|

Sirat Tours & Travels | হাতিগাৱত উদ্বোধন কৰা হ’ল ছিৰাত টুউৰচ্ এণ্ড ট্রেভেলচৰ মূখ্য কাৰ্যলয়

  অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সুখবৰ। “ছিৰাত টুউৰ্চ এণ্ড ট্রেভেলচ” নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে অতি কম খৰচত হজ্ব আৰু ওমৰাহ কৰাৰ সুবিধা প্রদান কৰাৰ উদ্দেশ্যে বুধবাৰে গুৱাহাটীৰ হাতিগাওঁ চাৰিয়ালিত “ছিৰাত টুউৰচ্ এণ্ড ট্রেভেলচ”ৰ মূখ্য কাৰ্যলয় উদ্বোধন কৰা হয়। আব্ৰাৰুল হাছান মাহমুদৰ সঞ্চালনাত পৰিচালিত “ছিৰাত টুউৰচ্ এণ্ড ট্রেভেলচ”ৰ মূখ্য কার্যালয়টি শুভ উদ্বোধন কৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ৩৫ বছৰ ধৰি সেৱা আগবঢ়াই অহা নিৰ্ভৰযোগ্য তথা দেশৰ আগশাৰীৰ উমৰাহ আৰু হজ্বৰ প্ৰতিষ্ঠান “হাবিব টুউৰচ্ এণ্ড ট্রেভেলচ”ৰ সঞ্চালক আলহাজ মৌলানা জেহেৰুল ইছলামে। মৌলানা ফখৰুদ্দিন আহমেদ কাছিমীৰ সঞ্চালনাত চলা উদ্বোধনী অনুষ্ঠানটিত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত এ,চি,এছ, বিষয়া এমৰাণ হুছেইন খন্দকাৰ, অসম চৰকাৰৰ প্ৰাক্তন বিষয়া আবুল কাছিম, বিশিষ্ট ব্যৱসায়ী আব্দুল মজিদ,