Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:17 am

Home » ক্ৰীড়া » IPL 2024 Champion KKR- ফাইনেলত হায়দৰাবাদৰ অসহায় আত্মসমৰ্পন; ১০ বছৰ পিছত পুনৰ চেম্পিয়ন কলকাতা

IPL 2024 Champion KKR- ফাইনেলত হায়দৰাবাদৰ অসহায় আত্মসমৰ্পন; ১০ বছৰ পিছত পুনৰ চেম্পিয়ন কলকাতা

 

 কলকাতা নাইট ৰাইডাৰ্ছে ১৪খন মেচত ৯খন জয় আৰু ২০ পইণ্ট লাভ কৰি লীগ টেবুলৰ এক নম্বৰৰ পৰা প্লে অফত প্ৰৱেশ কৰিছিল। আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৪খন মেচত ৮খনত জয়েৰে ধৰি ১৭ পইণ্ট লাভ কৰি দ্বিতীয় স্থানৰ পৰা প্লে অফত প্ৰৱেশ কৰিছিল।

পিছত আই পি এল ২০২৪ৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ফাইনেলৰ পোনপটীয়া টিকট লাভ কৰিছিল কলকাতাই। প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱাৰ পিছতো ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰত জয়লাভ কৰি ছানৰাইজাৰ্ছে খিতাপ যুঁজৰ টিকট নিশ্চিত কৰিছিল।

এইবাৰ চিপকত প্ৰতিযোগিতাৰ ফাইনেলত পুনৰ মুখামুখি হয় কলকাতা আৰু হায়দৰাবাদ। শেষত হাই ভল্টেজ ফাইনেলখনত কলকাতাই হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়টো আই পি এল খিতাপ দখল কৰে।

৩ অভাৰত মাত্ৰ ১৪ ৰান দি ২ টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে। তেওঁ ২টা কেচো ধৰিছিল।ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ১১৩ ৰানৰ প্ৰত্যুত্তৰত কেকেআৰে ১০.৩ অভাৰতে ২টা উইকেটৰ বিনিময়ত ১১৪ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। ৫৭টা বল বাকী থকা অৱস্থাত নাইট ৰাইডাৰ্ছে ৮ উইকেটত জয়লাভ কৰে।

আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছ ১০ বছৰৰ পাছত পুনৰ চেম্পিয়ন হয়। ২০১২ আৰু ২০১৪ চনৰ পিছত ২০২৪ চনত কেকেআৰে আইপিএলৰ ট্ৰফী লাভ কৰিলে। এয়া তেওঁলোকৰ তৃতীয়টো আই পি এল খিতাপ। ২৬টা বলত ৫২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ভেংকটেশ আয়াৰ। অধিনায়ক শ্ৰেয়াছে কৰে ৬ ৰান।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি