IPL 2024 Champion KKR- ফাইনেলত হায়দৰাবাদৰ অসহায় আত্মসমৰ্পন; ১০ বছৰ পিছত পুনৰ চেম্পিয়ন কলকাতা
কলকাতা নাইট ৰাইডাৰ্ছে ১৪খন মেচত ৯খন জয় আৰু ২০ পইণ্ট লাভ কৰি লীগ টেবুলৰ এক নম্বৰৰ পৰা প্লে অফত প্ৰৱেশ কৰিছিল। আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৪খন মেচত ৮খনত জয়েৰে ধৰি ১৭ পইণ্ট লাভ কৰি দ্বিতীয় স্থানৰ পৰা প্লে অফত প্ৰৱেশ কৰিছিল। পিছত আই পি এল ২০২৪ৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ফাইনেলৰ পোনপটীয়া টিকট লাভ কৰিছিল কলকাতাই। প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱাৰ পিছতো ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰত জয়লাভ কৰি ছানৰাইজাৰ্ছে খিতাপ যুঁজৰ টিকট নিশ্চিত কৰিছিল। এইবাৰ চিপকত প্ৰতিযোগিতাৰ ফাইনেলত পুনৰ মুখামুখি হয় কলকাতা আৰু হায়দৰাবাদ। শেষত হাই ভল্টেজ ফাইনেলখনত কলকাতাই হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়টো আই পি এল খিতাপ দখল কৰে। ৩ অভাৰত মাত্ৰ ১৪ ৰান দি ২ টা উইকেট