সদৌ অসম প্ৰাদেশীকৃত হাইস্কুল টিউটৰ(শিক্ষক) সন্থা”ৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ আশা লৈ সন্থাৰ এটি প্ৰতিনিধি দলে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰে। সন্থাৰ হৈ সভাপতি অতুল চন্দ্ৰ ডেকা, মুখ্য সম্পাদক কুলদীপ দাস আৰু সাধাৰণ সম্পাদক ৰফিকুল ইছলামে মুখ্যমন্ত্ৰীক সাক্ষাত কৰি মুখ্যমন্ত্ৰীগৰাকীক এখন শৰাই আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সন্থাৰ বিভিন্ন সমস্যাৰ কথাখিনি দাঙি ধৰে। ইয়াৰে বিশেষকৈ দৰমহা বঢ়াই দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে অধিক গুৰুত্ব দিয়া বুলি সন্থাৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।