Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:23 am

Home » ক্ৰীড়া » IPL 2024 Final | আই পি এলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদ

IPL 2024 Final | আই পি এলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদ

স্নায়ুযুঁজত ৰাজস্থানৰ বিদায়! আই পি এলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদে। দুয়োটা দলেই এবাৰকৈ জিকিছে আই পি এল ট্ৰফী। ছানৰাইজাৰ্ছ হায়দৰাবাদে শেষবাৰৰ বাবে ২০১৬ চনত খিতাপ লাভ কৰিছিল । আৰু ২০০৮ চনৰ উদ্বোধনী ছিজনত ট্ৰফী জয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ বাবে ট্ৰফী জয়ৰ সপোনে খেদি ফুৰিছিল। ফলত দুয়োটা দলে দ্বিতীয়বাৰ ট্ৰফী জয়ৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ উন্মুখ হৈ পৰিছিল। আৰু সেই যুঁজত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৩৬ ৰানত জয়লাভ কৰে। ইতিমধ্যে ফাইনেলৰ টিকট নিশ্চিত কৰা কলকাতা নাইটছে পেট কামিন্সৰ দলৰ বাবে অপেক্ষা কৰি আছে।

চলিত আই পি এলত ৰাজস্থান আৰু হায়দৰাবাদৰ শক্তি প্ৰায় সমান। সঠিক সময়ত তেওঁলোকৰ সকলো অস্ত্ৰ সম্ভাৰ উজলি উঠিছে। আই পি এলৰ দুই আৰু তিনি নম্বৰৰ দলটো বেটিং আৰু বলিং দুয়োটা দিশতে যথেষ্ট শক্তিশালী। কিন্তু কোৱালিফায়াৰৰ যুঁজত ধ্ৰুৱ জুৰেলৰ একক যুঁজখন কামত নাহিল। শ্বাহবাজৰ দুৰ্দান্ত বলিঙে ডাঙৰ সকাহ দিলে ছানৰাইজাৰ্ছক।

ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰা হায়দৰাবাদৰ বিধ্বংসী অভিলেখ মনত ৰাখিও সঞ্জুৱে ৰিস্ক লয়। বলাৰ সকলেও নিজৰ অধিনায়কক যথেষ্ট সহায় আগবঢ়ায়।
প্ৰথম অভাৰতে ট্ৰেণ্ট বল্টে ফৰ্মত থকা অভিষেক শৰ্মাক ১২ ৰানত ঘূৰাই পঠিয়ায়। তাৰপৰা হেড (৩৪) আৰু ৰাহুল ত্ৰিপাঠীয়ে ৩৭ ৰান কৰি হায়দৰাবাদৰ বেটিং নিয়ন্ত্ৰণ কৰে। অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকী ক্ৰমান্বয়ে পুনৰ চিনাকি ছন্দলৈ ঘূৰি আহিছিল। ঠিক সেই সময়ত বল্টে পুনৰ আঘাত কৰে (৪৫/৩)। তেওঁ একেটা অভাৰতে ত্ৰিপাঠী আৰু মাৰ্কৰাম (১)ক ঘূৰাই পঠিয়ায়।

ইয়াৰ পিছতে সন্দীপ শৰ্মাৰ বলত সোনকালেই উভতি যায় হেড। আভেছ খানহঁতৰ আধিপত্যৰ পিছতো অলপ যুঁজ দি অৰ্ধ শতক কৰে ক্লাচেনে । ফলত হায়দৰাবাদ ১৭৫ ৰানত ৰৈ যায়। এই স্ক’ৰ চেন্নাইৰ খেলপথাৰৰ হিচাপত একেবাৰে বেয়া নাছিল। এই ছিজনত ইয়াত কোনো দলেই বেছি ৰান কৰিব পৰা নাই। মুষ্টিমেয় মেচত ২০০ৰো অধিক ৰান সংগ্ৰহ কৰা হৈছে। তদুপৰি হায়দৰাবাদৰ বলিঙত পেট কামিন্স, ভুৱনেশ্বৰ কুমাৰ, নটৰাজানৰ দৰে পৰাক্ৰমী বলাৰ আছে। ৰাজস্থানৰ অ’পেনাৰ কাডমৰে ইয়াৰ প্ৰভাৱ অনুভৱ কৰে। দেশৰেই জোছ বাটলাৰ উভতি যোৱাৰ পিছত ইংলেণ্ডৰ এই বেটছমেনগৰাকীয়ে তেওঁৰ থাই পূৰোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

তেওঁ আউট হৈ ঘূৰি যোৱাৰ পিছত ৰাজস্থানে যশস্বী জয়ছোৱালৰ বেটত বিজয়ৰ সপোন দেখিবলৈ আৰম্ভ কৰে। কিন্তু শ্বাহবাজ আহমেদৰ স্পিনত ধৰা পৰিল যশস্বী। পৰৱৰ্তী অভাৰত অধিনায়ক সঞ্জু অভিষেক শৰ্মা ৰ বলত উভতি যায়। এইবাৰ আইপিএলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা অসমৰ ৰিয়ান পৰাগো ব্যৰ্থ হয়। বেংগালুৰুৰ মেচৰ নায়ক হেটমায়াৰ পাৱেলছো দ্ৰুতভাৱে উভতিল। ধ্ৰুৱ জুৰেলৰ একক যুঁজখনে কাম নকৰিলে। শেষত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৩৬ ৰানত জয়লাভ কৰে।

ফাইনেলত হায়দৰাবাদৰ বাবে অপেক্ষা কৰি আছে কলকাতা নাইট ৰাইডাৰ্ছ। প্ৰথম কোৱালিফায়াৰত একপক্ষীয় প্ৰতিযোগিতাত পেট কামিন্সক পৰাস্ত কৰে কলকাতাই। ফাইনেলত হায়দৰাবাদে তাৰ প্ৰতিশোধ লব পাৰিবনে? নে গম্ভীৰৰ পৰিকল্পনাত কলকাতাৰ হাতত ধৰাশায়ী হৈ পৰিব ছানৰাইজাৰ্ছ? তাৰ বাবে ক্ৰিকেট প্ৰেমীসকলে ২৬ মে’ৰ মহাযুদ্ধলৈ আগ্ৰহেৰে বাট চাই ৰৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি