Weather Data Source: wetter Bangalore 14 tage

June 1, 2025 9:02 am

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » BJP | প্ৰাৰ্থী বিচাৰি হাহাকাৰ- মুৰে কপালে হাত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BJP | প্ৰাৰ্থী বিচাৰি হাহাকাৰ- মুৰে কপালে হাত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

 

হাৰিয়ানা আৰু কাশ্মীৰত নিৰ্বাচনৰ দিন ঘোষণা হল যদিওঁ এতিয়াও ঘোষণা হোৱা নাই মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন। কিন্তু হাৰিয়ানা আৰু কাশ্মীৰত দলটো পৰিছে ভয়ংকৰ সংকটত। হাৰিয়ানাত বিজেপি দলটোৱে প্রথম পৰ্যায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ বাবেই দল এৰিছে পুৰণি নেতাই। হাৰিয়ানাটো বাদেই, নিৰ্বাচনৰ দিন ঘোষণা নোহোৱা ঝাৰখণ্ডটো বিজেপিৰ অৱস্থা একেবাৰেই বেয়া। ৰাজ্যখনত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিওঁ অসমৰ মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্যখনত পূৰ্ণদ্যমত চলি আছে অপাৰেশ্যন লটাচ।
দলত বিভাজন ঘটোৱা আৰু অপাৰেশ্যন লটাচৰ জৰিয়তে নেতাক বিজেপিলৈ অনাৰ সদায় আগৰণুৱা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমান্ত বিশ্বা শৰ্মাই ঝাৰখণ্ডটো বিভিন্ন কুট কৌশল প্রয়োগ কৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনক বিজেপিলৈ অনাত সফল হল সঁচা, কিন্তু তেঁওৰ লগত নাহিল আন কোনো নেতা-কাৰ্য্যকৰ্তা। চম্পায় চোৰেনৰ লগত প্ৰায় পাঁচ গৰাকীক টাৰ্গেট কৰিছিল যদিওঁ সেই কেইগৰাকী নেতা এতিয়াও বিজেপিলৈ অহা নাই। ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা বাবুলাল মাৰাদিক আৰু অৰ্জুন মুণ্ডাক একাষৰীয়া কৰিছে বিজেপিয়ে।
যিটোক লৈ অত্যন্ত খৰ্গহস্ত হৈছে জেষ্ঠ্য কৰ্মীসকল। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হল, চৰেনক বিজেপি লৈ আনি যি লাভালাভ হব বুলি ভাবিছিল বিজেপিয়ে প্রকৃতাৰ্থত সেয়া হোৱা গৈ নাই। বৰঞ্চ দলটোৰ প্ৰাৰ্থীত্ব বিছাৰি হাহাকাৰ কৰাৰ পৰিবৰ্তে প্ৰাৰ্থী বিছাৰি ফুৰিবলগীয়া হৈছে স্বয়ং হিমান্ত বিশ্ব শৰ্মাই। চন্থাল জনগোষ্ঠীৰ লোক চম্পাই চৰেন তেঁও নিজেই এইবাৰ হাৰিব নে জিকিব সেইটোও এতিয়া সন্দেহৰ আৱৰ্তত। বিগত নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী হিচাপে প্ৰতদ্বন্দিতা আগবঢ়ায় মাত্ৰ দহ হাজাৰ ভোটৰ ব্যৱধানত জিকিছিল চম্পাই চুৰেন।
চম্পাই চুৰেণৰ সমষ্টি চৰাইকলাত আছে বহু সম্প্ৰদায়ৰ লোক। চৰেণৰ চন্থাল জনগোষ্ঠীৰ লোক সমষ্টিটোত যথেষ্ট কম আৰু বহু সম্প্ৰদায়ৰ লোকে বিজেপিক সমৰ্থন নকৰে। গতিকে চম্পাই চুৰেনৰ নিজৰেই সমস্যা হৈছে তদুপৰি চৰেনৰ বিজেপিত যোগদানে দলটোৰ মাজতেই সৃষ্টি কৰিছে অসন্তুষ্টিৰ। ইফালে ঝাৰখণ্ডত প্ৰচাৰৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীৰ বাবে চম্পাই চোৰেনেই হৈছে অন্যতম ভৰষা। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ সপোন টো বাস্তৱ ৰূপ দিয়া চম্পাই চৰেণ কিমান সফল হয় সেয়াহে হব লক্ষ্যনীয়।

 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি