|

Rahul Gandhi : ৰায়বৰেলী সমষ্টি নিজৰ হাতত ৰাখিব ৰাহুল গান্ধীয়ে, ৱাইনাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এৰি দিব কেৰালাৰ ৱাইনাড লোকসভা সমষ্টি। সংসদৰ নিম্ন সদনত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিব। ৰাহুল গান্ধীয়ে এৰি দিয়াৰ পিছত খালী হোৱা ৱাইনাড লোকসভা আসনৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সোমবাৰে এই তথ্য সদৰি কৰে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত খৰ্গেই সংবাদ মাধ্যমক এই কথা কয়। কংগ্ৰেছ সভাপতিগৰাকীয়ে ক, ‘‘ৰাহুল গান্ধীয়ে দুটা লোকসভা সমষ্টিত জয়লাভ কৰিছিল, কিন্তু নিয়ম অনুসৰি তেওঁ এটা সমষ্টি এৰি দিব লাগিব। ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনখন নিজৰ হাতত ৰাখিব আৰু আমি সিদ্ধান্ত লৈছো যে প্ৰিয়ংকা গান্ধীয়ে ৱাইনাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।’’ আলোচনাত উপস্থিত আছিল কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে চি