Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:25 am

Home » আঞ্চলিক » অসম » Oil India Limitedৰ নামত স্মাৰ্ট আৰক্ষীৰ স্মাৰ্ট প্ৰতাৰণা

Oil India Limitedৰ নামত স্মাৰ্ট আৰক্ষীৰ স্মাৰ্ট প্ৰতাৰণা

এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, এটেনশ্যন অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়, এটেনশ্যন অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষ, আপোনাৰ নাকৰ তলতেই স্মাৰ্ট আৰক্ষীয়ে স্মাৰ্ট প্ৰতাৰণাৰে মুকলি আকাশৰ তলত বুকু ফিন্দাই ফুৰিছে। Don’t care CM, DGP.
প্ৰসঙ্গ- ভাতৃৰ সহযোগত অইল ইণ্ডিয়াৰ নামত নথি জালিয়াতি কৰি প্ৰতাৰণাৰে অবাধ ধন সংগ্ৰহ অসম আৰক্ষীৰ কনিষ্টবল জাকিৰ হুছেইনৰ, Rank- ABC/199, Desig- AB Constable, Org- Barpeta D.E.F.
ইতিমধ্যে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙলৈ প্ৰেৰণ কৰা অভিযোগ অনুসৰি এইগৰাকী জাকিৰ হুছেইন নামৰ লোকজনে নিজ ভাতৃৰ সহযোগত আজিৰ পৰা প্ৰায় ৪ বছৰমান আগতে Oil India Limited, দুলীয়াজানত মহিন্দ্ৰা বলেৰ গাড়ী ভাড়া দিয়াৰ নামত কু-চক্ৰান্ত তথা ষড়যন্ত্ৰ কৰি প্ৰতাৰণামূলকভাৱে বৰপেটা জিলাৰ গান্ধাৰীপাৰাৰ নুৰুল আমিনৰ পৰা ৩,৫১,০০০ (তিনি লাখ একাৱন হাজাৰ)টকা নিয়ে। তাৰ বিনিময়ত ভূক্তভোগী নুৰুল আমিনৰ একাউণ্টত মাহে প্ৰতি ২৫,৪০০ (পচিশ হাজাৰ চাৰিশ) টকাকৈ জমা হব আৰু চাৰি বছৰ অন্তত উক্ত বলেৰ গাড়ীখন ঘূৰাই পাব বুলি প্ৰতিশ্ৰুতি দিছিল। সেইমতে Oil India Limitedৰ অফিচিয়েল নথি-পত্ৰ নুৰুল আমিনৰ মোবাইললৈ প্ৰেৰণ কৰে। পিছত এনেবোৰ চলাহী কথাত বিশ্বাস কৰি অসম আৰক্ষীৰ কনিষ্টবল জাকিৰ হুছেইনৰ কথামতে পি গগৈ নামৰ নামৰ লোক এজনৰ একাউণ্টত সময়ে সময়ে টকাখিনি দিয়ে। পৰৱৰ্তী সময়ত ভূক্তভোগী নুৰুল আমিনে কোনো টকা লাভ নকৰাত খবৰ লৈ জানিব পাৰে যে Oil India Limitedৰ নামত প্ৰেৰণ নথিসমূহ আছিল ভূৱা তথা নিজেই জালিয়াতি প্ৰতাৰণাৰে ধন সংগ্ৰহ কৰাৰ এক নিকৃষ্ট কাণ্ডহে। নুৰুল আমিনৰ লেখিয়াকৈ উত্তৰ আঠিয়াবাৰীৰ হাবিবুল হকৰ পৰা ৭,০২,০০০ (সাত লাখ দুই হাজাৰ) আৰু মৈৰাঝাৰ গাৱৰ মনছুৰ আলম খানৰ পৰাও ৩,৫১,০০০ (তিনি লাখ একাৱন হাজাৰ) টকা লৈছিল অভিযুক্ত অসম আৰক্ষীৰ কনিষ্টবল জাকিৰ হুছেইনে। পৰৱৰ্তী সময়ত টকাখিনি ঘূৰাই বিচৰাত আজি দিম, কালি দিম বুলি কৈ টকাখিনি নিদি প্ৰতাৰণা আৰু হাৰাশাস্তি কৰি অহাৰ লগতে ভূক্তভোগীক প্ৰাণে মৰাৰ ভাবুকিহে দিয়ে।
আনহাতে অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি নিজ ভাতৃৰ সহযোগত অভিযুক্ত জাকিৰ হুছেইনে এনেদৰে বহুজনৰ পৰা প্ৰতাৰণাৰে ধন সংগ্ৰহ কৰি বৰপেটাৰোডৰ বিভিন্ন ঠাইত মাটি-বাৰী কৰি অবাধে পাহাৰসম সম্পত্তি গঢ়ি তোলাৰ লগতে কেইবাটাও জেচিবি, ফকলিন গাড়ীৰ গৰাকীও হবলৈ সক্ষম হৈছে। আনহাতে বহু লোকৰ পৰা অভিযুক্ত জাকিৰ হুছেইনে ভাতৃৰে মিলি চাকৰি দিয়াৰ নামতো ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে। অসম আৰক্ষীৰ সামান্য এটা কনিষ্টবল পদত চাকৰি কৰি জাকিৰ হুছেইন আৰু তেওঁৰ ভাতৃ আয়ুৱ হুছেইনে কোনো ব্যৱসায় বা ডাঙৰ দৰমহাধাৰী চাকৰি নকৰাকৈয়ে কিদৰে ইমান বিশাল সম্পত্তিৰ গৰাকী হব পাৰিলে, কেইবাটাও জেচিবি, ফকলিন গাড়ীৰ গৰাকীও হবলৈ পালে সেয়া এক লাখটকীয়া প্ৰশ্ন।
ফলত প্ৰতাৰক ভাতৃদ্বয়ৰ সম্পত্তিৰ তদন্ত কৰাৰ লগতে নথি জালিয়াতি কৰি প্ৰতাৰণাৰে সংগ্ৰহ কৰা প্ৰাপ্য ধন ঘূৰাই পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে ৰক্ষক নামত ভক্ষকৰ ৰূপ ধাৰণ কৰা লোকে এনেদৰে প্ৰতাৰণা কৰি অসম আৰক্ষীক বদনাম কৰা বিষয়টোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ভূক্তভোগীয়ে অভিযোগ পত্ৰৰ জৰিয়তে দাবী জনায়।
মন কৰিবলগীয়া যে অইল ইণ্ডিয়া লিমিটেডৰ নামত জালিয়াতি কৰাৰ পিছতো সংশ্লিষ্ট কোম্পানীয়ে অভিযোগ লাভ কৰা সত্বেও জালিয়াতি কাণ্ড সংঘটিত কৰা লোকৰ বিৰুদ্ধেও কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰাটো আন এক সাথৰ হিচাপে বিবেচিত হৈছে। নে এনে জালিয়াতি কাণ্ডত স্বয়ং অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষ জড়িত হৈ আছে সেয়াও সন্দেহৰ আৱৰ্তত।
পিছে এই প্ৰতিবেদনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও কি ব্যৱস্থা হাতত লয়, সেয়া হব লক্ষণীয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি