Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:51 pm

Home » আঞ্চলিক » অসম » All Assam Tutors Teachers Association | সদৌ অসম প্ৰাদেশীকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ উত্তাল প্ৰতিবাদ

All Assam Tutors Teachers Association | সদৌ অসম প্ৰাদেশীকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ উত্তাল প্ৰতিবাদ

গুৱাহাটীঃ আজি গুৱাহাটীৰ কাহিলীপৰাত ২০২১ চনত প্ৰাদেশীকৃত শিক্ষক – শিক্ষয়িত্ৰীক টিউটৰৰ সলনি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰি প্ৰায় দুই শতাধিক টিউটৰ শিক্ষকে এই প্ৰতিবাদ সাব্যস্ত কৰে। 
টিউটৰ শিক্ষক সন্থাৰ বিষয়ববিয়া সকলে বিভিন্ন শ্লোগান সৈতে প্ৰতিবাদ সাব্যস্ত কৰি কেইবাটাও দাবী উত্থাপন কৰি কয় যে, ২০২১ চনত মাধ্যমিক বিদ্যালয় প্ৰাদেশীকৃত আইন ২০১৭ সংশোধনী ২০১৮ ৰ আধাৰত নিযুক্তি পোৱা টিউটৰ শিক্ষক কৰ্মচাৰী, অনা শিক্ষক কৰ্মচাৰী সকলৰ মাহিলী নিৰ্দিষ্ট নিম্নতম মজুৰি বাতিল কৰি বিদ্যালয় প্ৰাদেশীকৃত আইন ২০২১ সংশোধনী ২০১৩ চনত প্ৰাদেশীকৰণ কৰা শিক্ষক সকলক সম পৰ্যায়ৰ দৰমহা প্ৰদান কৰিব লাগে। 

আনহাতে উপযুক্ত অৰ্হতা থকা সত্বেও এই আইনে অনা-শিক্ষক কৰ্মচাৰী তথা চতুৰ্থ শ্ৰেণীৰ কৰ্মী তথা নিম্নবর্গৰ সহায়ক সকলক পূৰ্বৱৰ্তী প্ৰাদেশীকৃত বিদ্যালয় আৰু বিভিন্ন কাৰ্যালয়ত কৰ্মৰত কৰ্মীৰ দৰে পূৰ্ণ দৰমহা নিদি মাহিলী ৮ হেজাৰ আৰু ১০ হেজাৰ মজুৰি দিয়াকৈ সম্পূৰ্ণ যুক্তিহীন আৰু অ মানৱিক বুলি উল্লেখ কৰে৷ 
উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত বিনাচৰ্তে ”টিউটৰ” ৰ পৰা টিচাৰ কৰা, ২০-৩০ বছৰে বিনা বেতনে কাম কৰা প্ৰাদেশীকৃত শিক্ষকৰ স্নাতক ৫০ শতাংশ আৰু বি. এড বাতিল কৰা, নিযুক্তি সমাৰোহত ৩৫ হাজাৰ শিক্ষকৰ সন্মুখত ঘোষণা কৰা গ্ৰেচুইটিৰ ১০ লাখ টকা প্ৰদানৰ ব্যবস্থা কৰা, বি. এড উত্তীৰ্ণ “টিউটৰ” প্ৰধান শিক্ষক সহ – শিক্ষকৰ স্নাতক পৰীক্ষা ৫০ শতাংশ বাতিল কৰি পূৰ্ণ শিক্ষকৰ মৰ্য্যদা প্ৰদান কৰা, প্ৰাদেশীকৃত টিউটৰ (শিক্ষক) ক পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ উন্নীত নকৰা পৰ্যন্ত মৰ্য্যদা সম্পন্ন দৰমহা প্ৰদান কৰা, অনা – শিক্ষক কৰ্মচাৰী সকলক পুৰ্ণ পৰ্যায়ৰ দৰমহা প্ৰদান কৰা, ২০২১ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহলৈ বৰ্দ্ধিত বকেয়া প্ৰদান কৰা আৰু Base School সন্দৰ্ভত থকা সমস্যা সমূহ ক্ষীপ্ৰতাৰে সমাদান কৰি S.M.D.C গঠনৰ যোগেদি বিদ্যালয় সমূহ পৰিচালনাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা ধৰি সদৌ অসম প্ৰাদেশীকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ সভাপতি অতুল চন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি সুশোভন চক্ৰৱৰ্তী, মুখ্য সম্পাদক কুলদীপ দাস আৰু সাধাৰণ সম্পাদক ৰফিকুল ইছলামৰ স্বাক্ষৰিত মুঠ আঠ দফীয়া দাবী সম্বলিত এখনস্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি