IPS Anand Mishra- চাকৰি এৰিলে আই পি এছ আনন্দ মিশ্রই
· লাগে মুক্ত আৰু স্বাধীন জীৱন · চাকৰি এৰিলে আই পি এছ আনন্দ মিশ্রই · মুখ্য সচিবলৈ পদত্যাগ পত্ৰ প্ৰেৰণ গুৱাহাটী : চাকৰি এৰিলে ভাৰতীয় পুলিচ সেৱাৰ (আই পি এছ) বিষয়া আনন্দ মিশ্রই। বর্তমানে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কার্যনির্বাহ কৰি থকা আই পি এছ বিষয়াজনে চাকৰিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰি ৰাজ্যৰ মুখ্য সচিবলৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰে। যোৱা ১৮ ডিচেম্বৰত তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙৰ জৰিয়তে এই পদত্যাগ পত্রখন মুখ্য সচিবলৈ প্রেৰণ কৰিছে আৰু ১৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰাৰ কথা উল্লেখ কৰিছে। ২০১১ চনৰ মেঘালয় কেডাৰৰ আই পি এছ বিষয়াজনে পদত্যাগ পত্ৰত উল্লেখ কৰিছে যে তেওঁ মুক্ত আৰু স্বাধীন জীৱন যাপন কৰাৰ লগতে বিভিন্ন