Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:21 pm

Home » আঞ্চলিক » অসম » Sherman Ali Ahmed -মিথ্যাচাৰৰ আশ্রয়ঃ বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে গোৱালপাৰা আদালতত গোচৰ

Sherman Ali Ahmed -মিথ্যাচাৰৰ আশ্রয়ঃ বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে গোৱালপাৰা আদালতত গোচৰ

গোৱালপাৰাঃ নির্বাচনী ইস্তাহাৰত মিথ্যাচাৰৰ আশ্রয় লৈ নির্বাচনত জয়ী হোবা বুলি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া চমুকৈ আৰপিআই আথাৱালেৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে গোৱালপাৰা আদালতত এক গোচৰ ৰুজু কৰিছে। 
আৰ পি আইৰ নেতা ৰেজাউল কৰিমে বাঘবৰ সমষ্টিত বৰপেটাৰ পৰা বাঘবৰলৈ দ্বৈত লাইনযুক্ত পথ নির্মাণৰ বাবে এশ কোটি টকা, বাঘবৰ মডেল ডিগ্রী কলেজৰ বাবে ১২ কোটি টকাৰ লগতে জলজলী-শিমলীতোলা দলঙৰ কাম অনুমোদন কৰাইছিল; কিন্তু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমানান আলীয়ে এই গুৰুত্বপূর্ণ তিনিটা কাম তেওঁ কৰা বুলি নির্বাচনী ইস্তাহাৰত প্রকাশ কৰি নির্বাচনত জয়ী হৈছিল। ফলত বিধায়কগৰাকীৰ বিৰুদ্ধে গোৱালপাৰা আদালতত ৯৯/২০২১ নম্বৰত এক ৰুজু কৰে। 
উক্ত গোচৰ তৰাৰ পাছত বিধায়ক শ্বেৰমান আলীয়ে মাত্র এবাৰ আদালতত হাজিৰ হৈ জামিন লৈছিল। ইয়াৰ পাছত আদালতে বাৰে বাৰে হাজিৰ হ’বলৈ নির্দেশ দিয়াৰ সমান্তৰালকৈ যোৱা ২০ ডিচেম্বৰতো বিধায়কগৰাকীক গোৱালপাৰা আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিয়ে। কিন্তু পূৰ্বৰ দৰেই সেইদিনাও আদালতত অনুপস্থিত থাকে বিধায়ক শ্বেৰমান আলী আহমেদে। সেয়ে অহা বৰ্ষৰ ৫ জানুৱাৰীত পুনৰ বিধায়কগৰাকীক আদালতত হাজিৰ হবলৈ আন এক নিৰ্দেশনা জাৰী কৰে। 
এই সন্দৰ্ভত আৰ পি আইৰ নেতা ৰেজাউল কৰিমে কয় যে আদালতৰ ওপৰত তেওঁৰ সম্পূর্ণ আস্থা আছে আৰু বাৰে বাৰে আদালতক অবমাননা কৰা বিষয়টোৰ ওপৰত আদালতে নিশ্চয় ব্যৱস্থা গ্রহণ কৰিব বুলি তেওঁ আশাবাদী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি