Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:34 am

Home » আঞ্চলিক » অসম » Sonapur Eviction | সোণাপুৰত উচ্ছেদৰ নামত আৰক্ষীৰ বৰ্বৰ আক্ৰমণঃ নিহত ২, আহত ৩০

Sonapur Eviction | সোণাপুৰত উচ্ছেদৰ নামত আৰক্ষীৰ বৰ্বৰ আক্ৰমণঃ নিহত ২, আহত ৩০

 

যোৱা তিনি দিন ধৰি সোণাপুৰত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় শতাধিক বেদখলকাৰীক উচ্ছেদ কৰিছিল প্ৰশাসনে। বৃহস্পতিবাৰেও উচ্ছেদ চলাবলৈ কচুতলীলৈ গৈছিল প্ৰশাসনৰ এটা দল।
পুৱাৰ ভাগত আৰক্ষী আৰু প্ৰশাসনৰ দলটো সেই স্থানত উপস্থিত হোৱাৰ পাছতেই একাংশ সন্দেহযুক্ত লোকে সংঘবদ্ধ হৈ আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ ওপৰত চলালে আক্ৰমণ। সোণাপুৰৰ কচুতলীত সংঘটিত এই ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ৩০ জনৰো অধিক লোক আহত হৈছে ।
পৰিস্থিতি এনে পৰ্যায় পাইছিল গৈ যে, উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ ওপৰত প্ৰথমে সৰু টিলাবোৰত লুকাই থকা লোকসকলে শিলগুটিৰে আৰু পৰৱৰ্তী সময়ত লাঠি, জোং লৈ এই আক্ৰমণ সংঘটিত কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কেইবা জাঁই গুলী চলাবলগীয়া হয়।
আৰক্ষীৰ এই গুলীবৰ্ষণত উচ্ছেদ চলাবলৈ যোৱা দলটোক আক্ৰমণ কৰা দুজন আক্ৰমণকাৰী ক্ৰমে হাইদৰ আলী আৰু জোৱাহিদ আলীৰ সোণাপুৰ হাস্পতালত মৃত্যু হয়। আক্ৰমণকাৰীৰ হাতত আহত হয় ডি চি পি মৃণাল বৰা, ৰাজহচক্ৰ বিষয়া নিতুল খাটনিয়াৰ আৰু কেইবাগৰাকীও মহিলা কনিষ্টবল।
এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় সোণাপুৰ আৰক্ষী থানাৰ ভাৰাপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে কেইবাজনো বেটেলিয়নৰ জোৱানো। আহতসকলৰ ভিতৰত আছে হাবিলদাৰ দ্বীপেন গগৈ, মানৱ জ্যোতি চুতীয়া, অমৰজ্যোতি বৰুৱা আদি। আক্ৰমণকাৰীসকলে উচ্ছেদকাৰী দলে লৈ যোৱা কেইবাখনো যানবাহনো ভাঙি পেলায়।
উল্লেখযোগ্য যে, উক্ত অঞ্চলটোত সন্দেহযুক্ত লোকৰ বেদখলকাৰী বুলি অভিযোগ তুলি স্থানীয় দল, সংগঠনে বহু দিনৰ পৰাই প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি আহিছিল। সমগ্ৰ ডিমৰীয়া অঞ্চলত পাঁচ হাজাৰৰো অধিক সন্দেহযুক্ত পৰিয়ালে ট্ৰাইবেল বেল্টৰ অধীনস্থ চৰকাৰী ভূমি বেদখল কৰি আহিছে। তাৰ ভিতৰত গোমোৰীয়া পথাৰ আৰু আন চৰকাৰী সংৰক্ষিত ভূমিত লক্ষ্যণীয়ভাৱে দিনটোৰ ভিতৰতে বহু নতুন পৰিয়ালে ঘৰ নিৰ্মাণ কৰি বসবাস কৰিবলৈ লোৱাও দেখা গৈছিল।
১৫ দিনৰ পূৰ্বে সোণাপুৰৰ কলংপাৰ নামৰ অঞ্চলত ভিডিপিৰ দলে নিশা দুখন ট্ৰেক্টৰ জব্দ কৰিছিল। সেই ট্ৰেক্টৰ দুখনত ঘৰ নিৰ্মাণ কৰা সামগ্ৰী কঢ়িয়াই লৈ আহিছিল। ইয়াৰ পিছতেই স্থানীয় দল, সংগঠনে উত্থাপন কৰি অহা অভিযোগ অধিক তীব্ৰতৰ হৈ পৰিছিল।
বিষয়টো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টিগোচৰ কৰিছিল তেওঁলোকে। জনগোষ্ঠীয় লোকৰ বসতি সেই অঞ্চলটোত সন্দেহযুক্ত লোকৰ এই আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতে প্ৰশাসনে উচ্ছেদৰ ব্যৱস্থা কৰিছিল।
সেই স্থানত থকা বাসগৃহ, দোকান-পোহাৰসমূহ উচ্ছেদ কৰি ঠাইসমূহ খালী কৰিছিল উচ্ছেদকাৰীৰ দলে। আনকি প্ৰশাসনে ১১ দিনৰ পূৰ্বে মাইকযোগে সেই স্থান ত্যাগ কৰিবলৈ বেদখলকাৰীক আহ্বান জনাইছিল।
এই আহ্বানৰ প্ৰতি কোনো সহাৰি নজনোৱাত প্ৰশাসনে বৃহৎ দল লৈ এই অঞ্চলটোক ১৩ টা খণ্ডত বিভক্ত কৰি ৯ ছেপ্টেম্বৰৰ পৰা উচ্ছেদ অভিযান চলাইছিল। এইখিনিতে মন কৰিবলগীয়া যে, সোণাপুৰ পথাৰ, কচুতলী, গোমোৰীয়া পথাৰ আদি দক্ষিণ কামৰূপ জনজাতিৰ ব্যষ্টনীৰ অন্তৰ্গত।
অভিযোগ মতে ২০০৬ চনতেই সেই স্থানলৈ এজন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত বেদখলকাৰীয়ে সংস্থাপন লোৱাৰ সুবিধা পাইছিল। প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে ভোটৰ অংকত এনে সন্দেহযুক্ত লোকক আশ্ৰয় দিয়াৰো অভিযোগ আছে।
আনহাতে আন একাংশ দালালে ধনৰ বিনিময়ত চৰ অঞ্চলৰ বহু লোকক এই চৰকাৰী ভূমি বিক্ৰী কৰিছিল। এনেকৈয়ে লাহে লাহে এই অঞ্চলসমূহৰ জন বিন্যাসেই সলনি হৈ পৰিছিল। ইয়াৰ সমান্তৰালকৈ কপালকটা, চামতা আদি ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত একাংশ নাগৰিকে বহু ব্যৱসায়ীক প্ৰতিষ্ঠানো গঢ়ি তুলিছিল।
ডিমৰীয়াৰ ১২ খন গাওঁ পঞ্চায়তৰ ভিতৰত ৬ খন গাওঁ পঞ্চায়তে এনে সন্দেহযুক্ত লোকেৰে ভৰি পৰিছিল। যোৱা তিনি দিন ধৰি উচ্ছেদ অভিযান চলাই ঘৰ, দুৱাৰ ভাঙি দিয়াৰ পাছত এই উচ্ছেদিত লোকসকল সেই স্থানৰ পৰা আঁতৰি যোৱা নাছিল।
সৰু সৰু টিলাৰ আঁৰত তেওঁলোকে আত্মগোপণ কৰি পৰিকল্পিতভাৱেই বৃহস্পতিবাৰে উচ্ছেদকাৰী দলৰ ওপৰত আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে। প্ৰশাসনেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা নোলোৱাকৈ আৰু সাম্ভাব্য পৰিস্থিতিৰ কোনো জৰীপ নচলোৱাকৈ এই অভিযান চলাবলৈ যোৱাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে।
উচ্ছেদ চলোৱাৰ পাছত সেই পৰিয়ালসমূহ পূৰ্বৰ স্থানলৈ ঘূৰি গৈছে নে নাই সেই সন্দৰ্ভত প্ৰশাসনে নীৰৱতা অৱলম্বন কৰিছিল আৰু তেনে কোনো তথ্য সংগ্ৰহও কৰা নাছিল। তাৰ পৰিণতিতে সোণাপুৰত বৃহস্পতিবাৰে এই হিংসাত্মক ঘটনা সংঘটিত হ’বলৈ পালে।
ইফালে যিকোনো মূল্যৰ বিনিময়ত জনগোষ্ঠীয় আৰু খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ দাবী জনাইছে স্থানীয় দল, সংগঠনে। ঘটনাস্থলীত এতিয়াও পৰিস্থিতি উত্তপ্ত হৈয়ে আছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি