Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:43 am

Home » আঞ্চলিক » অসম » IPS Anand Mishra- চাকৰি এৰিলে আই পি এছ আনন্দ মিশ্রই

IPS Anand Mishra- চাকৰি এৰিলে আই পি এছ আনন্দ মিশ্রই

· লাগে মুক্ত আৰু স্বাধীন জীৱন
· চাকৰি এৰিলে আই পি এছ আনন্দ মিশ্রই
· মুখ্য সচিবলৈ পদত্যাগ পত্ৰ প্ৰেৰণ

গুৱাহাটী : চাকৰি এৰিলে ভাৰতীয় পুলিচ সেৱাৰ (আই পি এছ) বিষয়া আনন্দ মিশ্রই। বর্তমানে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কার্যনির্বাহ কৰি থকা আই পি এছ বিষয়াজনে চাকৰিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰি ৰাজ্যৰ মুখ্য সচিবলৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰে। 
যোৱা ১৮ ডিচেম্বৰত তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙৰ জৰিয়তে এই পদত্যাগ পত্রখন মুখ্য সচিবলৈ প্রেৰণ কৰিছে আৰু ১৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰাৰ কথা উল্লেখ কৰিছে। ২০১১ চনৰ মেঘালয় কেডাৰৰ আই পি এছ বিষয়াজনে পদত্যাগ পত্ৰত উল্লেখ কৰিছে যে তেওঁ মুক্ত আৰু স্বাধীন জীৱন যাপন কৰাৰ লগতে বিভিন্ন সামাজিক কাম-কাজত জড়িত হৈ পৰাৰ ইচ্ছা প্রকাশ কৰিছে। সেয়েহে বিনাচৰ্তে তেওঁ ভাৰতীয় পুলিচ সেৱাৰ পৰা আঁতৰি যাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। গতিকে এই পত্ৰখনক তেওঁ আই পি এছৰ পৰা পদত্যাগপত্র হিচাপে গ্রহণ কৰিবলৈ মুখ্য সচিবক আবেদন জনাইছে। লগতে তেওঁক শীঘ্রে দায়িত্বৰ পৰা মুকলি কৰি দিয়াৰ উপৰি বিত্তীয় লেনদেনসমূহ নিষ্পত্তি কৰিবলৈকো পত্ৰখনত উল্লেখ কৰিছে।
উল্লেখ্য যে অসম-মেঘালয় কেডাৰৰ এই আই পি এছ বিষয়াজনে বিভিন্ন সময়ত বিভিন্ন কামৰ জৰিয়তে চর্চিত হৈ আহিছে। বিশেষকৈ তেওঁ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ত কীর্তিকমল বৰা নামৰ ছাত্রনেতাজনক এনকাউণ্টাৰ কৰিছিল আৰু তেওঁক ড্ৰাগছ সৰবৰাহকাৰী সজাব বিচাৰিছিল। কিন্তু পিচত তদন্তত এই কথা ভুৱা বুলি প্রমাণিত হয় আৰু আৰক্ষীয়ে যুৱকজনক কৰা এনকাউন্টাৰ ভুৱা আছিল বুলি ওলাই পৰে। এই ঘটনাই সেই সময়ত ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। ৰাজ্য চৰকাৰে বৰ্তমানৰ মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত সেই সময়ত গঠন কৰি দিয়া তদন্ত সমিতিয়ে সমগ্ৰ ঘটনাৰ বাবে আনন্দ মিশ্রকেই জগৰীয়া কৰিছিল। 
একেদৰে সততে সামাজিক মাধ্যমত চৰ্চিত হৈ থকাৰ বাবে সংশ্লিষ্ট বিভাগৰ উৰ্ধতন বিষয়াসকলৰ লগতে স্বয়ং মুখ্যমন্ত্ৰীয়েও আওপকীয়াকৈ জগৰীয়া কৰা পৰিলক্ষিত হৈছিল। এক কথা আৰক্ষী বিভাগৰ মুক্ত আৰু স্বয়ংভাৱে কাম কৰিব নোৱাৰাৰ বাবেই আনন্দ মিশ্ৰই পদত্যাগ কৰা বিভিন্নজনে সন্দেহ প্ৰখাস কৰিছে। ইফালে বিষয়াজনে পদত্যাগৰ পিচত সামাজিক কাম-কাজত জড়িত হ’ব বুলি উল্লেখ কৰিছে যদিও প্রকৃততে তেওঁ ৰাজনীতিত যোগদান কৰিব পাৰে বুলিও বিভিন্ন পক্ষই মন্তব্য কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি