সন্দেহজনক? মুছলমান হোৱাটোৱেই অপৰাধ নেকি?
ৱাহিদুৰ ৰহমান বৰা সন্দেহজনক…। অসমত সততে উচ্চাৰিত হোৱা এটা শব্দ। এই সন্দেহজনক শব্দটোক লৈ দীর্ঘ বছৰ ধৰি একাংশ ৰাজনৈতিক দলৰ নেতাই তেওঁলোকৰ ৰাজনৈতিক ৰুটীখন সেকি আহিছে। মূৰত টুপী, মুখত দাড়ি আৰু পিন্ধনত লুঙী দেখিলেই এইসকলৰ দৃষ্টিত লোকজন হৈ পৰে সন্দেহজনক। লোকজন ভাৰতীয় নে বাংলাদেশী নথি-পত্ৰ পৰীক্ষা কৰাৰ যেন কাৰোৰেই সময় নাই। পিন্ধনত লুভী বা টুপী থাকিলেই হ’ল, সেই লোকজন সন্দেহজনক বা বাংলাদেশী হৈ পৰে। হয়, আমি অসম মুলুকত শেহতীয়াকৈ ঘটি থকা কেতবোৰ ঘটনাৰ কথাই ক’ব বিচাৰিছো। লুঙী-টুপী পৰিধান কৰা অসমৰ মুছলমানসকল এতিয়া একাংশৰ বাবে সন্দেহজনক নাগৰিক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জহাই ফুৰা একাংশ সাংবাদিকৰ পৰা আৰম্ভ কৰি তথাকথিত উগ্র সাম্প্রদায়িক সংগঠন আৰু ৰাজনৈতিক দলৰ একাংশ নেতাই লুঙী-টুপী দেখিলেই তেওঁলোকৰ গা