Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:46 pm

Home » দেশ-বিদেশ » Rahul Gandhi : ৰায়বৰেলী সমষ্টি নিজৰ হাতত ৰাখিব ৰাহুল গান্ধীয়ে, ৱাইনাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা

Rahul Gandhi : ৰায়বৰেলী সমষ্টি নিজৰ হাতত ৰাখিব ৰাহুল গান্ধীয়ে, ৱাইনাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এৰি দিব কেৰালাৰ ৱাইনাড লোকসভা সমষ্টি। সংসদৰ নিম্ন সদনত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিব। ৰাহুল গান্ধীয়ে এৰি দিয়াৰ পিছত খালী হোৱা ৱাইনাড লোকসভা আসনৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সোমবাৰে এই তথ্য সদৰি কৰে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত খৰ্গেই সংবাদ মাধ্যমক এই কথা কয়।
কংগ্ৰেছ সভাপতিগৰাকীয়ে ক, ‘‘ৰাহুল গান্ধীয়ে দুটা লোকসভা সমষ্টিত জয়লাভ কৰিছিল, কিন্তু নিয়ম অনুসৰি তেওঁ এটা সমষ্টি এৰি দিব লাগিব। ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনখন নিজৰ হাতত ৰাখিব আৰু আমি সিদ্ধান্ত লৈছো যে প্ৰিয়ংকা গান্ধীয়ে ৱাইনাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।’’ আলোচনাত উপস্থিত আছিল কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰা।
উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে এইবাৰ লোকসভা নিৰ্বাচনত দুটা সমষ্টি ক্ৰমে ৱাইনাড আৰু ৰায়বৰেলীৰ পৰা জয়লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ কোনটো সমষ্টি এৰি দিব তাক লৈ চলিছিল চৰ্চা। কেৰালা কংগ্ৰেছৰ প্ৰমুখ কে সুধাকৰণে ইতিমধ্যে ইংগিত দিছিল যে কংগ্ৰেছ নেতাজনে ৱায়নাড আসন খালী কৰিব আৰু সেয়াই হ’ল।
লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱাইনাডত বৃহৎ জয় লাভ কৰিছিল আৰু নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী এনী ৰাজাক ৩,৬৪,৪২২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। ৰাহুল গান্ধীয়ে ৰায়বৰেলী সমষ্টিৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিছিল। তেওঁ বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাস সিঙক ৩,৯০,০৩০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে খ্যাত সমষ্টিটোত জয়লাভ কৰিছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি