Sonapur Eviction | সোণাপুৰত উচ্ছেদৰ নামত আৰক্ষীৰ বৰ্বৰ আক্ৰমণঃ নিহত ২, আহত ৩০
| |

Sonapur Eviction | সোণাপুৰত উচ্ছেদৰ নামত আৰক্ষীৰ বৰ্বৰ আক্ৰমণঃ নিহত ২, আহত ৩০

  যোৱা তিনি দিন ধৰি সোণাপুৰত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় শতাধিক বেদখলকাৰীক উচ্ছেদ কৰিছিল প্ৰশাসনে। বৃহস্পতিবাৰেও উচ্ছেদ চলাবলৈ কচুতলীলৈ গৈছিল প্ৰশাসনৰ এটা দল। পুৱাৰ ভাগত আৰক্ষী আৰু প্ৰশাসনৰ দলটো সেই স্থানত উপস্থিত হোৱাৰ পাছতেই একাংশ সন্দেহযুক্ত লোকে সংঘবদ্ধ হৈ আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ ওপৰত চলালে আক্ৰমণ। সোণাপুৰৰ কচুতলীত সংঘটিত এই ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ৩০ জনৰো অধিক লোক আহত হৈছে । পৰিস্থিতি এনে পৰ্যায় পাইছিল গৈ যে, উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ ওপৰত প্ৰথমে সৰু টিলাবোৰত লুকাই থকা লোকসকলে শিলগুটিৰে আৰু পৰৱৰ্তী সময়ত লাঠি, জোং লৈ এই আক্ৰমণ সংঘটিত কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কেইবা জাঁই গুলী চলাবলগীয়া হয়। আৰক্ষীৰ এই গুলীবৰ্ষণত উচ্ছেদ চলাবলৈ

Arrest Sumi Borah | আৰক্ষীৰ জালত পৰিল মষ্ট ৱাণ্টেড চুমি-তাৰ্কিক
|

Arrest Sumi Borah | আৰক্ষীৰ জালত পৰিল মষ্ট ৱাণ্টেড চুমি-তাৰ্কিক

  অৱশেষত এছ টি এফৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা অভিনেত্ৰী চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ডিব্ৰুগড়ত গ্রেপ্তাৰ কৰা হয় চুমি-তাৰ্কিকক। এই তথ্য সামাজিক মাধ্যমযোগে অভিযুক্তৰ এখন ফটোৰ সৈতে প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। ইতিমধ্যে চুমি বৰাক ডিব্ৰুগড় মহিলা আৰক্ষী চকীলৈ প্ৰেৰণ কৰা লগতে তাৰ্কিক বৰাক ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে। দুয়োকে পৃথকে পৃথকে জেৰা চলোৱা হব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অনলাইন ট্ৰেডিং কেলেংকাৰীত বিশাল ফুকনৰ পাছতে নাম সাঙোৰ খাইছিল চুমি-তাৰ্কিকৰ। বিশালৰ গ্ৰেপ্তাৰৰ পাছতে ১০ দিনে স্বামীসহ আত্মগোপন কৰি আছিল চুমি বৰা। বুধবাৰে ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত আত্মসমৰ্পণ কৰিব বুলি নিজ মুখে জনাইছিল চুমিয়ে। আত্মসমৰ্পণ কৰিব বুলি