| |

All Assam Tutors Teachers Association | সদৌ অসম প্ৰাদেশীকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ উত্তাল প্ৰতিবাদ

গুৱাহাটীঃ আজি গুৱাহাটীৰ কাহিলীপৰাত ২০২১ চনত প্ৰাদেশীকৃত শিক্ষক – শিক্ষয়িত্ৰীক টিউটৰৰ সলনি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰি প্ৰায় দুই শতাধিক টিউটৰ শিক্ষকে এই প্ৰতিবাদ সাব্যস্ত কৰে।  টিউটৰ শিক্ষক সন্থাৰ বিষয়ববিয়া সকলে বিভিন্ন শ্লোগান সৈতে প্ৰতিবাদ সাব্যস্ত কৰি কেইবাটাও দাবী উত্থাপন কৰি কয় যে, ২০২১ চনত মাধ্যমিক বিদ্যালয় প্ৰাদেশীকৃত আইন ২০১৭ সংশোধনী ২০১৮ ৰ আধাৰত নিযুক্তি পোৱা টিউটৰ শিক্ষক কৰ্মচাৰী, অনা শিক্ষক কৰ্মচাৰী সকলৰ মাহিলী নিৰ্দিষ্ট নিম্নতম মজুৰি বাতিল কৰি বিদ্যালয় প্ৰাদেশীকৃত আইন ২০২১ সংশোধনী ২০১৩ চনত প্ৰাদেশীকৰণ কৰা শিক্ষক সকলক সম পৰ্যায়ৰ দৰমহা প্ৰদান কৰিব লাগে।  আনহাতে উপযুক্ত অৰ্হতা থকা সত্বেও এই আইনে অনা-শিক্ষক কৰ্মচাৰী তথা চতুৰ্থ শ্ৰেণীৰ কৰ্মী তথা নিম্নবর্গৰ সহায়ক সকলক পূৰ্বৱৰ্তী প্ৰাদেশীকৃত বিদ্যালয়