Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 7:58 am

Home » আঞ্চলিক » অসম » মুছলমান হোৱাটোৱেই অপৰাধ নেকি? খণ্ড- ২

মুছলমান হোৱাটোৱেই অপৰাধ নেকি? খণ্ড- ২

  • চাহিন চুলতানা
ৰাতিপুৱা উঠি বাতৰি কাকতখন মেলিলেই নাইবা টিভিত বাতৰি চাবলৈ গলেও কেৱল হত্যা, লুণ্ঠন, ধৰ্ষণ, দুৰ্নীতি, অনিয়ম আদিৰ বাতৰিয়ে অধিক ঠাই পোৱা পৰিলক্ষিত হয়। বাতৰি এনেইতো প্ৰচাৰ বা প্ৰকাশ কৰা নহয়। ঘটনা এটা ঘটাৰ পিছতেই সেয়া বাতৰি হিচাপে প্ৰকাশ বা প্ৰচাৰ হয়। এনে বাতৰিসমূহ প্ৰচাৰ বা প্ৰকাশ হোৱাৰ পিছতেই সম্প্ৰতি গা কৰি উঠা সামাজিক মাধ্যমত তাকে লৈ ট্ৰল কৰা দেখা যায়।
সমাজিক মাধ্যমত এই ঘটনাসমূহ ধৰ্মীয় ৰূপত মেৰু বিভাজন কৰি সম্প্ৰীতিৰ আগবাটত ভেটা দি সামাজিক পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হয়। এক কথাত কবলৈ গলে সামাজিক মাধ্যমত সোমাবই নোৱাৰি। বিশেষকৈ ফেচবুকত সোমালেই যেন কেৱল হিন্দু-মুছলামনৰ কাজিয়া। ফেচবুকৰ এই হিন্দু মুছলমানৰ কাজিয়াৰ মাজতেই দীৰ্ঘদিন ধৰি এটা বিষয়ে বিশেষভাৱে ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে,
সেয়া হৈছে সকলো অপৰাধজনিত কাম যেন কেৱল মিয়াই কৰে। সামাজিক মাধ্যমত চৰ্চিত এই বিষয়টিয়ে ৰাজ্যখনৰ সমাজ জীৱনত অশান্তিৰ পৰিৱেশ গা কৰি উঠাৰ এক আহিলা হৈ পৰিছে। ৰাজনৈতিক মহলে ইয়াক সাৰ-পানী যোগান ধৰাৰ লগতে একাংশ তথাকথিত অৰাজনৈতিক নেতাই চৰ্চিত এনে মিয়াবাদক অস্ত্ৰ হিচাপে লৈ ধন ঘটোৱাৰ লগতে সামাজিক মাধ্যম, সংবাদ মাধ্যম গৰম কৰি ৰাখিছে।
আমি সঘনে টিভিৰ পৰ্দাত, নতুবা ৰাজহুৱা মঞ্চত উল্লেখ কৰি থাকো যে, অপৰাধীৰ কোনো জাতি বা ধৰ্ম নাই। অপৰাধী অপৰাধীয়েই। কিন্তু কাৰ্যতঃ সামাজিক মাধ্যমত দেখা যায় সকলো অপৰাধ যেন কেৱল মিয়াই হে কৰে। কথাষাৰ সম্পূৰ্ণ মিছা নহলেও ইয়াৰ আৰত কিছুমান যুক্তি বা তথ্য লুকাই আছে। যি তথ্য বা যুক্তি পোহৰলৈ নাহে। এই যে মিয়াসকলে অপৰাধজনিত ঘটনা বেছিকৈ সংঘটিত কৰে, কিয় কৰে বা কি কৰিলে ইয়াৰ সমাধান হব, যাৰ জৰিয়তে ৰাজ্যৰ শান্তিৰ বাতাবৰণ অটুট থাকিব। এই সন্দৰ্ভত কোনো ক্ষমতাধাৰী ৰাজনৈতিক মহল, তথাকথিত একাংশ অৰাজনৈতিক সংগঠনে দৃষ্টান্তমূলক সমাধানৰ বিকল্পৰ কথা উল্লেখ নকৰে।
এয়া সত্য যে, মিয়াই অপৰাধজনিত কাম বেছি কৰে। কিন্তু কোনবোৰ অপৰাধ? সৰু-সুৰা চোৰ, ডকাইতি, ধৰ্ষণ ইত্যাদি। ইয়াৰে ভিতৰতে সমগ্ৰ ৰাজ্যত যদি তথ্যভিত্তিক বিষয়টো দেখা যায়, তেন্তে আত্মীয়ৰ মাজত মাটি-বাৰীক লৈ সৰ্বাধিক গোচৰ ৰুজু হোৱাহে পৰিলক্ষিত হয়। তাতোকৈ ডাঙৰ কথাটো হল যে, নাৰীজনিত অপৰাধ। সাধাৰণতে ব্যক্তিগত শত্ৰুতাৰ প্ৰতিশোধ লবলৈ গৈ নাৰীজনিত অপৰাধত ফচাই বহু নিৰীহ লোকক অভিযুক্ত কৰা হয়। এনে অপৰাধজনিত ঘটনাৰ আৰত মূলতঃ লুকাই আছে শাসকীয় চৰকাৰৰ অৱহেলা, অৰ্থ, শিক্ষা আৰু সচেতনতাৰ অভাৱ। ইয়াৰ বিপৰীতে যদি দেখা যায়, অসমত যিসমূহ ডাঙৰ ডাঙৰ অপৰাধ, যেনে দুৰ্নীতি, কেলেংকাৰী, হত্যা, প্ৰতাৰণা ইত্যাদিবোৰ কোনো মিয়াই কৰাৰ বাতৰি তেনেই তাকৰ।
বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বিভিন্ন মাধ্যমত উত্থাপিত হোৱা কেলেংকাৰী বা অনিয়মৰ কথাবোৰ উল্লেখ নকৰিলোৱেই যেনিবা। তাৰ পিছতো তিহাৰ জেল ফেৰত এসময়ৰ প্ৰভাৱশালী মন্ত্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰী বিভিন্ন বিভাগৰ কোটি কোটি টকাৰ কেলেংকাৰী, বোমা বিস্ফোৰণ, পতি আৰু শাহুৱেকৰ মূৰ কাটি ফ্ৰিজত সোমোৱা আৰু শেহতীয়াকৈ প্ৰতাৰণাৰে সাধাৰণ লোকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰা চুমি-বিশালৰ কাহিনীবোৰৰ দৰে ডাঙৰ ডাঙৰ অপৰাধত কোন জাতি বা ধৰ্মৰ লোক জড়িত।
সেয়ে কোৱা হয়স অপৰাধী অপৰাধীয়েই। অপৰাধীৰ কোনো জাত-পাত বা ধৰ্ম নাই। এই সকলোবোৰ কথা আমি জানি-বুজিও এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক তুচ্ছ-তাচ্ছিল্য কৰা, অপমান কৰা বা দোষাৰূপ কৰা যেন আমাৰ স্বভাৱত পৰিণত হৈছে। অৱশ্যে এইক্ষেত্ৰত আৰক্ষীৰ ভুল, সোপাঢিলা নীতি বা বৈষম্যমূলক আচৰণৰ কথা এৰাই নচলিলে নহব। আৰক্ষীৰ ভুলৰ বাবে, আৰক্ষীৰ সোপাঢিলা নীতি বা বৈষম্যমূলক আচৰণৰ বাবে আজিও বহুত নিৰীহ লোক বছৰ বছৰ ধৰি জেল হাজোত খাটিবলগীয়া হৈছে। বহুতৰ প্ৰাণ গৈছে।
কিন্তু কাৰ্যত যি আৰক্ষীৰ ভুল, সোপাঢিলা নীতি বা বৈষম্যমূলক আচৰণৰ বাবে নিৰীহ লোক অপৰাধী বা অভিযুক্ত হৈ নিজৰ মান-সন্মান সকলো ধূলিৰ সৈতে মিহলি হল, নাইবা যিসকলৰ একমাত্ৰ উপাৰ্জনকাৰী লোকৰ প্ৰাণ গল, ঘুণীয়া হৈ আজিও মৃত্যুৰ সৈতে যুঁজি আছে, সেইসকল আৰক্ষী-প্ৰশাসনৰ লোকৰ বিৰুদ্ধে দৃষ্টান্তমূলত ব্যৱস্থা শাসন যন্ত্ৰই হাতত লোৱা দেখা নাযায়। যাৰ ফলস্বৰূপে আৰক্ষী-প্ৰশাসনৰ লোকে আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি ব্যক্তি অনুপাতে ভক্তি কৰা বাতৰিও প্ৰায়েই পোৱা যায়।
সততে দেখা যায় এগৰাকী কুখ্যাত লোকক আৰক্ষীয়ে হেণ্ডকাফ নলগোৱাকৈ আৰু আন একাংশক আকৌ অভিযুক্ত নোহোৱাকৈয়েই বা সাধাৰণ অপৰাধী কুখ্যাত অপৰাধীৰ দৰে হাতত হেণ্ডকাফ লগোৱা, ধন ঘটিবলৈ অভিযোগকাৰীৰ সৈতে অশালীন ব্যৱহাৰ বা দাবী-ধমকি দিয়াৰ অভিযোগ প্ৰায়েই পোৱা যায়। উদাহৰণ দি লিখিবলৈ গলে পৃষ্ঠাৰ অভাৱ হব।
মূলতঃ কথাটো হল শতাংশৰ ওপৰত জুখি চাই মিয়া বা মুছলমান লোক অপৰাধী বেছি বুলি তালিকা প্ৰস্তুত নকৰি ভালকৈ যদি চালি-জাৰি চাই অপৰাধী চিনাক্ত কৰা হয়, তেন্তে মিয়া বা মুছলমান অপৰাধীৰ সমানে সমানে অন্য সম্প্ৰদায় বা ধৰ্মৰ লোকৰ সংখ্যা ওলাব। এইক্ষেত্ৰত একাংশ সংবাদ মাধ্যমৰো ভূমিকা তেনেই ৰহস্যজনক। ঘটনা যিয়েই নহওক, আলী, হুছেইন, আহমেদ, আলম, খান ইত্যাদি উপাধি হলেই একাংশ সংবাদ মাধ্যমে সেই বাতৰিটোক টেটু ফালি এনেদৰে পৰিৱেশন কৰে, যিটো হয়তো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। সেয়ে জাতি বা ধৰ্মৰ ভিত্তিত অপৰাধীক বাচ-বিচাৰ নকৰি অপৰাধীক অপৰাধী হিচাপে চিনাক্ত কৰি আৰু যিকোনো অপৰাধজনিত সংখ্যা হ্ৰাস কৰাৰ বাবে আমি মানৱ জাতিটো সষ্টম হব লাগে। এইশ্ৰেত্ৰত সচেতন সমাজ, সংবাদ মাধ্যম, আৰক্ষী-প্ৰশাসন যন্ত্ৰৰ ভূমিকা শুদ্ধ হোৱাটো বঞ্ছনীয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি