| | | |

Shaima Naushin’s achievements in NEET exam | নীট পৰীক্ষাত শ্বাইমা নৌশ্বিনৰ কৃতিত্ব

 গুৱাহাটীঃ মঙলবাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীটত ৬৫৮ নম্বৰ লাভ কৰি উজ্বলি উঠিল শ্বাইমা নৌশ্বিন। গুৱাহাটীৰ এলেনত কোচিং কৰি প্ৰথমবাৰতেই এই কৃতিত্ব অৰ্জন কৰে ছাত্ৰীগৰাকীয়ে। উল্লেখ্য যে শ্বাইমা নৌশ্বিনে ছাউথ পইণ্ট স্কুলৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ 92.4 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰখা শ্বাইমা নৌশ্বিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহজাহান আলী আৰু গুৱাহাটীৰ হাতীগাঁও হাইস্কুলৰ শিক্ষয়িত্ৰী আছফিয়া আহমেদৰ ডাঙৰ জীয়ৰী। শ্বাইমা নৌশ্বিনৰ এই ফলাফলত শিক্ষা প্ৰতিষ্ঠানৰ লগতে অঞ্চলবাসীয়েও উৎফুল্লিত হৈ পৰাৰ লগতে বিভিন্নজনে অভিনন্দন জনাইছে।