Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:25 am

Home » আঞ্চলিক » অসম » ধৰ্ষণ কাণ্ডত কেৱল মুছলমানেই জড়িত নে |

ধৰ্ষণ কাণ্ডত কেৱল মুছলমানেই জড়িত নে |

  • ছৈয়দ বুলবুল জামানুৰ হক
ধৰ্ষণ কাণ্ড। ধৰ্ষণ কাণ্ডসমূহ সমাজৰ বাবে যিমান ক্ষতিকাৰক, তাতকৈ অধিক ক্ষতিকাৰক যদি সেই ধৰ্ষণকাণ্ডক ধৰ্মীয় বা সাম্প্ৰদায়িক ৰূপ দিয়া হয়। প্ৰতিবেদনৰ পূৰ্বেই আমি স্পষ্ট ভাষাৰে উল্লেখ কৰিব বিচাৰো, আমাৰ প্ৰতিবেদনত অপৰাধীৰ কোনো জাতি বা ধৰ্ম নাই। অপৰাধী সদায় অপৰাধী। কিন্তু আজিৰ এই প্ৰতিবেদন তিতা-কেহা লাগিলেও ধৰ্ষণ কাণ্ডক সাম্প্ৰদায়িক ৰূপ দিব বিচৰা বা এসপ্তাহৰ ভিতৰত মিয়াক উজনি অসম খালী কৰিবলৈ হুংকাৰ প্ৰদান কৰা তথাকথিত নেতাসকলৰ বাবেহে আগবঢ়াইছো এই প্ৰতিবেদন।
যোৱা কিছুদিনৰ পৰা অসমত ধৰ্ষণ কাণ্ডই এক লজ্জাজনক পৰিবেশ সৃষ্টি কৰিছে। ৰাজ্যত ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে কেইবাটাও, ইয়াৰে বিশেষকৈ কেৱল প্ৰাধান্য পাইছে ধিঙৰ ঘটনা। ধিঙৰ ধৰ্ষণ কাণ্ডক লৈ উত্তাল হৈ পৰিছে অসমৰ ইমুৰৰ পৰা সিমুৰৰ আকাশ বতাহ। কিন্তু কেৱল ধিঙৰ ঘটনাক লৈয়েই সমগ্ৰ অসম উত্তাল কিয়। ইয়াৰ উত্তৰত সহজেই উল্লেখ কৰিব পাৰি যে ধিঙৰ এই লজ্জানত ঘটনাত মুছলমান লোক জড়িত বাবে, নহয়নে।
তেন্তে প্ৰথমে চাই লও আহক যোৱা তিনিদিনৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পোৱা ধৰ্ষণ কাণ্ডক লৈ প্ৰকাশিত বাতৰিৰ শিৰোনাম- 
ঘটনা- ১
ধিঙত টিউচনৰ পৰা ওভতাৰ পথত কিশোৰীক যৌন নিৰ্যাতন। এই ঘটনাত তফাজ্জুল ইছলাম নামৰ অভিযুক্তগৰাকীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্ট কৰোতে পুখুৰীত জাপ প্ৰাণ হেৰুৱাই
ঘটনা-২
হোজাইত শিক্ষক বিশ্বজিৎ দাসে ছাত্ৰীক ধৰ্ষণ কৰি ভিডিও প্ৰস্তুত কৰি ভাইৰেল কৰাৰ ভাবুকি
ঘটনা-৩
তিনিচুকীয়াত সাত বছৰীয়া নাৱালিকাক ধৰ্ষণ, অভিযুক্ত জন হালৈ
ঘটনা- ৪
তেজপুৰত দিব্যাংগ কিশোৰীক ধৰ্ষণ,, অভিযুক্ত আকাশ মুণ্ডাক গ্ৰেপ্তাৰ
ঘটনা- ৫
বিহালীত কিশোৰীক শ্লীলতা হানিৰ চেষ্টা, অভিযুক্ত শ্বাহৰুখ আৰু মিৰাজ আলী
ঘটনা- ৬
গুৱাহাটীৰ চান্দমাৰীত ৰমেন হালৈ নামৰ  এক পাষণ্ডই ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক
ঘটনা- ৭
তিতাবৰত নিজ বোৱাৰিক ধৰ্ষণ কৰিলে শশুৱেক অভিযুক্ত যাদৱ বৰাই
ঘটনা- ৮
মুছলপুৰত মোমায়েকৰ কামনাৰ বলি হল কিশোৰী, লম্পট ৰঞ্জিত বড়োক গ্ৰেপ্তাৰ
ঘটনা- ৯
গোৰেশ্বৰত বিশেষভাৱে সক্ষম নাৱালিকাক ধৰ্ষণ টেম্প চালকৰ, অভিযুক্ত মোস্তাব আলী
ঘটনা- ১০
ডিফুত পূজাৰীৰ কামনাৰ বলি কন্যা শিশু, আৰক্ষীৰ জিম্মাত অভিযুক্ত খনছিং ৰংহাং
শেহতীয়াকৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা এই দহটা নাৰকীয় ঘটনাৰ তিনিটা ঘটনাত অভিযুক্ত মুছলমান লোক। সকলো ধৰ্ষণ বা অপৰাধজনিত নাৰকীয় কাণ্ড কেৱল মুছলমানে কৰে বুলি কৈ সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচৰাসকলে ইয়াৰ উত্তৰ কি দিব। একাংশ তথাকথিত জাতীয় সংগঠন বা নিজৰ স্বাৰ্থ সিদ্ধৰ বাবে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচৰা লোকে বা নকবই কিয়। যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ দায়িত্বত থাকিও শান্তি-শৃংখলা বা অপৰাধজনিত ঘটনা ৰোধ কৰাত ব্যৰ্থ হৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ সকলো দোষ এটা নিৰ্দিষ্ট সম্প্ৰদায়লৈ ঠেলি দিব পাৰে, তেনে ৰাজ্যত একাংশ ভণ্ড লোক তথা তথাকথিত জাতীয় সংগঠনে মুছলমানৰ বিৰুদ্ধে টেটু ফালি চিয়ৰাটো স্বাভাৱিক। এখন ৰাজ্যৰ আইন-শৃংখলা কিমান অৱনমিত হলে ৰাজ্যখনত প্ৰতিদিনে বৃদ্ধ পাবলৈ ধৰিছে এনে নাৰকীয় ঘটনাসমূহ। অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কৰা অভিযোগ অনুসৰি অসমৰ যোৱা এটা মাহত ২৩ টাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে।
ইপিনে অপৰাধী হওক বা নহওক, আদালতে অপৰাধী বুলি প্ৰমাণ কৰাৰ পূৰ্বে আৰক্ষীয়ে আইন নিজৰ হাতত তুলি লোৱাটো যেন তেনেই স্বাভাৱিক হৈ পৰিছে এইখন অসমত। তাৰ প্ৰমাণ জ্যেষ্ঠ সংবাদিক মনোজ গোস্বামীৰ এটি ফেচবুক পোষ্ট। আজি গভীৰ নিশা অন্ধকাৰৰ সৈতে থাকিব এনকাউণ্টাৰ। আৰু সেই নিশাই সচাকৈয়েই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দি প্ৰাণ হেৰুৱালে ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জল ইছলাম। অভিযুক্ত তফাজ্জলৰ ফটোখনলৈ ভালদৰে মন কৰক, দুই হাত বান্ধি ৰখা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাটো ইমানেই সহজ নে। সাধাৰণতে অভিযুক্ত হেণ্ডকাফ লগালেও আন এটা হেণ্ডকাফ আৰক্ষীৰ হাতত থাকে, তেনেস্থালত আৰক্ষীৰ হাতৰ পৰা কোন যুক্তিত পলাব পাৰে। আনহাতে আৰক্ষীয়ে সকলো ঘটনাৰ ভিডিঅ প্ৰস্তত কৰে যদিও আজিলৈকে এনকাউণ্টাৰ হোৱা বা অভিযুক্ত পলাই যোৱাৰ কোনো এটা ঘটনাৰ ভিডিঅ আৰক্ষীয়ে প্ৰস্তুত কৰা বা সংবাদ মাধ্যমক তেনে ভিতিড যোগান ধৰা পৰিলক্ষিত নহল। অৱশ্যে এই সকলোবোৰ আদালতৰ বিচাৰ্য বিষয়। ইতিমধ্যে এনকাউণ্টাৰৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ ককৰ্থনাৰ পৰা হাত সাৰি যাব পৰা নাই আৰক্ষীয়ে। মূলতঃ আৰক্ষীয়ে যদি সচা অৰ্থত আৰক্ষীৰ কাম, আদালতে আদালতৰ কাম আৰু চৰকাৰেও যদি নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰে তেন্তে ৰাজ্যত অপৰাধজনিত ঘটনা এনেই হ্ৰাস পাব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি