NEMSU | নেমছুৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস লালপুল হাইস্কুল খেলপথাৰত ২৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্ক্ৰমণিকাৰে উদযাপন কৰা হয়। নেমছুৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানৰ অন্তিম দিনৰ কাৰ্যসূচীত তথা মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া চমুকৈ আৰ পি আই (আথাৱালে)ৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে। স্থানীয় বিশিষ্ট ব্যক্তি আব্দুল আলীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত অংশগ্ৰহণ কৰি আৰ পি আইৰ নেতা ৰেজাউল কৰিমে নিজৰ ভাষণত সংখ্যালঘু লোকক যাতে আৰু কোনেও ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে আৰু চৰকাৰ সৈতে মিলি থাকি সংখ্যালঘু লোকসকলে নিজৰ মৌলিক অধিকাৰ নিজে আদায় কৰি লোৱাৰ বাবে সংখ্যালঘু লোকসকলক সজাগ