানসভা নিৰ্বাচনত অসমীয়াৰ অসমীয়াগিৰি | Hariyana Election |

 

হাৰিয়ানাত বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব বিজয়। আৰু এই বিজয়ৰ আঁৰত আছে এজন অসমীয়া নেতাৰ। অসমত বিজেপিৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সেই নেতাগৰাকী হ’ল ফণীন্দ্ৰ নাথ শৰ্মা। ফণীন্দ্ৰ নাথ শৰ্মাৰ হাত ধৰিয়ে হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিলে ডাঙৰ সফলতা।
বহু বছৰ ধৰি অসম বিজেপিৰ সাংগঠনিক সম্পাদক পদত অধিষ্ঠিত হৈ থকা ফণীন্দ্ৰ নাথ শৰ্মাক হাৰিয়ানালৈ পঠিওৱা হৈছিল। তাৰ পিছৰে পৰা হাৰিয়ানাত আৰম্ভ হৈছিল সংগঠনৰ ভেটি পুনৰ উদ্ধাৰৰ কাম। লোকসভা নিৰ্বাচনত বিশেষ সফলতা লাভ কৰিব পৰা নাছিল বিজেপিেয়। তাৰ পিছৰে পৰাই দল আৰু চৰকাৰে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছিল। সেই দলৰ গুৰি ধৰিছিল ফণীন্দ্ৰ নাথ শৰ্মাই।
লোকসভা নিৰ্বাচনত আপেক্ষিকভাৱে বেয়া ফলাফলৰ পিছত হাৰিয়ানাত কঠোৰ পৰিশ্ৰম আৰম্ভ কৰে RSS-এ। বিজেপিৰ উত্থানৰ আঁৰত থকা আৰ এছ এছে নতুনকৈ আৰম্ভ কৰে সংগঠন পুনৰ উদ্ধাৰৰ কাম। সেই কামৰ গুৰি ধৰে দীৰ্ঘদিন ধৰি আৰ এছ এছৰ সৈতে জড়িত থকা ফণীন্দ্ৰ নাথ শৰ্মাই। সেই আৰ এছ এছৰ পৰা আহিয়েই বিজেপিৰ ৰাজ্যিক সাংগঠনিক পদত অধিষ্ঠিত হৈছিল ফণীন্দ্ৰ নাথ শৰ্মা।
অৱশ্যে আৰ এছ এছৰ সমগ্ৰ কাম-কাজ তদাৰক কৰিছিল আৰ এছ এছ প্ৰধান মোহন ভাগৱতে। সেই একেটা মডেলতে মহাৰাষ্ট্ৰতো প্ৰয়োগ কৰাৰ দিশত অগ্ৰসৰ হৈছে আৰ এছ এছ আৰু বিজেপি।
স্মৰ্তব্য যে লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰতো ভাল ফলাফল দেখুৱাব পৰা নাছিল বিজেপিয়ে। সেয়ে সক্ৰিয় ৰূপত অৱতীৰ্ণ হৈছে আৰ এছ এছ। বিজেপিৰ ভেটি ভাঙি যোৱাৰ পূৰ্বে আৰ এছ এছে পুনৰ সংগঠনটো ধৰি ৰখাৰ চেষ্টা চলাইছে।
ইফালে, হাৰিয়ানাত আন এগৰাকী অসমীয়াই উৰুৱাইছে বিজয়ধ্বজা। হাৰিয়ানা বিধানসভালৈ প্ৰত্যাৱৰ্তন ঘটিছে অসমত জন্মলাভ কৰা সাৱিত্ৰী জিন্দালে। ভাৰতৰ সকলোতকৈ ধনাঢ্য মহিলা সাবিত্ৰীৰ হাতত ধৰাশায়ী কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থী। সাৱিত্ৰীৰ হাতত পৰাস্ত কংগ্ৰেছৰ নিকট প্ৰতিদ্বন্দ্বী ৰাম নিৱাস ৰাৰা।
অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দাল আজি বিশ্বৰে অন্যতম ধনাঢ্য মহিলা। দেশৰ প্ৰখ্যাত উদ্যোগপতি ওম প্ৰকাশ জিন্দালৰ সহধৰ্মীনি সাৱিত্ৰী জিন্দাল সম্প্ৰতি জিন্দাল গ্ৰুপৰ অধ্যক্ষ তথা কুৰুক্ষেত্ৰ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ উদ্যোগপতি নবীন জিন্দালৰ মাতৃ। এইবছৰৰ প্ৰথমাৰ্ধতে কংগ্ৰেছ ত্যাগ কৰি তেওঁ যোগদান কৰিছিল বিজেপি দলত। কিন্তু বিজেপি দলে টিকট প্ৰদান নকৰাত নিৰ্দলীয় প্ৰাৰ্থীৰূপেই হাৰিয়ানাৰ হিছাৰ বিধানসভা সমষ্টিৰ পৰা কৰিছিল প্ৰতিদ্বন্দ্বিতা। মঙলবাৰে ঘোষণা হোৱা হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলত হিছাৰ সমষ্টিৰ বিগত দুটা কাৰ্যকালৰ বিজেপিৰ বিধায়ক তথা হাৰিয়ানাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কমল গুপ্তাক শোচনীয়ভাৱে পৰাস্ত কৰে সাৱিত্ৰী জিন্দালে।
উল্লেখযোগ্য যে হাৰিয়ানাৰ হিছাৰ সমষ্টি জিন্দাল পৰিয়ালৰ দুৰ্গ ৰূপেই পৰিচিত আছিল। পূৰ্বেই এই সমষ্টিক ৩ বাৰৰ বাবে প্ৰতিনিধিত্ব কৰিছিল তেওঁৰ প্ৰয়াত স্বামী ওম প্ৰকাশ জিন্দালে। স্বামীৰ মৃত্যুৰ পিছত ২০০৫-২০১৪ চনলৈ দুটা কাৰ্যকালৰ বাবে সাৱিত্ৰী জিন্দালে প্ৰতিনিধিত্ব কৰিছিল হিছাৰক। কিন্তু ২০১৪ চনত পৰাজয় বৰণ কৰাৰ পিছত ২০১৯ত তেওঁ কৰা নাছিল প্ৰতিদ্বন্দ্বিতা।
উল্লেখযোগ্য যে কংগ্ৰেছৰ শাসনত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাৰ মন্ত্ৰী সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল সাৱিত্ৰী জিন্দাল। ৰাজনৈতিক ক্ষেত্ৰত নিজৰ বিচক্ষণতাৰ পৰিচয় দিয়া সাৱিত্ৰী জিন্দালে ইতিমধ্যে ব্যৱসায়িক ক্ষেত্ৰটো নিজৰ দক্ষতাৰ পৰিচয় দিছে। ২০০৫ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত স্বামী ওম প্ৰকাশ জিন্দালৰ মৃত্যুৰ পিছতে জিন্দাল গ্ৰুপৰ দায়িত্ব লৈছিল সাৱিত্ৰী জিন্দালে। সাৱিত্ৰীৰ নেতৃত্বতে ব্যৱসায়িক খণ্ডত জিন্দাল গ্ৰুপে প্ৰভাৱ বৃদ্ধি কৰিবলৈ সক্ষম হয়। ৭৫ বছৰীয়া জিন্দাল সম্প্ৰতি দেশৰ সকলোতকৈ ধনী মহিলা।
ধাৰাবাহিকভাৱে বিশ্বৰ আটাইতকৈ ধনী মহিলাসকলৰ ভিতৰত স্থান লাভ কৰিছে সাৱিত্ৰী জিন্দালে। বিশ্ব বিখ্যাত আলোচনী ফ’ৰ্বচৰ মতে সাৱিত্ৰী জিন্দালৰ মুঠ সম্পত্তিৰ পৰিমাণ ২ লাখ ৪২ হাজাৰ ৩৪২ কোটি টকাৰো অধিক। মনোনয়ন পত্ৰত দাখিল কৰা তথ্য অনুসৰি তেওঁৰ ব্যক্তিগত সম্পত্তিৰ পৰিমান ২৭০ কোটি ৭০ লাখ টকা। ৰাজনীতিৰ সমান্তৰালকৈ শিক্ষা, স্বাস্থ্য সেৱা আৰু গ্ৰাম্য উন্নয়খনণ্ডৰ বিকাশৰ বাবে আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে এইগৰাকী অসমৰ জীয়ৰীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি