Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:05 pm

Home » আঞ্চলিক » অসম » Assamese Love Story | ‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’

Assamese Love Story | ‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’

‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী  
 
প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম হ’ল দুখন আত্মাৰ মিলন। প্ৰেম জনমে-জনমে। সঁচা প্ৰেমত নাথাকে শাৰীৰিক সুখ। প্ৰকৃত প্ৰেম হৈছে এক নিঃচৰ্ত আৰু নিস্বাৰ্থ মৰম, ভালপোৱাৰ চিৰপ্ৰবাহমান সূঁতি। ‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’৷ খুব কম মানুহেহে এই কথা ক’ব পাৰে৷ হুইল চেয়াৰত জীৱন কটোৱা চিৰঞ্জীৱৰ প্ৰেমত পৰিল নিশিতা৷ ফেচবুকৰ মেচেঞ্জাৰৰ পৰা আৰম্ভ দুয়োৰে প্ৰেমে পালে পূৰ্ণতা৷ স্বামী-স্ত্ৰীয়ে মিলি লখিমপুৰ বাইপাছত খুলিলে এখন সৰু ৰেষ্টুৰেন্ট৷

লখিমপুৰৰ চিৰঞ্জীৱ আৰু নিশিতাৰ প্ৰেম কাহিনী এয়া। হুইল চেয়াৰতে জীৱন কটোৱা চিৰঞ্জীৱ প্ৰেমত পৰিল নিশিতাৰ। ফেচবুকত চিনাকি নিশিতা বড়োৰ প্ৰেমত পৰিল চিৰঞ্জীৱ হাজং। অৱশেষত দুয়ো আৱদ্ধ হ’ল বিবাহ পাশত। বৰ্ত্তমান দুয়োৰে চলিছে এখন সুখৰ সংসাৰ। বিশেষভাৱে সক্ষম হ’লেও আনৰ ওপৰত নিৰ্ভৰশীল হ’ব নিবিচাৰে চিৰঞ্জীৱে। সেয়ে লখিমপুৰৰ চৰাইমৰীয়াৰ বাইপাছত দুয়োয়ে আৰম্ভ কৰিলে এখন সৰু ৰেষ্টুৰেন্ট।

‘চিৰঞ্জীৱ ফাষ্টফুড’ নামেৰে আৰম্ভ কৰা ৰেষ্টুৰেন্টখনত দুয়োয়ে গ্ৰাহকক বিভিন্ন পছন্দৰ খাদ্য যোগান ধৰাৰ লগতে এই কামত তেওঁলোকক সহায় কৰে মাতৃয়ে। খুব ধুনীয়াকৈ বাঁহীও বজায় চিৰঞ্জীৱে। চিৰঞ্জীৱ আৰু নিশিতাৰ এই প্ৰেম অমৰ হওঁক। যুগ যুগান্তৰলৈ বৈ থাকক তেওঁলোক মৰম, বিশ্বাস আৰু ভালপোৱাৰ সুঁতিখন। এয়াই আমাৰ কামনা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি