| |

ধৰ্ষণ কাণ্ডত কেৱল মুছলমানেই জড়িত নে |

ছৈয়দ বুলবুল জামানুৰ হক ধৰ্ষণ কাণ্ড। ধৰ্ষণ কাণ্ডসমূহ সমাজৰ বাবে যিমান ক্ষতিকাৰক, তাতকৈ অধিক ক্ষতিকাৰক যদি সেই ধৰ্ষণকাণ্ডক ধৰ্মীয় বা সাম্প্ৰদায়িক ৰূপ দিয়া হয়। প্ৰতিবেদনৰ পূৰ্বেই আমি স্পষ্ট ভাষাৰে উল্লেখ কৰিব বিচাৰো, আমাৰ প্ৰতিবেদনত অপৰাধীৰ কোনো জাতি বা ধৰ্ম নাই। অপৰাধী সদায় অপৰাধী। কিন্তু আজিৰ এই প্ৰতিবেদন তিতা-কেহা লাগিলেও ধৰ্ষণ কাণ্ডক সাম্প্ৰদায়িক ৰূপ দিব বিচৰা বা এসপ্তাহৰ ভিতৰত মিয়াক উজনি অসম খালী কৰিবলৈ হুংকাৰ প্ৰদান কৰা তথাকথিত নেতাসকলৰ বাবেহে আগবঢ়াইছো এই প্ৰতিবেদন। যোৱা কিছুদিনৰ পৰা অসমত ধৰ্ষণ কাণ্ডই এক লজ্জাজনক পৰিবেশ সৃষ্টি কৰিছে। ৰাজ্যত ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে কেইবাটাও, ইয়াৰে বিশেষকৈ কেৱল প্ৰাধান্য পাইছে ধিঙৰ ঘটনা। ধিঙৰ ধৰ্ষণ কাণ্ডক লৈ উত্তাল হৈ পৰিছে অসমৰ ইমুৰৰ পৰা সিমুৰৰ আকাশ বতাহ।