Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:19 am

Home » আঞ্চলিক » অসম » মিয়াৰ হাতত ৰেলৰ চাবি – যোগ্যতাৰ ভিত্তিত স্থান পাইছে মিয়াৰ যুৱক-যুৱতীয়ে

মিয়াৰ হাতত ৰেলৰ চাবি – যোগ্যতাৰ ভিত্তিত স্থান পাইছে মিয়াৰ যুৱক-যুৱতীয়ে

মাছ-মাংস, শাক-পাচলি এইবাৰ মিয়াৰ হাতত ৰেলৰ চাবি। মিয়া সকলৰ চিকিৎসক শিক্ষক ইঞ্জিনিয়াৰ আছে, মিয়া সকলৰ ভিতৰত IPS, IAS, APS, আছে । যোগ্যতাৰ ভিত্তিত বহুত ওপৰত স্থান পাইছে মিয়াৰ বহু যুৱক যুৱতীয়ে। তেন্তে কিয় উজনি অসমৰ পৰা মিয়া খেদাৰ আন্দোলন আৰম্ভ হল?
অসমত মিয়া বিতৰ্ক চলিয়েই আছে, বিশেষকৈ উজনি অসমত। ৰাজনৈতিক স্বাৰ্থতেই হওঁক বা অন্য কাৰণতেই হওঁক, মুঠতে উজনি অসম ত্যাগ কৰিবয়েই লাগিব মিয়াই। এই আন্দোলন আৰম্ভ হোৱাৰে পৰা উজনি অসমত বহু কাম স্থগিত হৈ আছে। তাৰে উদাহৰণ, মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম, বন্ধ হৈ থকা বিভিন্ন ইটাভাটা উদ্যোগ ইত্যাদি। এয়া মাত্ৰ কিঞ্চিৎ উদাহৰণহে। এনে বহু ঘটনা সংঘটিত হৈছে উজনি অসমত।
মিয়াৰ বিতৰ্ক শেখ নোহোৱাৰ পূৰ্বেই বন্দে ভাৰত এক্সপ্ৰেছ’ৰ পাইলটৰ আসনত বহিল এগৰাকী মিয়া যুৱক। ৰাজধানীৰ পাছতেই বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ আটাইটকৈ পৰিষ্কাৰ আৰু দ্ৰুতগতিত চলা ৰেল। সেই ৰেলৰ চালকৰ আসনত বহিল এজন মিয়া যুৱক। চাওঁক এই যুৱক জনেই হল সেই জন মিয়া যুৱক। একাংশ ভণ্ড নেতা-পালিনেতাই যে মিয়াক খেদো খেদো বুলি চিঞৰি থাকে, সেইসকল ভণ্ড নেতাই এই ভিডিঅটি ভালদৰে চাওক। সামাজিক মাধ্যমত ভাইৰেল হোৱা লৰা জনৰ নাম আলী আজগৰ। তাৰ বয়স ২১ বছৰ। আলী আজগৰে ৰেলৰ চালকৰ আসনত বহা দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত।
সমগ্ৰ নেতিবাচক বাতৰি মাজতে এইবাৰ চাওক এই দৃশ্যলৈ। নাৰীক দুৰ্বল বুলি ভৱা মানসিকতাৰ লোকসকলে চাওক এই দৃশ্য। এগৰাকী মহিলা হৈয়ো ৰেলৰ চালকৰ আসন কেনেকৈ শুৱনি কৰিছে এইগৰাকী নাৰীয়ে।

 

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমাজিক মাধ্যমৰ একাউণ্টত এই ভিডিঅটি শ্বেয়াৰ কৰি এই বুলি উল্লেখ কৰে যে- ভাৰতৰ নাৰী সবলীকৰণৰ সুন্দৰ বাৰ্তা বহন কৰা এই দৃশ্যাৱলী দেখি মনটি ভৰি পৰিল৷ ঝাৰখণ্ডৰ এগৰাকী আদিবাসী কন্যা শ্ৰীৰিতিকা তিৰ্কীয়ে নিজ দক্ষতাৰে আজি বন্দে ভাৰতৰ দৰে বিশেষ ট্ৰেইনৰ লক’ পাইলট হিচাপে নিযুক্ত হৈছে৷ ৰিতিকা আজিৰ লাখ লাখ মহিলাৰ বাবে প্ৰেৰণাৰ উৎস৷ আৰু এই নাৰী সবলীকৰণৰ যাত্ৰাও আমাৰ সকলোৰে বাবে অনন্য প্ৰেৰণাস্ৰোত৷
মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যেনেকৈ এগৰাকী নাৰীক আপুনি প্ৰেৰণা দিছে, ঠিক একেদৰে অসমৰ পিছপৰা প্ৰতিটো জাতি-জনগোষ্ঠী-সম্প্ৰদায়ৰ লোকক সমদৃষ্টিৰে আকোৱালি অসমখনকো আগুৱাই লৈ যাব বুলিও প্ৰতিগৰাকী অসমীয়া আশাবাদী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি